জানক প্ৰতি ১২ বছৰৰ পাছে পাছে কিয় পতা হয় কুম্ভ মেলা? ইয়াৰ আঁৰত লুকাই আছে কেইবাটাও ৰহস্য

জানক প্ৰতি ১২ বছৰৰ পাছে পাছে কিয় পতা হয় কুম্ভ মেলা? ইয়াৰ আঁৰত লুকাই আছে কেইবাটাও ৰহস্য

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- হিন্দুধৰ্মত কুম্ভ মেলা অত্যন্ত মাহাত্ম্যপূৰ্ণ৷ কুম্ভ মেলা আৰু ১২ সংখ্যাৰ পৰস্পৰৰ সৈতে সম্পৰ্কযুক্ত৷ বৈদিক জ্যোতিষ অনুসৰি কোনো শুভ কাম কৰাৰ বাবে বৃহস্পতি গ্ৰহৰ ভূমিকা বিশেষ গুৰুত্বপূৰ্ণ৷ কিয় প্ৰতি ১২ বছৰৰ পাছে পাছে মহাকুম্ভ আয়োজিত হয়৷

হিন্দুধৰ্মত ১২ সংখ্যাৰ বৈশিষ্ট্য

জ্যোতিষ শাস্ত্ৰ অনুসৰি সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ১২ ৰাশিত বিভক্ত৷ কোষ্ঠীত ১২ টা ঘৰ থাকে জন্মছকৰ এই ১৩ টা ঘৰৰ ওপৰত জাতকৰ ভাগ্য নিৰ্ভৰ কৰে৷ আমাৰ ভাগ্য ভাল বেয়া যি ঘটে সেয়া ১২ আ ঘৰৰ কোন গ্ৰহ ক’ত অৱস্থিত তাৰ ওপৰত নিৰ্ভৰ কৰে৷ এই বছৰৰ ১২ মাহত সূৰ্যই ১২টা ৰাশিত গোচৰ কৰিব৷ আৰু বৃহস্পতিয়ে এটা এটা ৰাশিত মুঠ ১২ মাহ ধৰ অৱস্থান কৰে৷ হিন্দুধৰ্ম অনুসৰি ১২ ৰাশিৰ, ১২ ভৱ, ১২ লগ্ন, ১২ তিলক, ১২ আদিত্য, ১২ জ্যোতিৰ্লিংগ, ১২ গণপতি আৰু ১২ স্কন্দ পুৰাণ বা ভাগবৎ মহাপুৰাণত উল্লেখ আছে৷ ইংৰাজী আৰু অসমীয়া কেলেণ্ডাৰতো ১২ মাহৰ উল্লেখ আছে৷

১২ৰ মূল সংখ্যা ৩

নিউমাৰলজি অনুসৰি ১ সংখ্যাৰ অধিপতি হৈছে সূৰ্য আৰু চন্দ্ৰ হৈছে ২ সংখ্যাৰ অধিপতি৷ ইয়াৰোপৰি ৩সংখ্যাৰ অধিপতি বৃহস্পতি৷ ১২ সংখ্যাৰ মাজত থকা ১ আৰু ২ক যোগ কৰি ৩ পোৱা যায়৷ এই ৩ সংখ্যাৰ সৈতে জড়িত ত্ৰিদেৱ, ত্ৰিনেত্ৰ আৰু ত্ৰিশূলৰ মাহাত্ম্য৷

কুম্ভৰ সৈতে ১২ সংখ্যাৰ মাহাত্ম্য

শাস্ত্ৰ অনুসৰি স্বৰ্গৰ ১২ দিন হৈছে মৰ্ত্যৰ ১২ বছৰৰ সমান৷ সেয়ে মহাকুম্ভ প্ৰতি ১২ বছৰৰ অন্তৰালত অনুষ্ঠিত হয়৷ অমৃত লৈ দেৱ-দানৱৰ যুদ্ধৰ সময়ত অমৃতৰ কলহৰ পৰা অমৃত ওলাই ১২ স্থানত চিটিকি পৰিছিল৷ ইয়াৰ মাজত ৮স্থান হৈছে স্বৰ্গৰ আৰু ৪টা স্থান হৈছে মৰ্ত্য৷ মৰ্ত্যৰ এই চাৰি স্থান হৈছে প্ৰয়াগ, হৰিদ্বাৰ, উজ্জ্বীয়ন আৰু নাচিক৷ এই চাৰি স্থানত সেয়ে প্ৰতি বছৰৰ অন্তত কুম্ভ মেলা আয়োজিত হয়৷

বৃহস্পতিৰ অৱস্থানৰ সৈতে কুম্ভ মেলা বিশেষ যোগ আছে৷ বৃহস্পতি এটা এটা ৰাশিত প্ৰায় ১২মাহ ধৰি অৱস্থান কৰে আৰু ১২টা ৰাশি ঘূৰি আহিবলৈ বৃহস্পতিৰ ১২ বছৰ সময় লাগে৷ ১২ বছৰ পাছত বৃহস্পতি কুম্ভ ৰাশিলৈ আহোতেই মহাকুম্ভ আয়োজিত

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *