মুখৰ এই অংশত তিল থকা মুঠেও শুভ নহয়! চৰম দুঃখত পৰে এইকেইটা অংশত তিল থকা জাতক

মুখৰ এই অংশত তিল থকা মুঠেও শুভ নহয়! চৰম দুঃখত পৰে এইকেইটা অংশত তিল থকা জাতক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- জন্মৰ সময়তে আমাৰ শৰীৰত বিভিন্ন চিহ্ন থাকে৷ ইয়াৰ মাজতে অন্যতম হৈছে তিল৷ জ্যোতিষ শাস্ত্ৰ মতে এই তিলসমূহৰ মাধ্যমেৰে আমাৰ ব্যক্তিত্ব প্ৰতিফলিত হয়৷ তিলে আমাৰ ভাল-বেয়া, শুভ-অশুভ সকলো ঘটনাৰ ইংগিত দিয়ে৷ শৰীৰৰ প্ৰতিটো অংশত থকা তিলেই পৃথক পৃথক ইংগিত বহন কৰে৷ প্ৰতিটো অংশত থকা তিলৰেই বিশেষ গুৰুত্ব আছে৷ সমুদ্ৰ শাস্ত্ৰৰ সহায়ত এয়া জানিব পাৰি৷ বিভিন্ন ব্যক্তিৰ শৰীৰৰ তিলৰ আকাৰ, ৰং পৃথক হ’ব পাৰে৷ জ্যোতিষ অনুসৰি শিশুৰ জন্মৰ সময়ত গ্ৰহ-নক্ষত্ৰৰ পৰিস্থিতিয়েই তেওঁলোকৰ শৰীৰত এই তিলৰ অৱস্থান নিৰ্ধাৰণ কৰে৷ শৰীৰৰ বিভিন্ন স্থানত থকা তিল সম্পৰ্কে জানি থওক৷

কপালত তিল থাকিলে

১. কপালৰ মাজত তিল থকাৰ অৰ্থ হৈছে ব্যক্তিগৰাকী অত্যন্ত জ্ঞানী আৰু শান্ত স্বভাৱৰ৷ এওঁলোকৰ অত্যন্ত পৰিশ্ৰমী হয়৷  নিজৰ সমস্ত জীৱনধাৰণা সম্পৰ্কে তেওঁলোকৰ স্পষ্ট ধাৰণা থাকে৷

২. কপালৰ সোঁফালে তিল থাকিলে সেই ব্যক্তি প্ৰচুৰ ধন-সম্পত্তিৰ অধিকাৰী হয়৷ এওঁলোকৰ জীৱনত কাহানিও অৰ্থাভাৱে দেখা নিদিয়ে৷

৩. কপালৰ বাওঁফালে তিল থকাটো শুভ নহয়৷ এনে ব্যক্তি স্বাৰ্থপৰ হয়৷ জীৱনত প্ৰচুৰ ক্ষতিও হয় এই ধৰণৰ লোকৰ৷

৪. চকুৰ ঠিক ওপৰৰ অংশৰ কপালত তিল থকা ব্যক্তিয়ে আকস্মিক অৰ্থলাভ কৰিব পাৰে৷

ভুৰুত তিল থকা

১. সমুদ্ৰ শাস্ত্ৰ অনুসৰি যি ব্যক্তিৰ ভুৰুৰ মাজত তিল থাকে তেওঁলোকৰ মাজত নেতৃত্বৰ গুণ থাকে৷ এওঁলোকে জীৱনত প্ৰচুৰ নাম অৰ্জন কৰিব পাৰে৷ ইয়াৰোপৰি বহু পৰিমানৰ ধন সম্পত্তিৰ মালিক হয় এনে লোক৷

২. সোফালৰ ভুৰুত তিল থকা ব্যক্তি অত্যন্ত ৰোমাণ্টিক হয়৷ এওঁলোকৰ দাম্পত্য জীৱন সুখৰ হয়৷ সুন্দৰ আৰু বুদ্ধিমান সন্তানৰ অভিভাৱক হয় এই জাতক৷

৩. বাওঁফালৰ ভুৰুত তিল থকা ব্যক্তি অত্যন্ত ভীতু হয়৷ এওঁলোকৰ অন্যৰ ওপৰত নিৰ্ভৰশীল হয়৷ পেছাগত জীৱনত প্ৰচুৰ সমস্যৰ মুখত পৰিব পাৰে এই জাতক৷

চকুত তিল থকাৰ অৰ্থ

১. সমুদ্ৰ শাস্ত্ৰ অনুসৰি যি ব্যক্তিৰ বাওঁ চকুত তিল থাক তেওঁলোকৰ অত্যন্ত অহংকাৰী স্বভাৱৰ হয়৷ এই জাতকৰ লোক হতাশাত ভূগে৷  ইয়াৰোপৰি স্বাৰ্থপৰ হয় এওঁলোক৷

২. সোঁ চকুত তিল থকাটো শুভ৷ এনে ব্যক্তি সৎ আৰু পৰিশ্ৰমী হয়৷ সকলোৰে বিশ্বাস অৰ্জন কৰিব পাৰে এই ব্যক্তিয়ে৷

নাকত তিল থাকিলে

১. নাকৰ মাজত তিল থাকিলে সেই ব্যক্তিসকল সতৰ্ক হৈ থাকক৷ এইসকল লোকে হঠকাৰী সিদ্ধান্ত ল’ব পাৰে৷ এনে ব্যক্তিয়ে কোনো সিদ্ধন্ত লোৱাৰ পূৰ্বে চিন্তা চৰ্চা কৰে৷

২. নাকৰ সোঁফালে তিল থকা ব্যক্তি অলপ পৰিশ্ৰমতেই প্ৰচুৰ সম্পত্তিৰ মালিক হয়৷ কেৱল সেয়াই নহয় এওঁলোকে বহুপৰিমানৰ পৈতৃক সম্পত্তি থাকে৷

৩. কিন্তু নাকৰ বাওঁফালে তিল থকাটো মুঠেও শুভ নহয়৷ যি ব্যক্তিৰ নাকৰ এই দিশত তিল থাকে তেওঁলোকে জীৱনত প্ৰচুৰ পৰিশ্ৰম কৰিব লগাত পৰে৷

৪. নাকৰ তলত তিল থাকে তেওঁলোক অত্যন্ত ছেনছিটিভ হয়৷ এওঁলোকে সহজেই প্ৰেমত পৰে৷

গালত তিল থকাৰ অৰ্থ

১. সমুদ্ৰ শাস্ত্ৰ অনুসৰি সোঁগালত তিল থকা ব্যক্তি অভাৱত পৰে৷ নিজৰ যুক্তি-বুদ্ধি দি বিচাৰ কৰি সঠিক সিদ্ধান ল’ব পাৰে৷ ভাল অৰ্থ উপাৰ্জন কৰে এই ৰাশিৰ জাতকে৷

২. বাওঁ গালত তিল থকা লোক অসুখী হয়৷ বিভিন্ন ৰোগত আক্ৰান্ত হৈ থাকে এই জাতক৷ এওঁলোক অন্তৰ্মুখী হয় আৰু নিজৰ বিলাসিতাৰ বাবে প্ৰচুৰ অৰ্থ ব্যয় কৰে৷

কানত তিল থাকিলে

১. কানৰ যিকোনো অংশত তিল থকা ব্যক্তিয়ে বিলাসবহুল জীৱন-যাপন কৰে৷ যি পেছাই বাচি নলওক কিয় এওঁলোকে সাফল্য অৰ্জন কৰিবই৷

২. কানৰ ওপৰত বা তলৰ অংশত তিল থাকিলে বুজিব পাৰি সেই ব্যক্তি অত্যন্ত বুদ্ধিমান৷ এওঁলোকে ভালকৈ চিন্তাভাৱনা কৰি সিদ্ধান্ত লয়৷

ওঁঠত তিল থাকিলে

সমুদ্ৰ শাস্ত্ৰ অনুসৰি ব্যক্তিৰ ওঁঠত তিল থাকে তেওঁলোক খাদ্যৰসিক হয়৷ এওঁলোকৰ অতিৰিক্ত খাদ্য খোৱাৰ প্ৰৱণতা থাকে৷

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *