পুনৰ আন এক ৰেকৰ্ডৰ অধিকাৰী হ’ল ধোনী…

পুনৰ আন এক ৰেকৰ্ডৰ অধিকাৰী হ’ল ধোনী…

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

পুনৰ আন এক ৰেকৰ্ডৰ অধিকাৰী হ’ল ধোনী…

আই পি এলৰ পথাৰত আন এক কৃত্বিতৰ অধিকাৰী হয় ধোনী। এক নতুন ৰেকৰ্ড গঢ়ে ধোনীয়ে। ২০২৪ চনৰ আই পি এলত চেন্নাই ছুপাৰ কিংছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত অনুষ্ঠিত হোৱা নিশাৰ মেচখনত ধোনীয়ে বেটিং কৰিবলৈ ওলাই অহাৰ লগে লগে অনুৰাগীৰ মাজত ফুৰ্তিৰ ৰোল উঠে।
খেল খনত অপৰাজিত হৈ থাকি ধোনীয়ে ২টা বলত ৫ ৰান সংগ্ৰহ কৰে। ধোনীক খেলপথাৰলৈ অহা দেখিয়ে অনুৰাগীয়ে গোটেই খেলপথাৰত ধোনী ধোনী নাম লগাই দিয়ে।

পাছে কালিৰ হায়দৰাবাদৰ বিৰুদ্ধে খেলখনৰ জৰিয়তে ধোনীয়ে এক ডাঙৰ কৃতিত্ব অৰ্জন কৰিছে। ইতিহাস সৃষ্টি কৰি তেওঁ নিজৰ নামত আই পি এল এক অভিলেখ গঢ়ে। যি অভিলেখৰ কাষেই চাপিব পৰা নাই ৰোহিত শৰ্মা, বিৰাট কোহলী আদিৰ দৰে খেলুৱৈয়ো।

ধোনীয়ে আই পি এলৰ ইতিহাসত ১৫০ খন খেলত জয় হোৱা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হয়। আনকি ৰোহিত শৰ্মা, বিৰাট কোহলীৰ দৰে প্ৰবীণ খেলুৱৈয়েও এই সংখ্যা স্পৰ্শ কৰিব পৰা নাই এতিয়ালৈকে।

হায়দৰাবাদৰ বিৰুদ্ধে খেলখনত ধোনীয়ে খেলুৱৈ হিচাপে ১৫০ সংখ্যক আই পি এল জয়ৰ অংশ হৈ পৰে। ধোনীয়ে চেন্নাই ছুপাৰ কিংছৰ হৈ ১৩৫খন আৰু ৰাইজিং পুনে ছুপাৰ জায়েণ্টৰ হৈ ১৫খন খেলত জয়ৰ অংশ আছিল।

২০১৬ আৰু ২০১৭ চনত চেন্নাই দল নিষিদ্ধ কৰা হৈছিল আই পি এলত, যাৰ বাবে ধোনী ৰাইজিং পুনে ছুপাৰ জায়েণ্টৰ অংশ হৈ পৰিছিল।

আই পি এলৰ বেছিভাগ মেচত জয়ী হোৱা খেলুৱৈ-
এম এছ ধোনী- ১৫০ বিজয়ী
ৰবীন্দ্ৰ জাডেজা- ১৩৩ জয়
ৰোহিত শৰ্মা- ১৩৩ জয়
দীনেশ কাৰ্তিক- ১২৫ জয়
সুৰেশ ৰাইনা- ১২৫ জয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *