ভাৰতৰ ভুৱনেশ্বৰক পিছ পেলাই বিশ্ব ৰেকৰ্ডৰ গৰাকী হ’ল পাকিস্তানৰ শ্বাহিন আফ্ৰিডী

ভাৰতৰ ভুৱনেশ্বৰক পিছ পেলাই বিশ্ব ৰেকৰ্ডৰ গৰাকী হ’ল পাকিস্তানৰ শ্বাহিন আফ্ৰিডী

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ভাৰতৰ ভুৱনেশ্বৰক পিছ পেলাই বিশ্ব ৰেকৰ্ডৰ গৰাকী হ’ল পাকিস্তানৰ শ্বাহিন আফ্ৰিডী

পাকিস্তানৰ শ্বাহিন আফ্ৰিডীৰ নামত নামাংকিত হ’ল এক বিশেষ বিশ্ব ৰেকৰ্ড। পূৰ্বে এই ৰেকৰ্ড আছিল ভাৰতৰ সুদক্ষ বলাৰ ভুৱনেশ্বৰ কুমাৰৰ নামত।

এতিয়া ভাৰতীয় বলাৰ গৰাকী এই তালিকাৰ দ্বিতীয় স্থানলৈ অৱনমিত হৈছে। পাকিস্তানৰ আফ্ৰিডীয়ে ভুৱনেশ্বৰত পিছ পেলাই শীৰ্ষত উপনীত হয়।

ক্ৰিকেটৰ পথাৰত টি-২০ খেলত প্ৰথমটো অভাৰতে সবাতোকৈ অধিক উকেইট দখলকাৰীৰ ৰেকৰ্ড গঢ়ে পাকিস্তানৰ সুদক্ষ বলাৰ শ্বাহিন আফ্ৰিডীয়ে। আফ্ৰিডীয়ে সদ্যহতে চলি থকা নিউডিলেণ্ড বনাম পাকিস্তানৰ খেলত এই বিশ্ব ৰেকৰ্ডৰ গৰাকী হয়।

শ্বাহিন আফ্ৰিডীয়ে বৰ্তমনালৈ প্ৰথমটো অভাৰতে ৫০ টা উইকেট দখল কৰে। ইয়াৰ বিপৰীতে ভাৰতৰ ভুৱনেশ্বৰ কুমাৰে এতিয়ালৈকে প্ৰথমটো অভাৰত ৪৬ টা উইকেট দখল কৰি এই তালিকাৰ দ্বিতীয়ত আছে।

টি -২০ ক্ৰিকেট খেল পথাৰত প্ৰথমটো অভাৰতে উইকেট দখলকাৰী শীৰ্ষ ৫ খেলুৱৈ হৈছে-
শ্বাহিন আফ্ৰিডী- ৫০ উইকেট (পাকিস্তান)
ভুৱনেশ্বৰ কুমাৰ- ৪৬ উইকেট (ভাৰত)
মহম্মদ আমিৰ- ৪১ উইকেট (পাকিস্তান)
শোহেল তনবীৰ- ৩৯ উইকেট (পাকিস্তান)
ডেবিড উইলী- ৩৭ উইকেট (ইংলেণ্ড)

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *