হিমন্ত বিশ্ব শৰ্মা পানী গুণ্ডা, ২৬ত ব্ৰহ্মপুত্ৰত উটোৱাই দিমঃ অখিল গগৈ

হিমন্ত বিশ্ব শৰ্মা পানী গুণ্ডা, ২৬ত ব্ৰহ্মপুত্ৰত উটোৱাই দিমঃ অখিল গগৈ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- অখিল গগৈৰ ভাষণক লৈ ৰাজ্যত ব্যাপক চৰ্চা৷ অখিল যোৰহাট সমষ্টিক লৈ খুবেই আত্মবিশ্বাসী৷ অখিলে কয়, ‘উজনিৰ যোৰহাটত বিজেপি চাফা হৈ গ’ল৷বিজেপিয়ে কৈ থকা দুৰ্গ ভাঙি দিলো৷  ডিব্ৰুগড়তো আমাৰ অসমীয়া মানুহে লুৰিণ গগৈক ভোট দিছে৷  ডিব্ৰুগড়তো লুৰিণ জিকাটো খাটাং৷ বিজেপিৰ গুণ্ডাগিৰী বহুত বাঢ়ি গৈছে৷  আমাৰ জীৱন আৰু সম্পত্তি নিৰাপদ নোহোৱা হৈ গৈছে বিজেপিৰ দিনত৷’

গুৱাহাটীবাসীক পট্টা প্ৰদান কৰা সন্দৰ্ভত অখিলে কয়, ‘গুৱাহাটীবাসীক  উচ্ছেদ হে কৰিব বিচাৰিছে, মাটিৰ পট্টা দিব বিচৰা নাই বিজেপিয়ে৷ মাজতে গুৱাহাটীৰ সকলো মানুহ বিজেপি হৈ গৈছিল৷ সেইকাৰণে মই গুৱাহাটী এৰিয়েই দিছিলো৷  কিন্তু এতিয়া ৰাইজে মজা পালে বিজেপিক ভোট দি৷ বিজেপিয়ে এইবাৰ ৫ খনতকৈ এখনো বেছি নাপায় গ্যাৰান্টী দিছো৷  অৰুণোদয় পাবলৈ বিজেপি কৰাৰ প্ৰয়োজন নাই, আমি ১২৬ জন বিধায়কে বিধান সভাত সিদ্ধান্ত লৈ থৈছো ৰেচন কাৰ্ড থকা সকলো মহিলাকে অৰুণোদয় দিম৷’

‍‍আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পানী গুণ্ডা আখ্যা দি অখিলে কয়, ‘আমি ফিল্ডত ননমা কাৰণে ভাৱিছিল মইয়ে গুণ্ডা৷ ২৬ ত হিমন্তক ব্ৰহ্মপুত্ৰত পেলামেই৷ ৩ গগৈ লগ লাগি আমি সিদ্ধান্ত লৈছো, ২০২৬ ত হিমন্ত চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিম৷  প্ৰতিশ্ৰুতি দিছো, ২৬ ত আমি চৰকাৰ গঠন কৰিলে ১ বছৰৰ ভিতৰত গুৱাহাটীৰ সকলো খিলঞ্জীয়া পাহাৰৰ মানুহক পট্টা দিম৷ ২৭ ত ৫ হাজাৰ ট’কেন দি চৰকাৰী মাটিত থকা গুৱাহাটীবাসীক মাটিৰ পট্টা দিম৷ ২৬ ত চৰকাৰ গঠন কৰিমেই কোনেও ৰখাব নোৱাৰে৷ বদৰুদ্দিনকো পানী খুৱাই দিলো ধুবুৰীত৷ বদৰে আজি কালি শুই উঠি আল্লাৰ নাম নলয়, অখিলৰ নামহে লয়৷’

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *