১২০ টকাতেই ১৮০ ডিগ্ৰী ঘূৰিল ভাগ্যৰ চকা, লটাৰী জয় কৰি কোটিপতি হ’ল ৰাজমিস্ত্ৰি

১২০ টকাতেই ১৮০ ডিগ্ৰী ঘূৰিল ভাগ্যৰ চকা, লটাৰী জয় কৰি কোটিপতি হ’ল ৰাজমিস্ত্ৰি

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- মাত্ৰ ১২০ টকাতেই ঘূৰিল ভাগ্যৰ চকা৷ ৰাজমিস্ত্ৰি হৈ পৰিল কোটিপতি৷ সংসাৰ চলাবৰৈ ৰাজমিস্ত্ৰিৰ কাম কৰিছিল৷ কিন্তু কোটিপতি হোৱাৰ সপোন দেখিবলৈ পাহৰা নাছিল সেইগৰাকী ব্যক্তিয়ে৷ মঙলবাৰে দুপৰীয়া নিমাই চৰকাৰৰ সেই সকলো সপোন পূৰণ কৰিলে মাত্ৰ ১২০ টকাই৷ মাত্ৰ ১২০ টকাই ঘূৰালে ভাগ্যৰ চকা৷ ভাগ্যৰ চকা ১৮০ ডিগ্ৰীলৈ ঘূৰিব বুলি কোনোৱে ভৱা নাছিল৷ ১২০ টকাৰ টিকট কটাৰ আঁৰত কোটিপতি হোৱাৰ সপোন নাছিল নিমাইৰ৷ ভাৱিছিল কেনেবাকৈ সংসাৰখন স্বচ্ছল হওক৷ লটাৰী লোৱাৰ ২৪ ঘণ্টা পাছতেই কোটিপতি হৈ পৰিল নিমাই৷

নিমাইয়ে এই সন্দৰ্ভত কয়, কোটি টকা জয় কৰিম সপোনতো ভৱা নাছিলো৷ এই টকাৰে মই মোৰ কন্যাক পঢ়াব খোজো৷ তাই যাতে মানুহ হৈ উঠে, আমাৰ দৰে ৰাজমিস্ত্ৰিৰ কষ্ট কৰিব লগা নহয়, ভাল মানুহ হয় তাৰবাবে এই ধন খৰচ কৰিম৷’ এই ধনেৰে থকা ঘৰ এটা নিৰ্মাণ কৰিবলৈকো আগ্ৰহী নিমাই৷ অৱশ্যে লটাৰীত ১ কোটি টকা লাভ কৰি নিমাই যিমান সুখী তাতকৈয়ো তেওঁ সুৰক্ষাৰ বিষয়টোক লৈহে চিন্তিত হৈ পৰিছে৷ তেওঁ এই সন্দৰ্ভত কয়, ‘মোৰ সংসাৰ অভাৱৰ সংসাৰ৷ এই ধন হঠাত লাভ কৰি পৰিয়ালৰ আটাইকেইজন লোকেই খুব সুখী৷ মইয়ো সুখী কাৰণ পৰিয়ালৰ লোকসকল সুখী হৈছে৷ তথাপিও সুৰক্ষাজনিত কাৰণে চিন্তিত কৰিছে৷ এই ধনেৰে সন্তান দুটিক নিজৰ ভৰিত থিয় হ’ব পৰা কৰি দিব খুজিছো৷ আমাৰ পকী ঘৰ নাই ঘৰ এটা যেনেতেনে গঢ়িম৷’

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *