লোকসভা নিৰ্বাচন ২০২৪: জম্মুৰ পৰা ৱায়ানাদলৈ — দ্বিতীয় পৰ্যায়ৰ ভোটদানত কোন কোন বিশেষ প্ৰাৰ্থী

লোকসভা নিৰ্বাচন ২০২৪: জম্মুৰ পৰা ৱায়ানাদলৈ — দ্বিতীয় পৰ্যায়ৰ ভোটদানত কোন কোন বিশেষ প্ৰাৰ্থী

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

লোকসভা নিৰ্বাচন ২০২৪: জম্মুৰ পৰা ৱায়ানাদলৈ — দ্বিতীয় পৰ্যায়ৰ ভোটদানত কোন কোন বিশেষ প্ৰাৰ্থী

আজি ২৬ এপ্ৰিল শুকুৰবাৰে অনুষ্ঠিত হ’ব লগা লোকসভা নিৰ্বাচন ২০২৪ৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। শুকুৰবাৰে লোকসভা নিৰ্বাচন ২০২৪ৰ দ্বিতীয় পৰ্যায়ত ১২০২জন প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মূল প্ৰাৰ্থীৰ ভিতৰত আছে ৰাহুল গান্ধী আৰু শশী থাৰুৰ , ওম বিৰলা, হেমা মালিনী, অৰুণ গোভিল আদি। অসমৰ ক্ষেত্ৰত চাবলৈ গলে আমিনুল ইছলাম, প্ৰদ্যুত বৰদলৈ, পৰিমল শুক্লবৈদ্য আদি উল্লেখ যোগ্য প্ৰাৰ্থী।

দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বিস্তৃত ৮৮খন লোকসভা আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। চলিত মাহৰ আৰম্ভণিতে নিৰ্বাচন আয়োগে জনোৱা মতে, দাখিল কৰা ২৬৩৩টা মনোনয়নৰ তদন্তৰ অন্তত ১৪২৮টা মনোনয়ন বৈধ বুলি ধৰা পৰিছে।

উল্লেখ্য যোগ্য প্ৰাৰ্থী সকল হৈছে-

কেৰালা

১/ ৱায়ানাদঃ ৰাহুল গান্ধী বনাম কে সুৰেন্দ্ৰ বনাম এনি ৰাজা

২০২৪ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে ৱায়ানাদক ধৰি ৰাখিব পাৰিবনে? ৱায়ানাড গ্ৰেণ্ড অল্ড পাৰ্টিৰ দুৰ্গ হৈ আহিছে। কেৰেলাত ভাৰতীয় জনতা পাৰ্টিৰ মুৰব্বী কে সুৰেন্দ্ৰন আৰু চিপিআই নেত্ৰী এনি ৰাজাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে।

২) তিৰুৱনন্তপুৰমঃ শশী থাৰুৰ বনাম ৰাজীৱ চন্দ্ৰশেখৰ

তিৰুৱনন্তপুৰমৰ কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে কেৰালাৰ ৰাজধানীত আধিপত্য অক্ষুণ্ণ ৰাখিবলৈ যুঁজিছে। শশী থাৰুৰৰ বিৰুদ্ধে বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰৰ আছে।

উত্তৰ প্ৰদেশ

১/ মথুৰাঃ হেমা মালিনী বনাম মুকেশ ধনগৰ

অভিনয়ৰ পৰা-ৰাজনীতিবিদ হোৱা হেমা মালিনীয়ে আজি মথুৰাৰ পৰা লোকসভাৰ সাংসদ হিচাপে একেৰাহে তৃতীয়টো নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ বিৰোধী INDIA ব্লকৰ মনোনীত কংগ্ৰেছৰ অ’বিচি নেতা মুকেশ ধনগৰ আৰু বিএছপিৰ চৌধুৰী সুৰেশ সিঙৰ বিৰুদ্ধে থিয় দিছে হেমা মালিনীয়ে।

২) মেৰুট : অৰুণ গোভিল বনাম দেৱব্ৰত কুমাৰ ত্যাগী বনাম সুনীতা ভাৰ্মা

ভাৰতৰ অতিকে জনপ্ৰিয় টিভি ধাৰাবাহিক ৰামায়ণত ভগৱান ৰামৰ চৰিত্ৰত অভিনয় কৰা অৰুণ গোভিলে মেৰুটৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হোৱা অৰুণ গোভিলৰ বিৰুদ্ধে আছে বিএছপিৰ দেৱব্ৰত কুমাৰ ত্যাগী আৰু এছপিৰ সুনীতা ভাৰ্মা।

ৰাজস্থান

কোটা: ওম বিৰলা বনাম প্ৰহ্লাদ গুঞ্জল

বিদায়ী লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কোটাৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰহ্লাদ গুঞ্জলৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে বিজেপিৰ ওম বিৰলাই।

অসম-
অসমৰ ক্ষেত্ৰত আজি শিলচৰ আৰু নগাঁও সমষ্টি চাব লগা হব।

১/শিলচৰ- পৰিমল শুক্লবৈদ্য, বিজেপি বনাম সূৰ্যকান্ত সৰকাৰ, কংগ্ৰেছ

২/নগাঁও- প্ৰদ্যুত বৰদলৈ, কংগ্ৰেছ বনাম আমিনুল ইছলাম, এ আই ইউ ডি এফ বনাম সুৰেশ বৰা, বিজেপি

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *