আজি খেলপথাৰত ৰেকৰ্ড গঢ়িব পাৰে চহলে, ভংগ কৰিব পাৰে শ্বেন ৱাৰ্নৰ ৰেকৰ্ড

আজি খেলপথাৰত ৰেকৰ্ড গঢ়িব পাৰে চহলে, ভংগ কৰিব পাৰে শ্বেন ৱাৰ্নৰ ৰেকৰ্ড

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

আজি খেলপথাৰত ৰেকৰ্ড গঢ়িব পাৰে চহলে, ভংগ কৰিব পাৰে শ্বেন ৱাৰ্নৰ ৰেকৰ্ড

আই পি এল ২০২৪ৰ ১৯ সংখ্যক খেল ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে ইতিমধ্যে দুয়োটা দল সাজু। ৰাজস্থানৰ হৈ আজিৰ মেচত যুজবেন্দ্ৰ চহলকো খেলা পোৱা যাব। যদি আজিৰ খেলত চহলে প্লেয়িং একাদশত সুযোগ পায় তেন্তে তেওঁ নিজৰ নামত এটা ডাঙৰ অভিলেখ গঢ়িব পাৰে।

যদি আজিৰ খেলখনত যুজবেন্দ্ৰ চহলে ৪টা উইকেট দখল কৰিবলৈ সক্ষম হয়, তেন্তে শ্বেন ৱাৰ্ণৰ সমানে উইকেট দখল কৰাৰ ৰেকৰ্ড হব। যদিহে ৫টা উইকেট লয় তেওঁ ৱাৰ্ণৰ অভিলেখো ভংগ কৰিব।

ইয়াৰ উপৰিও তেওঁ ৰাজস্থান ৰয়েলছ ফ্ৰেঞ্চাইজিৰ তৃতীয় সৰ্বাধিক উইকেট গ্ৰহণকাৰী হিচাপেও পৰিগণিত হ’ব। বৰ্তমান চহলৰ নামক ৫৪টা উইকেট আছে। একে সময়তে শ্বেন ৱাৰ্নে ৰাজস্থানৰ হৈ কেৰিয়াৰত ৫৮টা উইকেট দখল কৰিছিল।

এতিয়ালৈকে ৰাজস্থান ৰয়েলছৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছে শ্বেন ৱাটছনে। ৱাটছনে নিজৰ কেৰিয়াৰত ৮৪খন মেচত ৬৭টা উইকেট দখল কৰে। ৰাজস্থানৰ উপৰিও ৱাটছনে আন ফ্ৰেঞ্চাইজিৰ হৈও খেলিছে। ৱাটছনৰ পিছতে ৰাজস্থানৰ হৈ সৰ্বাধিক উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰিছে সিদ্ধাৰ্থ ত্ৰিবেদীয়ে। ত্ৰিবেদীয়ে ৭৬খন মেচত মুঠ ৬৫টা উইকেট দখল কৰিছিল। একে সময়তে শ্বেন ৱাৰ্ণ বৰ্তমান তৃতীয় স্থানত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *