মাৰ্ক জুকাৰবাৰ্গে কিয় ব্যৱহাৰ নকৰে এপলৰ ফোন? কাৰণ জানিলে আচৰিত হ’ব আপুনিও

মাৰ্ক জুকাৰবাৰ্গে কিয় ব্যৱহাৰ নকৰে এপলৰ ফোন? কাৰণ জানিলে আচৰিত হ’ব আপুনিও

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আইফোন বনাম এণ্ড্ৰইড কোনটো ভাল সেই বিষয়ক লৈ আলোচনা অব্যাহত আছে। কোনোৱে দাবী কৰে আইফোনেই সৰ্বশ্ৰেষ্ঠ। কিছুসংখ্যকে আকৌ এণ্ড্ৰইডেই সৰ্বেশ্ৰেষ্ঠ বুলি দাবী কৰে। একাংশই আকৌ আইফোন আৰু এণ্ড্ৰইড দুয়োটাই একেই বুলি দাবী কৰে। এপলৰ চিফ টম কুকক আইফোনৰ সলনি অন্য ফোন ব্যৱহাৰ কৰা দেখা নাযায়। ইফালে গুগলৰ চিইঅ’ সুন্দৰ পিছাইকো কিন্তু এণ্ড্ৰইডৰ বাদে অন্য ফোন ব্যৱহাৰ কৰা দেখা নাযায়। এয়া এপল আৰু গুগলৰ চিইঅ’ৰ কথা। কিন্তু পৃথিৱীৰ কোটি কোটি মানুহক অনলাইনলৈ অনা,. স্মাৰ্টফোনৰ ব্যৱহাৰ বৃদ্ধি কৰোৱা, মেটা তথা ফেচবুকৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে কি ফোন ব্যৱহাৰ কৰে?

বহুতৰে ধাৰণা যে মাৰ্ক জুকাৰবাৰ্গেও নিশ্চয় আইফোনেই ব্যৱহাৰ কৰে। কিন্তু আপুনিও শুনি আচৰিত হ’ব যে বিশ্বজুৰি ব্যাপক চাহিদা থাকিলেও মাৰ্ক জুকাৰবাৰ্গে কিন্তু আইফোন ব্যৱহাৰ নকৰে। তেওঁ আইফোনৰ সলনি ব্যৱহাৰ কৰে আন এক বিশেষ ফোনহে। শেহতীয়াকৈ এটা ইভেণ্টত যোগদান কৰিবলৈ যাওঁতে মাৰ্ক জুকাৰবাৰ্গৰ হাতত দেখা গৈছে Samsung S চিৰিজৰ স্মাৰ্টফোন। Samsungৰ প্ৰতি ভালপোৱা তেওঁ পূৰ্বেও প্ৰকাশ কৰি আহিছে। ফেছবুকক লৈ তেওঁ দিয়া প্ৰথমটো সাক্ষাৎকাৰতো ছেমচাং ফোনৰ কথা কৈছিল জুকাৰবাৰ্গে। আইফোনৰ সলনি যে এণ্ড্ৰইড ফোন পছন্দ কৰে সেই কথা তেওঁ ২০২০ চনতো কৈছিল।

ইউটিউবাৰ MKBHD অৰ্থাৎ মাৰ্কিও ব্ৰাউনলিয়ে ফেছবুক চিইঅ’ক ফোন কৰি এটা প্ৰশ্ন কৰিছিল। তেওঁৰ জেপত এতিয়া কি ফোন আছে? উত্তৰত মাৰ্ক জুকাৰবাৰ্গে কয়, ‘তুমিতো জানাই বহু বছৰ ধৰি মই ছেমচাঙৰ ফোনেই চলাই আছো। মই তেওঁলোকৰ ডাঙৰ ফেন। মোৰ মতে তেওঁলোকৰ দৰে ভাল ফোন কোনেও নিৰ্মাণ কৰিব নোৱাৰে।’

সম্প্ৰতি টেলৰ ছুইফটৰ এটা কনছাৰ্টতো তেওঁৰ হাতত দেখা গৈছে এটা ছেমচাঙৰ ফোন। তেওঁৰ হাতত আছিল কলা ৰঙৰ Samsung S ছিৰিজৰ স্মাৰ্টফোন। কিন্তু এই চিৰিজৰ কোনটো স্মাৰ্টফোন তেওঁ ব্যৱহাৰ কৰে সেই কথা স্পষ্ট হোৱা নাই। একাধিক সংবাদমাধ্যমে তেওঁৰ এই পষ্ট দেখা মাত্ৰকেই দাবী কৰিছে যে জুকাৰবাৰ্গে ব্যৱহাৰ কৰা ফোনটো Samsung Galaxy S21 নতুবা Samsung Galaxy S21+ নতুবা Samsung S22 স্মাৰ্টফোনৰ ভিতৰৰে এটা।

জুকাৰবাৰ্গে এই স্মাৰ্টফোন ব্যৱহাৰ কৰাৰ এক কাৰণো আছে বুলি আন্তৰাষ্ট্ৰীয় বহুকেইটা সংবাদমাধ্যমে দাবী কৰি আহিছে। ২০১৮ চনত এপলৰ চিইঅ’ টিম কুকে ফেছবুক প্ৰাইভেচী পলিচিক সমালোচনা কৰিছিল। এই সমালোচনাৰ প্ৰত্তুত্ত্যৰো দিছে জুকাৰবাৰ্গে। জুকাৰবাৰ্গে নিজেতো এণ্ড্ৰইড ব্যৱহাৰ কৰেই জনতাকো এণ্ড্ৰইডেই উত্তম ফোন বুলি প্ৰচাৰো চলাই। এইয়া টিম কুকৰ সমালোচনাৰেই হয়তো জৱাব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *