‘গাহৰি মাংস খাব খুজি আছে, অলপ অৰ্ডাৰ কৰিছো’, অসমলৈ আহি গাহৰিৰ সোৱাদ লৈছে ৰাজস্থান ৰয়েলছৰ খেলুৱৈয়ে

‘গাহৰি মাংস খাব খুজি আছে, অলপ অৰ্ডাৰ কৰিছো’, অসমলৈ আহি গাহৰিৰ সোৱাদ লৈছে ৰাজস্থান ৰয়েলছৰ খেলুৱৈয়ে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

‘গাহৰি আমাৰ কেইটামানে খাই ভালপায়৷ গাহৰি অলপ অৰ্ডাৰ দিছো৷ কেইটামানে আকৌ ফুৰিব বিচাৰিছে৷ কামাখ্যা, কাজিৰঙা চাব বিচাৰিছে৷ মাজতে কেইদিনমান অফ পাম যে ফুৰাবলৈ লৈ যাম৷’

কাইলৈ গুৱাহাটীত হাইভল্টেড আইপিএল মেচ৷ ৰাজস্থান ৰয়েলছ আৰু পঞ্জাৱ কিংছৰ মাজত অনুষ্ঠিত হ’ব এই খেল৷ইতিমধ্যে অনুশীলনত নামিছে ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকল৷অনুশীলনত নমাৰ পূৰ্বে ৰাজস্থান ৰয়েলছৰ হৈ ৰিয়ান পৰাগে এখন সংবাদমেলত ভাগ লয়৷

সংবাদ মাধ্যমতে ৰাজস্থান ৰয়েলছে কেনেকৈ খেলিব বা দলটোৰ প্ৰত্যাশা কি সকলোবোৰ স্পষ্টৰূপত জনোৱাৰ ওপৰিও ৰিয়ানে কয় যে তেওঁৰ দলৰ কেইবাজনো খেলুৱৈয়ে অসম আহিয়েই গাহৰি খাব বিচৰাৰ বাবে তেওঁলোকক গাহৰি মাংস যোগানৰ ব্যৱস্থা কৰি দিয়া হৈছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *