ভয়ংকৰ দুৰ্ঘটনা, ৰাজপথ খহি একেলগে নিহত ২৪ গৰাকী লোক, সংকটজনক অৱস্থাত ৩০গৰাকী, ভাইৰেল হৈ পৰিছে ভিডিঅ’

ভয়ংকৰ দুৰ্ঘটনা, ৰাজপথ খহি একেলগে নিহত ২৪ গৰাকী লোক, সংকটজনক অৱস্থাত ৩০গৰাকী, ভাইৰেল হৈ পৰিছে ভিডিঅ’

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ভয়ংকৰ দুৰ্ঘটনা, ৰাজপথ খহি একেলগে নিহত ২৪ গৰাকী লোক, সংকটজনক অৱস্থাত ৩০গৰাকী, ভাইৰেল হৈ পৰিছে ভিডিঅ’

প্ৰকৃতিয়ে লৈছে ৰুদ্ৰ ৰূপ। নেৰানেপেৰা বৰষুণৰ ফলত বহু ক্ষতি হোৱাৰ লগতে এইবাৰ একেলগে প্ৰাণ হেৰুৱালে ২৪গৰাকীকৈ লোকে। তাৰোপৰি অন্য ৩০ গৰাকী লোকক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি। চীনত সংঘটিত হৈছে এই অতিকে শোকাৱহ ঘটনা।

চীনত হোৱা ধাৰাসাৰ বৰষুণৰ ফলতে এক দুৰ্ঘটনাত ২৪ জন লোকৰ মৃত্যু । ৩০ জন লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৷ চীনৰ গুৱাংডং প্ৰদেশত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

নেৰানেপেৰা বৰষুণৰ ফলত ঘাইপথৰ এক বৃহৎ অংশ খহি ২৪ জন লোকৰ মৃত্যু হয়। একে সময়তে আন ৩০ গাৰকী লোকক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । বিগত কিছুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

আজি ১ মে’, বুধবাৰে দুপৰীয়া চীনৰ সময় অনুসৰি প্ৰায় ২.১০ মান বজাত সংঘটিত হয় এই দুৰ্ঘটনাটৌ। মেইলং এক্সপ্ৰেছৱে’ৰ ১৭.৯ মিটাৰ (৫৮ ফুট) দৈৰ্ঘ্যৰ এটা অংশ ভাঙি পৰা বুলি জানিব পৰা গৈছে।

https://x.com/RawsGlobal/status/1785543075974037658

যাৰ ফলত সেই সময়ত পথত চলাচল কৰা ১৮খন গাড়ী খহি পৰা অংশত আবদ্ধ হৈ পৰি বহু তললৈ পৰি যায়। গুৱাংডং প্ৰদেশৰ মেইঝৌ চহৰৰ কৰ্তৃপক্ষই এই তথ্য প্ৰকাশ কৰিছে।

আনহাতে ঘাইপথটো ভাঙি পৰাৰ পিছতে তলৰ পাহাৰত এটা বৃহৎ গেছ পাইপলাইন লিক হৈ বহু ঠাইত জুইৰ সূত্ৰপাত ঘটে। সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে সেই স্থানত প্ৰায় ৫০০ মান জোৱান মোতায়েন কৰা হৈছে। প্ৰথমে ১৯ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছিল। এতিয়া এই সংখ্যা ২৪ লৈ বৃদ্ধি পাইছে। ৩০ জন লোক আহত হৈছে। বিষয়াসকলে জনোৱা মতে, পথৰ ভঙা অংশৰ বাবে প্ৰায় ২০খন বাহনৰ ক্ষতিসাধন হৈছে।

উল্লেখ্য যে, বিগত দুসপ্তাহ ধৰি দি থকা প্ৰবল বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত গুৱাংডং প্ৰদেশৰ কিছু অংশত বানপানীৰো সৃষ্টি হৈছে। প্ৰায় ১ লাখ ১০ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰিত হৈছে। বহু বিমান বাতিল হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *