ভাৰতীয় ফুটবলত যুগাৱসান, অৱসৰ ল’লে অধিনায়ক সুনীল ছেত্ৰীয়ে, অৱসৰৰ সময়ত কি ক’লে সুনীল ছেত্ৰীয়ে?

ভাৰতীয় ফুটবলত যুগাৱসান, অৱসৰ ল’লে অধিনায়ক সুনীল ছেত্ৰীয়ে, অৱসৰৰ সময়ত কি ক’লে সুনীল ছেত্ৰীয়ে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

জন্ম ছেকেন্দ্ৰাবাদত৷ পঢ়াশুনা দিল্লীত৷ খেলাধুলাৰ আৰম্ভনিও দিল্লীতেই৷ কিন্তু ফুটবল কেৰিয়াৰৰ প্রথম চাৰি বছৰ খেলিছে কলকাতাৰ মোহনবাগানত৷ ইষ্টবেংগলৰ হৈ খেলিছে দুবছৰ৷ কলকাতাতেই দেশৰ জাৰ্ছি পিন্ধি জীৱনৰ শেষ মেচো খেলিলে সুনীল ছেত্ৰীয়ে৷ সুনীল ছেত্ৰীৰ অৱসৰৰ লগে লগেই অৱসান ঘটিল এটা যুগৰ৷

বৃহস্পতিবাৰে পুৱাই সামাজিকমাধ্যমযোগে এক ভিডিঅ’বাৰ্তা শ্বেয়াৰ কৰিছে সুনীল ছেত্ৰীয়ে৷ ভিডিঅ’ বাৰ্তাত সুনীলে কৈছে, ‘জীৱনৰ এটা দিন মই কেতিয়াও পাহৰিব নোৱাৰিম৷ যিদিনা দেশৰ জাৰ্ছি প্ৰথমবাৰ পিন্ধিছিলো৷ ভাৰতৰ হৈ খেলত নামিছিলো৷ অবিশ্বাস্য অনুভূতি আছিল সেয়া৷ দেশৰ হৈ খেলিবলৈ সুযোগ লাভ কৰাৰ আগদিনা পুৱা জাতীয় দলত আমাৰ কোচ সুখবিন্দৰ সিং ছাৰ আহি মোক জনাইছিল যে, মই প্ৰথম একাদশত আছো৷ সেই সুখানুভূতি কেনে আছিল মই ভাষাৰে বুজাব নোৱাৰিম৷’

সুনীলৰ সংযোজন, ‘জাৰ্ছি প্ৰথম হাতত পালো তেতিয়া তাৰ সুগন্ধিয়ে মোক অদ্ভুত শিঁহৰণ দিছিল৷ কিয় নাজানো৷ সেই দিনা যি হৈছিল সকলোবোৰ মোৰ চকুত জল-জল পট-পট হৈ আছে৷’ দেশৰ হৈ খেলাৰ যি আনন্দ থাকে তেনেকৈয়ে থাকে অসহনীয় চাপো৷ সুনীলে এই সন্দৰ্ভত কয়, ‘বিগত ১৯ বছৰ অসহ্য চাপ আৰু দেশৰ হৈ খেলাৰ আনন্দ দুয়োটাই মোৰ জীৱনলৈ আহিছে৷ ব্যক্তিগতভাৱে মই কেতিয়াও ভৱাই নাছিলো দেশৰ হৈ যে ইমান মেচ মই খেলিম৷ ভাল হওক বা বেয়া সকলো সময়ে মই সোঁৱৰিম৷ বিগত এক ডেৰমাহ মই নিজক লৈ ভাৱিছো৷ মই খেলি আছো, কিন্তু কলকাতাত খেলা সেই মেচেই শেষ মেচ হ’ব তেতিয়াও ভৱা নাছিলো৷’

উল্লেখ্য যে ২০০৫ চনৰ ১২ জুনত পাকিস্তানৰ বিৰুদ্ধে জাতীয় দলৰ জাৰ্ছী প্ৰথম পিন্ধিছিল সুনীল ছেত্ৰীয়ে৷ অভিষেক মেচতেই গল দিছিল সুনীলে৷ সুনীলৰ প্রথম আন্তৰ্জাতিক প্ৰতিযোগীতা আছিল ২০০৭ চনৰ নেহৰু কাপ৷ প্ৰথম মেচত কম্বোডিয়াক ৬-০ গলত হৰুৱাই ভাৰতীয় দলে৷ সেই মেচত দুটা গলেই দিছিল সুনীলে৷ চিৰিয়াৰ বিৰুদ্ধে হোৱা খেলত পৰাস্ত হ’লেও কিৰঘিজস্থানৰ বিৰুদ্ধে খেলা মেচত জয়ী হৈছিল ভাৰতীয় দল৷ সেই মেচতো সুনীলৰ গলেই ভাৰতীয় দলক দিছিল জয়ৰ সোৱাদ৷

সেয়া আৰম্ভণি৷ তাৰপাছতেই ক্ৰমশ ভাৰতৰ এক নম্বৰ ষ্ট্ৰাইকাৰ হৈ উঠে সুনীল৷ বাইছুং ভুটীয়াই অৱসৰ নোৱাৰ পাছত সুনীলেই ভাৰতীয় ফুটবলৰ মুখ হৈ উঠে৷ নিজস্ব প্ৰতিভা আৰু দক্ষতাৰে তেওঁ বাকীসকলক টক্কৰ দিয়ে৷ কিমানবাৰ তেওঁ ভাৰতক লজ্জাৰ পৰা ৰক্ষা কৰিছিল সেই কথা কৈ শেষ কৰিব নোৱাৰি৷ তেঁওক লৈ সেয়ে দেশেও গৰ্ব কৰে৷ বৰ্তমান পৰ্যন্ত সুনীলৰ উত্তৰসূয়ী অহা নাই ভাৰতীয় দললৈ৷

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *