দেওবাৰে ভুলতো তুলসী গছত পানী নিদিব, তুলসীত পানী দিলেই আপোনাৰ ওপৰত ৰুষ্ট হ’ব লক্ষ্মী

দেওবাৰে ভুলতো তুলসী গছত পানী নিদিব, তুলসীত পানী দিলেই আপোনাৰ ওপৰত ৰুষ্ট হ’ব লক্ষ্মী

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- হিন্দু বিভিন্ন গছক দেৱতাজ্ঞান কৰি পূজা কৰা হয়। হিন্দু ধৰ্মাৱলম্বী লোকৰ বাবে অত্যন্ত মাহাত্ম্যপূৰ্ণ এবিধ গছ হৈছে তুলসী গছ। তুলসী গছত স্বয়ং লক্ষ্মীয়ে বাস কৰে। শাস্ত্ৰ অনুসৰি তুলসীক নাৰায়ণৰ পত্নী বুলি জ্ঞান কৰা হয়। সেয়ে হিন্দু গৃহত প্ৰায়েই তুলসী গছ ৰোৱা হয়। নিয়মিত তুলসী গছত পানী দিলে লক্ষ্মী প্ৰসন্ন হয় বুলি শাস্ত্ৰত উল্লেখ আছে। তুলসী গছৰ পূজা কৰিলে লক্ষ্মীৰ ওপৰিও নাৰায়ণ তুষ্ট হয়।

তুলসীত দৈনিক পানী দিয়াটো কিন্তু অশুভ। বিশেষকৈ দেওবাৰে ভুলতো তুলসী গছত পানী দিয়া উচিত নহয়। ধৰ্মীয় বিশ্বাস অনুসৰি দেওবাৰে তুলসী গছত পানী দিলে লক্ষ্মী ৰুষ্ট হয়। সেয়ে সংসাৰৰ পৰা বিদায় লয় লক্ষ্মীয়ে। দেওবাৰৰ ওপৰিও একাদশীত তুলসী গছত পানী দিয়াটো অনুচিত। কিন্তু দেওবাৰে আৰু একাদশীত কিয় তুলসী গছত পানী দিব নালাগে?

প্ৰতি পুৱাই তুলসী গছত পানী দিব লাগে বুলি শাস্ত্ৰত উল্লেখ আছে। কিন্তু দেওবাৰ আৰু একাদশীত ভুলতো তুলসী গছত পানী নিদিব। কাৰণ শাস্ত্ৰ অনুসৰি প্ৰতি দেওবাৰে তুলসী দেৱীয়ে স্বামীৰ বাবে উপবাসে থাকে। এই দিনটোত তুলসী গছৰ পানী দিলে লক্ষ্মীৰ উপবাস ভংগ হয়। তুলসী দেৱীৰ ব্ৰত ভংগ হ’লে ৰুষ্ট হয় লক্ষ্মী। দেওবাৰে তুলসী গছত পানী দিলে লক্ষ্মী দেবীৰ ৰোষত ঘৰত নিগেটিভ এনাৰ্জি আহে।

একাদশীত কিয় তুলসী গছত পানী দিব নালাগে?
দেওবাৰৰ ওপৰিও একাদশী তিথিত তুলসী গছত পানী দিব নালাগে। একাদশীত তুলসী গছৰ পাতো চিঙিব নালাগে। কাৰণ ধৰ্মীয় বিশ্বাস অনুসৰি একাদশীত তুলসী দেবীয়ে নাৰায়ণৰ বাবে উপবাসে থাকে। এই দিনটোত তুলসী গছত পানী দিলে উপবাস ভংগ হয়। সেয়ে একাদশীত তুলসী গছত পানী ভুলতো নিদিব।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *