টি-২০ৰ দল ঘোষণা, স্থান নাই ৰিয়ানৰ, আকৌ উভতিল ঋষভ, নেতা ৰোহিতেই, হাৰ্দিককো নিৰাশ নকৰিলে বৰ্ডে, আশা কৰাধৰণৰ টিম ঘোষণা কৰিছেনে বৰ্ডে?

টি-২০ৰ দল ঘোষণা, স্থান নাই ৰিয়ানৰ, আকৌ উভতিল ঋষভ, নেতা ৰোহিতেই, হাৰ্দিককো নিৰাশ নকৰিলে বৰ্ডে, আশা কৰাধৰণৰ টিম ঘোষণা কৰিছেনে বৰ্ডে?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- টি-২০ বিশ্বকাপৰ বাবে ১৫জনীয়া দল ঘোষণা কৰিলে ভাৰতীয় নিৰ্বাচকে৷ ৰোহিত শৰ্মাৰ ওপজা দিনৰ দিনাই ভাৰতীয় দল ঘোষণা কৰিলে বৰ্ডে৷ ২জুনৰ পৰা আৰম্ভ হ’ব এইবৰ্ষৰ টি-২০ বিশ্বকাপ৷ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত হ’ব খেল৷ ৰোহিত শৰ্মাৰ নেতৃত্বত খেলিব ভাৰতীয় দলটোৱে৷ অৰ্থাৎ কেপ্টেইনৰ দায়িত্বত থাকিব ৰোহিত শৰ্মাই৷ ১৫ জনীয়া দলত আছে বিৰাট কোহলী, যশপ্ৰীত বুমৰাহৰ দৰে অভিজ্ঞ খেলুৱৈ৷ আছে যশস্বী জয়ছোৱালৰ দৰে তৰুণ ক্ৰিকেটাৰো৷ ১৬ মাহৰ পাছত ভাৰতীয় দললৈ প্ৰত্যাবৰ্তন কৰিছে ঋষভ পন্থেও৷

এইবাৰৰ আইপিএলত ফৰ্মত আছে বিৰাট৷ সকলোতকৈ বেছি ৰান আহিছে তেওঁৰ বেটৰ পৰাই৷ টি-২০ত সেয়ে বিৰাটক দলত বিচাৰিছিল ৰোহিতেও৷  টি-২০ত বিৰাটক এৰাৰ প্ৰশ্নই নাহে৷ এইবাৰৰ বিশ্বকাপত তেওঁক অপেনাৰ হিচাপে দেখা যাবনে সেই কথা অৱশ্যে স্পষ্ট নহয়৷ কাৰণ দলত আছে ৰোহিত আৰু যশস্বীও৷ তেওঁলোক দুয়োৱে অপেনাৰ৷ দলে যদি বিচাৰে তেন্তে বাওঁহতীয়া আৰু সোঁহতীয়া অপেনাৰ যুঁটি তৈয়াৰ কৰিব পাৰে৷ এইক্ষেত্ৰত তিনি নম্বৰত বিৰাটে বেটিং কৰাৰ সম্ভাৱনা আছে৷

টি-২০ৰ ক্ৰমতালিকাত এক নম্বৰত আছে বেটাৰ সূৰ্যকুমাৰ যাদৱ৷ উইকেটৰক্ষক হিচাপে দলত স্থান লৈছে ঋষভ পন্থে৷ ইয়াৰ সৈতে দলত আছে সঞ্জু ছেমছনো৷ আইপিএলত ভাল খেলি ভাৰতীয় দলত স্থান লৈছে সঞ্জু ছেমছনে৷ অৱশ্যে বহুতে চৰ্চা কৰিলেও দলত স্থান নাপালে লোকেশ ৰাহুল আৰু ৰিয়ান পৰাগে৷

বহুতৰে মনত এইবাৰ আন এক প্ৰশ্নও আছিল৷ হাৰ্দিক পাণ্ডিয়াই খেলিবনে? বৰ্ডে তেওঁক ভৰসা কৰিবনে? অৱশ্যে বৰ্ডে সকলোৰে প্ৰশ্নৰ উত্তৰ কামেৰে দিছে৷ হাৰ্দিক এইবাৰ সহ-অধিনায়কৰ ভূমিকাত আছে৷ দলত স্থান লাভ কৰিছে শিৱম ডুবেও৷ সূৰ্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, কুলদ্বীপ যাদৱৰ দৰে অভিজ্ঞ ক্ৰিকেটাৰো দলটোত আছে৷

আইপিএলত ভাল খেলাৰ বাবে যুজবেন্দ্ৰ চাহালকো ১৫জনীয়া দলত ৰখা হৈছে৷ ইয়াৰোপৰি দলত আছে অক্ষৰ পেটেলো৷ পেছাৰ বলাৰ যশপ্ৰীত বুমহাৰ, অৰ্শদ্বীপ সিং আৰু মহম্মদ ছিৰাজো আছে দলত৷ আইপিএলত ছিৰাজ অৱশ্যে ফৰ্মত নাই৷ কিন্তু দলে তেওঁক ভৰষা কৰিয়েই দলত স্থান দিছে৷

১৫জনীয়া দলঃ ৰোহিত শৰ্মা(অধিনায়ক), যশস্বী জয়ছোৱাল, বিৰাট কোহলি, সূৰ্যকুমাৰ যাদৱ, ঋষভ পন্থ(উইকেটকীপাৰ) সঞ্জু ছেমছন(উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া( সহ-অধিনায়ক), শিৱম ডুবে, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, কুলদ্বীপ যাদৱ, যুজবেন্দ্ৰ চাহাল, অৰ্শদ্বীপ সিং, যশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ৷

ৰিজাৰ্ভ দলঃ শুভমন গীল, ৰিংকু সিং, খলিল আহমেদ আৰু আবেশ খান৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *