কন্যাৰ বিবাহবিচ্ছেদ! পিতৃয়ে বেণ্ডপাৰ্টী ভাড়া কৰি আয়োজন কৰিলে বিশেষ পাৰ্টীৰ, অভিভূত প্ৰতিবেশী

কন্যাৰ বিবাহবিচ্ছেদ! পিতৃয়ে বেণ্ডপাৰ্টী ভাড়া কৰি আয়োজন কৰিলে বিশেষ পাৰ্টীৰ, অভিভূত প্ৰতিবেশী

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ধুমধামেৰে কন্যাক বিয়া দি বিদায় দিয়াটো ভাৰতীয় এক পৰম্পৰা৷ সেই কন্যাৰেই যেতিয়া বিচ্ছেদ হয় তেতিয়া কিন্তু কান্দোনেৰে ঘৰলৈ উভতি আহে অন্যথা বহুতে লোকসমাজৰ ভয়ত বিষয়টোকেই গাপ দিবলৈ যত্ন কৰে৷ এইবাৰ এগৰাকী পিতৃয়ে লৈছে ব্যতিক্ৰম পদক্ষেপ৷ কন্যাৰ বিবাহ বিচ্ছেদ হোৱাৰ খবৰ লাভ কৰিয়েই পিতৃয়ে ঘৰলৈ বেণ্ড পাৰ্টী মাতি ঢাক-ঢোল বজাই কন্যাক ঘৰলৈ উভতাই আনিছে৷ ঘটনা উত্তৰপ্ৰদেশৰ কানপুৰৰ৷ পেছাত চৰকাৰী কৰ্মচাৰী৷ ব্যক্তিগৰাকীৰ নাম অনিল কুমাৰ৷ অনিল কুমাৰৰ কন্যাৰ বিবাহ বিচ্ছেদ হৈছে৷ কন্যাক এদিন যেনেকৈ কলপুলিৰ তলেৰে বেণ্ডপাৰ্টী বজাই বিদায় দিছিল তেনেকৈয়ে উভতি আহোতেও ৰাজকীয় আয়োজনেৰে আদৰিছে পিতৃয়ে৷ কন্যাই বিচ্ছেদ হৈছে বুলিয়েই যাতে এই সমাজত মুখ লুকুৱাই জীয়াব নালাগে তাৰবাবে পিতৃ আগুৱাই আহিছে৷

কন্যাই মূৰ তুলি এই সমাজত জীয়াব লাগিব৷ বিচ্ছেদতেই জীৱন শেষ নহয় অথৱা বিচ্ছেদ কোনো লাজ কৰিবলগীয়া বিষয়ো নহয়৷ পিতৃয়ে চুবুৰীয়াক বুজাই দিছে তেওঁৰ কন্যাই বিবাহবিচ্ছেদ দি কোনো অপৰাধ কৰা নাই বৰঞ্চ মুক্ত এক জীৱনৰ দিশে এখোজ আগুৱাই দিছে৷ তাৰবাবেই এই ৰাজকীয় আয়োজন কৰিছে বুলিও জনাইছে পিতৃ আনিলে৷ পিতৃ-মাতৃৰ এই পদক্ষেপক লৈ কন্যাও সুখী৷

অনিলৰ কন্যা উৰভি নতুন দিল্লীৰ পালাম বিমানবন্দৰৰ এগৰাকী ইঞ্জিনীয়াৰ৷ ২০১৬ চনত তেওঁ এজন কম্পিউটাৰ ইঞ্জিনীয়াৰৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ ইয়াৰ পাছতেই স্বামীৰ সৈতে দিল্লীতেই বসবাস কৰি আছিল উৰভিয়ে৷ তেওঁলোকৰ এগৰাকী কন্যা সন্তানো আছে৷ অভিযোগমতে বিবাহৰ পাছৰে পৰাই যৌতুক বিচাৰি উৰভিৰ ওপৰত নিৰ্যাতন চলাইছিল তেওঁৰ স্বামীৰ পৰিয়ালে৷ নিৰ্যাতন দিনকদিনে বাঢ়ি থকাৰ বাবেই উৰভিয়ে বিবাহবিচ্ছেদৰ আৱেদন কৰে৷ বিগত ২৮ ফেব্ৰুৱাৰীত বিবাহবিচ্ছেদ মঞ্জুৰ কৰিছে আদালতে৷ তাৰপিছতেই পিতৃ অনিলে কন্যাক ধুমধামেৰে বেণ্ডপাৰ্টী বজাই ঘৰলৈ উভতাই আনিছে৷

এই প্ৰসংগত অনিলে কয়, ‘মই মোৰ কন্যাক উভতাই আনিছো৷ তাইক মই যেনেকৈ বিদায় দিছিলো তেনেকৈয়ে ঘৰলৈকো উভতাই আনিছো৷ আমি বিচাৰো তাই মূৰ তুলি জীয়াই থাকক৷ কন্যাক ঘৰলৈ অনাৰ বাবেই মই এই বেণ্ডপাৰ্টীৰ ব্যৱস্থা কৰিছিলো৷ সমাজক মই এটি ইতিবাচক বাৰ্তা দিব খোজো৷ বিচ্ছেদৰ পাছত কন্যাক কেতিয়াও পিতৃ পৰিয়ালে উপেক্ষা কৰিব নালাগে৷ উপেক্ষাৰ পৰিবৰ্তে নতুন জীৱন আৰম্ভ কৰিবৰ বাবে উৎসাহিত কৰা উচিত৷’

ইপিনে কন্যাক আদৰি উৰভিত মাতৃ কুছুমলতাই কয়, ‘মই আৰু মোৰ কন্যা আৰু নাতিনীৰ সৈতে একেলগে থাকিম৷ খুব ভাল লাগিছে৷ এই সময় আমাৰ বাবে সুখৰ সময়৷ এই সময়, এই সুখ আমি ভগাই ল’ব খুজিয়েই এই আয়োজন কৰিছো৷’ অনিলৰ এগৰাকী চুবুৰীয়াই এই সন্দৰ্ভত কয়, ‘আমি ভাৱিছিলো উৰভিৰ দ্বিতীয় বিবাহ বুলি৷ কিন্তু পাছতহে গম পাও নহয়৷ আমি অনিলৰ এই কৰ্মত সুখী হৈছো, তেওঁৰ চিন্তাত আমি অভিভূত হৈছো৷ কন্যাগৰাকী সুখত থাকক আমিও তাকেই কামনা কৰো৷’

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *