ভোট কিনা-বেচা চলিছে নগাঁৱ সমষ্টিত, ১ টা ভোট ১০০০ টকাকৈ বিক্ৰী কংগ্ৰেছৰ, অডিঅ’ ভাইৰেল, শুনক ভাষ্য

ভোট কিনা-বেচা চলিছে নগাঁৱ সমষ্টিত, ১ টা ভোট ১০০০ টকাকৈ বিক্ৰী কংগ্ৰেছৰ, অডিঅ’ ভাইৰেল, শুনক ভাষ্য

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ভোট কিনা-বেচা চলিছে নগাঁৱ সমষ্টিত, ১ টা ভোট ১০০০ টকাকৈ বিক্ৰী কংগ্ৰেছৰ, অডিঅ’ ভাইৰেল, শুনক ভাষ্য

আজি ২৬ এপ্ৰিল তাৰিখ শুকুৰবাৰে দেশৰ লগতে ৰাজ্যতো অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। আজি অসমৰ ৫ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোট। পাছে সেই ভোটৰ মাজতে আহিছে এক বিশেষ খবৰ।

ভোট ক্ৰয়-বিক্ৰয় চলিছে নগাঁও সমষ্টিত। এগৰাকী কংগ্ৰেছ নেতাই নিজেই বিজেপিৰ হাতত বিক্ৰী কৰিছে ভোট। তাকো মাথো ১০০০ টকাৰ বিনিময়ত বিক্ৰী কৰিছে ভোট।

সেই ভোট বিক্ৰীৰে কথোপকথন বৰ্তমানে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। কংগ্ৰেছৰ ৩৫টা ভোট বিজেপিলৈ দিয়াৰ বাবে ৩৫হাজাৰ টকা বিচাৰিছে মোস্তাফা কামাল নামৰ নগাঁৱৰ কংগ্ৰেছ নেতা এগৰাকীয়ে।

মোস্তাফা কামাল নামৰ লোকগৰাকী নগাঁও সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ অতি ঘণিষ্ঠ বুলি জানিব পৰা গৈছে। লগতে মোস্তাফা কামালে নিজকে ৱেব পৰ্টেলৰ সাংবাদিক বুলিও পৰিচয় দিয়ে।

ভাইৰেল হৈ পৰা অডিঅ’ত শুনিবলৈ পোৱা অনুসৰি, ৩৫ টা ভোট ৩৫ হাজাৰত বিক্ৰী কৰি ইভিএম ত বিজেপিক ভোট দি ছেলফি মাৰি প্ৰমাণ দিম বুলিও আশ্বাস দিয়াৰ কথা আছে। নগাঁৱত ভাইৰেল হৈ পৰিছে এই অডিঅ’।

অডিঅ’ শুনিবলৈ ইয়াত ক্লিক কৰক – https://fb.watch/rGU9aJZyCp/

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *