বিৰল সন্মান দীপিকাৰ, সকলো অভিনেত্ৰীকে পিছ পেলাই এই সন্মান লাভ কৰোতা প্ৰথম ভাৰতীয় অভিনেত্ৰী

বিৰল সন্মান দীপিকাৰ, সকলো অভিনেত্ৰীকে পিছ পেলাই এই সন্মান লাভ কৰোতা প্ৰথম ভাৰতীয় অভিনেত্ৰী

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

বিৰল সন্মান দীপিকাৰ, সকলো অভিনেত্ৰীকে পিছ পেলাই এই সন্মান লাভ কৰোতা প্ৰথম ভাৰতীয় অভিনেত্ৰী

বলীউডৰ অতিকে জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকন বৰ্তমানে বাতৰিৰ শীৰোনামাত। এফালে গৰ্ভধাৰণৰ খবৰ, আনফালে বিবাহৰ ফটো সামাজিক মাধ্যমৰ পৰা নাইকিয়া কৰা ঘটনা। তাৰ মাজতে আহিছে আন এক খবৰ। যি খবৰে অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলক অতিশয় সুখী কৰি তুলিব।

অভিনেত্ৰীগৰাকীয়ে নিজৰ নামত আন এক খিতাপ লাভ কৰি চৰ্চাৰ বিষয় হৈ পৰিছে। দীপিকা পাডুকনে গ্ল’বেল ডিচৰাপ্টৰছ ২০২৪ৰ তালিকাত নিজৰ স্থান দখল কৰিছে আৰু তেনে কৰা প্ৰথমগৰাকী ভাৰতীয় তাৰকা হিচাপে পৰিগণিত হৈছে।

ইয়াৰ বাবে অনুৰাগীসকল নথৈ আনন্দিত হৈ অভিনেত্ৰীগৰাকীক অভিনন্দন জনাইছে। অৱশ্যে এতিয়া অনুৰাগীৰ মাজতআন এক প্ৰশ্ন আহি পৰিছে যে গ্ল’বেল ডিচৰাপ্টৰ লিষ্ট কি?

গ্ল’বেল ডিচৰাপ্টৰ লিষ্টৰ কথা ক’বলৈ গ’লে এই তালিকাত মনোৰঞ্জন জগতৰ সেই চেলিব্ৰিটিসকলক অন্তৰ্ভুক্ত কৰা হৈছে যিসকলে মনোৰঞ্জন উদ্যোগত বিশেষ অৱদান আগবঢ়াইছে। সমগ্ৰ বিশ্বৰ বহু তাৰকা এই তালিকাত অন্তৰ্ভুক্ত হৈছে।

ভাৰতৰ অভিনেত্ৰী দীপিকা পাডুকনৰ নাম ২০২৪ বৰ্ষৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে আৰু তেওঁ তেনে কৰা প্ৰথমগৰাকী ভাৰতীয় তাৰকা হিচাপে পৰিগণিত হৈছে। ইয়াৰ পূৰ্বে কোনো ভাৰতীয়ই এই সাফল্য লাভ কৰা নাছিল।

বিগত দুটা বছৰত লাভ কৰা সফলতাৰ ওপৰত ভিত্তি কৰিয়ে এই সন্মান আগবঢ়োৱা হৈছে দীপিকা পাডুকনক।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *