নিমিষতে শেষ কৰি দিম ২৪টা বিমান বন্দৰ! ক’ৰ পৰা কোনে দিছে এই ধমকি?

নিমিষতে শেষ কৰি দিম ২৪টা বিমান বন্দৰ! ক’ৰ পৰা কোনে দিছে এই ধমকি?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- দেশৰ ২৪ টা বিমান বন্দৰ উৰুৱাই দিম৷ এই ধমকিক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ৷ কেৱল মেইল নহয়, পৃথক পৃথকভাৱে ধমকি আহিছে বিমানবন্দৰসমূহলৈ৷ তদন্তকাৰীয়ে জনোৱা অনুসৰি টেৰৰাইজাৰ্ছ ১১১ নামৰ এক গোষ্ঠীয়ে পঠিয়াইছে এই মেইল৷ স্বাভাৱিকভাৱে এই ধমকিক লৈ উদ্বেগ বৃদ্ধি পাইছে৷ এক সৰ্বভাৰতীয় সবাদমাধ্যমত প্ৰকাশিত প্ৰতিবেদনে প্ৰকাশ কৰা অনুসৰি [email protected] নামৰ এটা মেইল আইডিৰ পৰা এইসকলোবোৰ মেইল লাভ কৰা হৈছে৷

এই মেইলৰ পাছতেই এতিয়া দেশৰ বিমানবন্দৰসমূহত হাই এলাৰ্ট জাৰি কৰা হৈছে৷ অভিযুক্তসকলৰ সন্ধানত আৰম্ভ হৈছে তালাছিও৷ বিমানবন্দৰৰ সৰ্বত্ৰতে নজৰদাৰিও চলোৱা হৈছে৷ বিমানবন্দৰৰ কনফাৰেন্স হলত চলিছে এখনৰ পাছত আনখন বৈঠক৷ ভাবুকি ভৰা মেইলত উল্লেখ থকামতে ইতিমধ্যেই বিমানবন্দৰসমূহত বোমা লগোৱা হৈছে৷ বুটাম টিপিলেই ঘটিব বিস্ফোৰণ৷ ক্ষণিকতে তেজৰ ফাঁকু খেলা হ’ব বুলিও ধমকি দিছে অচিনাক্ত দুৰ্বৃত্তই৷

কেইটামান মেইলত আকৌ বিমানতেই বোমা লগোৱা আছে বুলিও উল্লেখ আছে৷ ধমকি দিয়া হৈছে আগৰতলা, গয়া, ইম্ফল, শ্ৰীনগৰ আৰু বাৰাণসীত অৱস্থিত চিআইএছএফ ঘাটিকো৷ ইয়াৰ পাছতেই এতিয়া ইমেইল আইডিৰ উৎস বিচাৰি আৰম্ভ হৈছে তদন্ত৷ ছাইবাৰ সুৰক্ষা দপ্তৰে চলাইছে অনুসন্ধান৷ অৱশ্যে বৰ্তমানলৈকে কোনো অভিযুক্তৰ সন্ধান লাভ কৰা নাই ছাইবাৰ দপ্তৰে৷

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *