হিটমেন ৰোহিতৰ এই বিশ্বকাপেই শেষ, নিজেই সদৰি কৰিলে অৱসৰৰ কথা

হিটমেন ৰোহিতৰ এই বিশ্বকাপেই শেষ, নিজেই সদৰি কৰিলে অৱসৰৰ কথা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

হিটমেন ৰোহিতৰ এই বিশ্বকাপেই শেষ, নিজেই সদৰি কৰিলে অৱসৰৰ কথা

হিটমেন ৰোহিতে লব অৱসৰ, ইয়াকে লৈ বহু ক্ৰিকেটাৰৰ মাজত আচোলনা। কিমান দূৰ সত্য এই কথা। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ পাছত ভাৰতীয় দলটোৱে আই চি চি টি-২০ বিশ্বকাপত খেলিব। যোৱা বছৰ ভাৰতত খেলা এদিনীয়া বিশ্বকাপত ৰোহিতৰ অধিনায়কত্বতে ভাৰতীয় দল ফাইনেললৈ গৈছিল।

পাছে এইবাৰৰ টি-২০ বিশ্বকাপ টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাৰ অন্তিমখন বিশ্বকাপ বুলি অনুমান কৰা হৈছে। এনে পৰিস্থিতিত এই মেগা টুৰ্ণামেণ্টৰ পিছত অধিনায়কগৰাকীয়ে নিজৰ কেৰিয়াৰ শেষ কৰিব নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ উত্তৰ নিজে ৰোহিত শৰ্মাৰ বাহিৰে আন কোনোৱে দিয়া নাই।

এইবাৰ ১ জুনৰ পৰা আৰম্ভ হ’ব আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডে আয়োজন কৰা আইচিচি টি-২০ বিশ্বকাপ। ২৯ জুনলৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত ভাৰতক পুনৰবাৰ জয়ৰ প্ৰতিদ্বন্দ্বী হিচাপে গণ্য কৰা হৈছে।

দলক চেম্পিয়ন কৰাৰ উদ্দেশ্যেৰে একেৰাহে দ্বিতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপত খেলিব ৰোহিত শৰ্মাই। যোৱাবাৰ হতাশাৰ সন্মুখীন হৈছিল টিম ইণ্ডিয়া। প্ৰশিক্ষক ৰাহুল দ্ৰাবিড় আৰু ৰোহিত শৰ্মাৰ বাবে এইয়াই শেষ সুযোগ হিচাপে দেখা গৈছে।

এক সাক্ষাতত ৰোহিত শৰ্মাই অৱসৰৰ পৰিকল্পনা প্ৰকাশ কৰে। ৰোহিতে কয়- ক্ৰিকেট কেৰিয়াৰত বহুত উত্থান-পতন দেখিছো, প্ৰকৃততে ক’লে শুদ্ধ হ’ব যে মই বেছিভাগ পতন দেখিছো। মোৰ মতে এইটোও সঠিক কাৰণ আজি মই যিয়েই নহও কিয়, সেয়া মোৰ পৰিয়ালৰ বাবেই হওক, বন্ধু-বান্ধৱীৰ বাবেই হওক বা এই পৃথিৱীৰ বাবেই হওক, ইয়াৰ আঁৰৰ কাৰণটো কেৱল মোৰ বিগত বছৰবোৰত যি দেখিছো ৷ বেয়া সময়ত যি দেখিছিলো তাৰ বাবেই আজি মোক মই হিচাপে গঢ়ি তুলিলে।

ৰোহিতক মাজে সময়তে অনুৰাগীয়ে অৱসৰৰ কথা কৈ আহিছে। অৱসৰৰ সন্দৰ্ভত হিটমেনে কয় যে, আৰু কিছু দিব আছে ক্ৰিকেটক। ১৭ বছৰতকৈও অধিক সময় ক্ৰিকেট খেলিছো, মই আৰু কেইবছৰমান খেলিব বিচাৰিছো। ক্ৰিকেটৰ জগতখনক আৰু বহুখিনি দিয়াৰ হেঁপাহ।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *