কংগ্ৰেছৰ আমোলত কোনো হাৰি নাযায়! ২৪ঘণ্টাৰ ভিতৰত তদন্তকাৰী দলৰ কাষত হাজিৰ হ’ব লাগিব প্ৰজ্জ্বল আৰু এইছ ডি ৰেভান্না

কংগ্ৰেছৰ আমোলত কোনো হাৰি নাযায়! ২৪ঘণ্টাৰ ভিতৰত তদন্তকাৰী দলৰ কাষত হাজিৰ হ’ব লাগিব প্ৰজ্জ্বল আৰু এইছ ডি ৰেভান্না

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- পলাই গ’লেই হাৰি নাযাব৷ বিপদে লগ এৰা নাই প্ৰজ্জ্বল ৰেভান্নাৰ৷ প্ৰজ্জ্বলৰ বিৰুদ্ধে উঠা যৌন আতিহায্য গোচৰৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল গঠন কৰিছে কৰ্ণাটক আৰক্ষীয়ে৷ এইবাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌৰাৰ নাতি প্ৰজ্জ্বলক হাজিৰ হ’বৰ বাবে নটিছ প্ৰেৰণ কৰিছে তদন্তকাৰী দলে৷ সূত্ৰৰ খবৰ অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত তদন্তকাৰী অফিচাৰৰ সন্মুখত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে৷ কেৱল প্ৰজ্জ্বলেই নহয় নটিছ পঠিওৱা হৈছে প্ৰজ্জ্বলৰ পিতৃ এইচ ডি ৰেভান্নাকো৷

এই গোচৰত প্ৰজ্জ্বলৰ পিতৃও অভিযুক্ত বুলি  দাবী কৰিছে তদন্তকাৰী দলে৷ ৰেভান্নাৰ অশ্লীল ভিডিঅ’ ফাঁচ হোৱাৰ পাছতেই উত্তাল হৈ আছে কৰ্ণাটকৰ ৰাজনীতি৷ মঙলবাৰে জনতা দল ছেকুলাৰে দলৰ পৰা বহিষ্কাৰ কৰিছে প্ৰজ্জ্বলক৷ ইয়াৰোপৰি দলৰ তৰফৰ পৰা জনোৱা হৈছে, ‘আমি প্ৰজ্জ্বল ৰেভান্নাৰ বিৰুদ্ধে আৰম্ভ কৰা তদন্তক স্বাগত জনাইছো৷’ মঙলবাৰে তদন্তকাৰী দলটোৱে পিতা-পুত্ৰ দুয়োলৈকে নটিছ প্ৰেৰণ কৰিছে৷ হাজিৰ হোৱাৰ সময়সীমাও বান্ধি দিছে তদন্তকাৰী দলে৷ SIT ৰ পৰা ২৪ঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে প্ৰজ্জ্বল আৰু পিতৃক৷

ইফালে ঘটনাক লৈ মহিলা কমিছনেও উদ্বেগ প্ৰকাশ কৰিছে৷ কৰ্ণাটক আৰক্ষীৰ পৰা তিনিদিনৰ ভিতৰত ৰিপৰ্ট বিচাৰিছে মহিলা আয়োগে৷ মহিলা আয়োগৰ প্ৰধান ৰেখা শৰ্মাই কৰ্ণাটক আৰক্ষী ডিজিপি আলোক মোহনক উদ্দেশ্যি লিখা চিঠিত লিখিছে, ‘অনতিপলতে আমাক পদক্ষেপ লাগে৷ দেশত্যাগ কৰিলেও অভিযুক্তক গ্ৰেপ্তাৰ কৰিব লাগিব৷’

প্ৰথম দফাৰ নিৰ্বাচনৰ সময়তে প্ৰজ্জ্বলৰ প্ৰায় ১০০০ ভিডিঅ’ ভাইৰেল হৈছিল৷  বিষয়টোক লৈ লগে লগেই তদন্তৰ নিৰ্দেশ দিছিল কংগ্ৰেছ শাসিত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামাইয়াই৷ শনিবাৰে তেওঁ এক্সত এটা পোষ্ট কৰিছে৷ তাত ছিদ্দাৰামাইয়াই উল্লেখ কৰিছে যে এই ঘটনাৰ বাবে তেওঁলোকে এটা SIT দল গঠন কৰিছে৷ কৰ্ণাটকৰ মহিলা আয়োগো এই ঘটনাক লৈ যথেষ্ট সৰৱ হৈ পৰিছে৷

সংবাদ সংস্থা পিটিআইয়ে উল্লেখ কৰা অনুসৰি প্ৰজ্জ্বলৰ ঘৰৰ ৰান্ধনীয়ে অনা অভিযোগৰ ভিত্তিতেই প্ৰথমে প্ৰজ্জ্বলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল৷ কৰ্ণাটকৰ এজন বিজেপি নেতাই সম্প্ৰতি দাবী কৰিছে যে তেওঁৰ হাততো ৩০০০ অশ্লীল ভিডিঅ’ থকা এটা পেনড্ৰাইভ আছে৷ তাতেই প্ৰজ্জ্বলৰ বিৰুদ্ধে সকলোবোৰ প্ৰমাণ আছে৷ পিটিআইয়ে প্ৰকাশ কৰা অনুসৰি দেওবাৰে বাংগালুৰুৰ পৰা জাৰ্মানীৰ ফ্ৰাঙ্কফুৰ্টৰ উদ্দেশ্যে ৰাওনা হৈছে হাছানৰ জেডিএছ প্ৰাৰ্থী প্ৰজ্জ্বলে৷

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *