বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে! আপুনিও তালিকাত আছে নেকি?

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে! আপুনিও তালিকাত আছে নেকি?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- দাম্পত্যৰ সম্পৰ্কক সমাজৰ ভিত্তি হিচাপে বহুতেই ধাৰণা কৰে৷ সেয়ে অনাত্মীয় নাৰী পুৰুষ একেলগে থাকিবলৈ হ’লে সামাজিক বা আইনী ছিলমোহৰৰ প্ৰয়োজন৷ এই ছিলমোহৰৰ নামেই বিবাহ বন্ধন৷ কিন্তু যুগ সলনি হৈছে, সলনি হৈছে মানুহৰ ধ্যান ধাৰণাও৷ স্বামী-স্ত্ৰীৰ তথাকথিত পৰিচয় অবিহনেও এতিয়া একেলগে থাকে বহু নাৰী-পুৰুষ৷ সমাজৰ কোনো কোনো স্তৰত লিভ-ইন সম্পৰ্কক লৈ এতিয়াও কিন্তু নাক কোচাই বহু সংখ্যক লোকেই৷ জ্যোতিষ গণনা অনুসৰি কোনো কোনো ৰাশিৰ জাতকে কিন্তু বিবাহতকৈ লিভ ইন ৰিলেচনত থাকিহে ভালপায়৷ কোন কোন ৰাশিৰ জাতকে বিবাহতকৈ লিভ ইন ৰিলেছনত থাকি ভালপায়?

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকে বৈচিত্ৰ ভালপায়৷ একঘেয়ামী জীৱন এওঁলোকৰ একেবাৰেই পছন্দ নহয়৷ প্ৰয়োজনত সংগী পৰিবৰ্তন কৰা সহজ বুলি বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকি ভালপায় এই ৰাশিৰ জাতকে৷ বিবাহ এওঁলোকৰ বাবে এখন বান্ধোনৰ পৃথিৱী৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতক মনত দিশৰ পৰা অত্যন্ত ৰোমাণ্টিক৷ এওঁলোকে সংগীৰ সৈতে খুব মধুৰ সম্পৰ্ক বিচাৰে৷ বিবাহতকৈ এওঁলোকৰ পছন্দ হৈছে লিভ-ইন ৰিলেছন৷ সেয়ে বিবাহৰ সম্পৰ্কত থাকিবলৈ এই ৰাশিৰ লোক মুঠেও আগ্ৰহী নহয়৷ বৰং লিভ-ইন সম্পৰ্কত থাকি মুক্ত স্বাধীন জীৱন পছন্দ কৰে এইসকল লোকে৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতক এডভেঞ্চাৰ প্ৰিয়৷ এওঁলোক চাৰি দেৱালৰ মাজত আৱদ্ধ হৈ থাকিব নোৱাৰে৷ বৰং জনাৰ আগ্ৰহে এওঁলোকক সকলোসময় ব্যাকুল কৰি ৰাখে৷ বেছিদিন একে স্থানত থাকিব নোৱাৰে এই ৰাশিৰ জাতক৷ ব্যক্তি স্বাধীনতাত হস্তক্ষেপ কৰিবলৈ বেয়া পায় আৰু নিজৰো ব্যক্তিস্বাধীনতাত অন্যৰ হস্তক্ষেপ নিবিচাৰে৷ বিবাহৰ কমিটমেণ্ট নহয়, লিভ-ইন সম্পৰ্কৰ মুক্ত জীৱনেই এওঁলোকৰ পছন্দ৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতক অত্যন্চ স্বাধীনচেতীয়া৷ সমাজৰ ধৰা বন্ধা নিয়মৰ বাহিৰত গৈ জীয়াই থাকি ভালপায় এইসকল লোকে৷ নিজৰ স্বাধীনতা কুম্ভ ৰাশিৰ জাতকৰ অতি প্ৰিয়৷ সেয়ে বিবাহতকৈ লিভ-ইন সম্পৰ্কৰ প্ৰতি এওঁলোক বেছি আগ্ৰহী৷

মীন ৰাশি

মীন ৰাশিৰ জাতক অত্যন্ত দয়ালু আৰু এওঁলোকৰ মনত অন্যৰ প্ৰতি সমবেদনা থাকে৷ এওঁলোকে সম্পৰ্কৰ মাজত আৱেগ আৰু ঘনিষ্ঠতা বিচাৰে৷ লিভ-ইন সম্পৰ্কত বিবাহৰ দৰে দায়িত্ব নাথাকে সেয়ে এই ৰাশিৰ জাতকেও লিভ ইনত থাকিবলৈকে পছন্দ কৰে৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *