ভোটগ্ৰহৰ মাজতে এক দুখবৰ, বিয়াঘৰত দৰা ওলোৱাৰ সময়তে আতচবাজীৰ বোম লাগি চিলিণ্ডাৰ বিস্ফোৰণ, ৬ নিহত

ভোটগ্ৰহৰ মাজতে এক দুখবৰ, বিয়াঘৰত দৰা ওলোৱাৰ সময়তে আতচবাজীৰ বোম লাগি চিলিণ্ডাৰ বিস্ফোৰণ, ৬ নিহত

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ভোটগ্ৰহৰ মাজতে এক দুখবৰ, বিয়াঘৰত দৰা ওলোৱাৰ সময়তে আতচবাজীৰ বোম লাগি চিলিণ্ডাৰ বিস্ফোৰণ, ৬ নিহত

অতিকে শোকাৱহ এক ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিয়াঘৰত দৰা ওলোৱাৰ সময়তে সংঘটিত হয় ভয়ংকৰ ঘটনা। চিলিণ্ডাৰ বিস্ফোৰণ হৈ মৃত্যুক সাৱটি লয় ৬ গৰাকী লোকে।

বিয়া কৰাবলৈ কইনা ঘৰলৈ বুলি যাত্ৰা কৰাৰ সময়তে দৰা ঘৰত আতচবাজীৰ জোৰ উঠে। পাছে সেই আতচবাজী উৰি গৈ চিলিণ্ডাৰত লাগি যায় আৰু চিলিণ্ডাৰ বিস্ফোৰণ হৈ মৃত্যু হয় ৬ গৰাকীৰ।

বিহাৰৰ দৰভঙাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো। জানিব পৰা অনুসৰি, চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ডিজেল ষ্টোভত জুই লাগি একে পৰিয়ালৰ ছয়জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছে তিনিজন প্ৰাপ্তবয়স্ক আৰু তিনিটা শিশু। এই ঘটনাত তিনিটা গৰুৰো প্ৰাণ হানি হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *