দৃষ্টিশক্তি হেৰুওৱাৰ পথত ৰাঘৱ চাড্ডা! দলৰ কঠিন সময়ত ক’ত আছে ৰাঘৱ?

দৃষ্টিশক্তি হেৰুওৱাৰ পথত ৰাঘৱ চাড্ডা! দলৰ কঠিন সময়ত ক’ত আছে ৰাঘৱ?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- দলৰ কঠিন সময়ত তেওঁ অদৃশ্য হৈ আছে৷ অথচ তেওঁ দলৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি৷ আপ সাংসদ ৰাঘৱ চাড্ডা ক’ত আছে? ৰাঘৱৰ অনুপস্থিতিৰ কাৰণ জনালে সৌৰভ ভৰদ্বাজে৷ চকুৰ গুৰুতৰ সমস্যাত ভুগিছে আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডা৷ এই খবৰ এক্সযোগে প্ৰকাশ কৰিছে সৌৰভ ভৰদ্বাজে৷ ৰাঘৱৰ দৃষ্টিশক্তি হেৰুওৱাৰো পূৰ্ণ আশংকা থকা বুলি জনাইছে সৌৰভে৷ চকুৰ চিকিৎসাৰ বাবে ৰাঘৱ বৰ্তমান ব্ৰিটেইনত আছে৷

সৌৰভ ভৰদ্বাজে কয়, ‘ৰাঘৱ চকুৰ গুৰুতৰ সমস্যাত ভূগি আছে৷ এনে জটিল ৰোগ যে তেওঁ দৃষ্টিশক্তি পৰ্যন্ত হেৰুওৱাব পাৰে৷ তেওঁ চিকিৎসাৰ বাবে ব্ৰিটেইনত আছে৷ আমাৰ শুভকামনা আছে৷ তেওঁ শীঘ্ৰেই সুস্থ হৈ উভতি আহিব৷’ দলৰ এই কঠিন সময়ত ৰাঘৱৰ অনুপস্থিতিক লৈ বহুতে প্ৰশ্ন কৰিছিল৷ ৰাঘৱৰ সৈতে অৰবিন্দ কেজৰিৱালৰো বিশেষ ঘনিষ্ঠতা আছে৷ কেজৰিৰ কাৰাগাৰ যাত্ৰাৰ সময়তো ৰাঘৱক কোনোৱে ক’তো দেখা পোৱা নাই৷

বিগত দুমাহ ধৰি তেওঁ চকুৰ চিকিৎসাৰ অস্ত্ৰোপছাৰৰ বাবে লণ্ডনত আছে৷ সম্প্ৰতি এক্সত এটা পোষ্টো শ্বেয়াৰ কৰিছে ৰাঘৱে৷ তেওঁ লিখিছে, ‘অৰবিন্দ কেজৰিৱাল বহু বছৰ ধৰি এজন ডায়বেটিছ ৰোগী৷ তেওঁ প্ৰতিদিনে ৫৪ ইউনিট ইনছুলিন লয়৷ কাৰাগাৰ প্ৰশাসনে তেওঁক ইনছুলিন দিয়া নাই৷ এয়া অত্যন্ত অমানৱীয় আৰু নিয়ম বিৰুদ্ধ৷’ অনুপস্থিতি সত্ত্বেও দলৰ কামৰ খবৰ তেওঁ প্ৰতিদিনেই ৰাখিছে৷ আপৰ ৪০জন তাৰকা প্ৰচাৰকৰ তালিকাত ৰাঘৱ চাড্ডাৰো নাম আছে৷ ইয়াৰোপৰি এই তালিকাত আছে অৰবিন্দ কেজৰিৱাল, মণীশ ছিচোডিয়া, সত্যেন্দ্ৰ জৈন, সুনিতা কেজৰিৱাল, পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান আৰু ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিং আৰু সন্দীপ পাঠক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *