মণিপুৰৰ ৬টা বুথত ভোট বাতিল কৰিলে নিৰ্বাচন কমিছনে, আকৌ ভোটগ্ৰহণ সেই বুথত, এতিয়াও অব্যাহত আছে হি*সা

মণিপুৰৰ ৬টা বুথত ভোট বাতিল কৰিলে নিৰ্বাচন কমিছনে, আকৌ ভোটগ্ৰহণ সেই বুথত, এতিয়াও অব্যাহত আছে হি*সা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- মণিপুৰ কেতিয়াবা শান্ত হ’বনে সেই প্ৰশ্নৰ উত্তৰ কাৰো হাততেই নাই৷ এইবাৰ আকৌ মণিপুৰত আৰম্ভ হৈছে আন এখন নতুন যুঁজ৷ নিৰ্বাচন চলি থকাৰ মাজতেই উত্তাল হৈ আছে মণিপুৰ৷ শুকুৰবাৰে দোভাগ নিশা মণিপুৰৰ বিষ্ণুপুৰ জিলাত দুষ্কৃতিকাৰীৰ হাতত প্ৰাণ হেৰুৱাইছে কেন্দ্ৰীয় ছিআৰপিএফ বাহিনীৰ দুই জোৱানে৷ ইয়াৰ মাজতেই মণিপুৰৰ কেইবাটাও স্থানত ভোটগ্ৰহণ পুনৰ হ’ব বুলি জনাইছে নিৰ্বাচন কমিছনে৷ সূত্ৰৰ খবৰ অনুসৰি আউটাৰ মণিপুৰৰ ৬টাকৈ বুথত নতুনকৈ ভোটগ্ৰহণ হ’ব৷ দুই লোকসভা আসনযুক্ত মণিপুৰত দুই দফীয়া ভোটগ্ৰহণ অনুষ্ঠিত কৰিছে কমিছনে৷

কমিছনৰ সূত্ৰৰ খবৰ অনুসৰি আউটাৰ মণিপুৰৰ ৬টাকৈ বুথত বাতিল হৈছে ভোটগ্ৰহণ৷ সেই সকলো বুথত আকৌ ৩০ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷ পুৱা ৭বজাৰ পৰা বিয়লি ৪ বজা পৰ্যন্ত ভোটগ্ৰহণ চলিব সেই বুথত৷ ৰাজ্যৰ মুখ্য নিৰ্বাচনী অফিচাৰ প্ৰদীপ কুমাৰ ঝাই জনোৱা অনুসৰি এই ৬টা বুথত আকৌ নিৰ্বাচন অনুষ্ঠিত হ’ব৷

মণিপুৰত দ্বিতীয় দফাত ভোটগ্ৰহণ কৰোতে বিভিন্ন স্থানত বিক্ষিপ্ত ঘটনা ঘটিছে৷ ৰিগিং আৰু বুথ দখলৰ অভিযোগো তুলিছে বিৰোধীয়ে৷ কমিছনৰ কাষত পুননিৰ্বাচনৰ আৰ্জিও জনাইছে৷ সেই বিষয়টোৰ বাবেই ৬টা বুথত আকৌ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে কমিছনে৷ প্ৰথম দফাৰ ভোটগ্ৰহণত ইনাৰ মণিপুৰৰ ১১ টা বুথত পুন নিৰ্বাচন অনুষ্ঠিত কৰিছিল কমিছনে৷ কংগ্ৰেছে ৪৭টা বুথত পুনঃনিৰ্বাচনৰ আৰ্জি জনাইছিল৷ অৱশ্যে নিৰ্বাচন কমিছনে ৬টা বুথতহে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়৷ ইনাৰ মণিপুৰ আসনৰ বিভিন্ন বুথত ভোট বিশৃঙ্খলৰ কথা উল্লেখ কৰি জাতীয় নিৰ্বাচন কমিছনলৈ কংগ্ৰেছ দলে ৰিপৰ্ট পঠিয়াই৷ শেষ পৰ্যন্ত ১১ বুথত ২২ এপ্ৰিলত আকৌ ভোটগ্ৰহণ অনুষ্ঠিত হয়৷

২৬এপ্ৰিলত ভোটপৰ্ব সমাপ্ত হওঁতেই মণিপুৰত আকৌ হিংসাৰ দাৱানল৷ শুকুৰবাৰে নিশা ২ বজাত কুকি সন্ত্ৰাসবাদীৰ এটা দলে স্বয়ংক্ৰিয় আগ্নেয়াস্ত্ৰ আৰু গ্ৰেনেডেৰে সেনাৰ ঘাটিত আক্ৰমণ চলাই৷ সেই সেনা চাউনীত আছিল চিআৰপিএফৰ ১২৮ নম্বৰ বেটেলিয়ানৰ জোৱানসকল৷ গভীৰ নিশা হঠাৎ হোৱা সেই ঘটনাত  আহত হৈছে দুগৰাকীকৈ সেনা জোৱান৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *