ভাৰতৰ চুবুৰীয়া ৰাজ্যত কঠোৰ চৰকাৰ, বিয়াত অতিথিক দিব পাৰিব কেৱল এবিধ খাদ্য, অন্যথা শাস্তি

ভাৰতৰ চুবুৰীয়া ৰাজ্যত কঠোৰ চৰকাৰ, বিয়াত অতিথিক দিব পাৰিব কেৱল এবিধ খাদ্য, অন্যথা শাস্তি

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ভাৰতৰ চুবুৰীয়া ৰাজ্যত কঠোৰ চৰকাৰ, বিয়াত অতিথিক দিব পাৰিব কেৱল এবিধ খাদ্য, অন্যথা শাস্তি

খাদ্য সংকট, সংকট মানে একেবাৰে ভয়ংকৰ। ভৱাতকৈ বহু গুণে বৃদ্ধি পাইছে খাদ্য সামগ্ৰীৰ মূল্য। কেৱল মূল্য বৃদ্ধিয়েই নহয়, প্ৰয়োজনীয় সামগ্ৰীৰো অভাৱ। যাৰ বাবে এতিয়া কঠোৰ হৈ পৰিছে প্ৰশাসন তথা চৰকাৰ।

ভাৰতৰ এইখন চুবুৰীয়া দেশত এতিয়া কঠোৰ সিদ্ধান্ত লৈছে চৰকাৰে। এতিয়াৰে পৰা বিবাহ অনুষ্ঠানত অতিথিক খুৱাব পাৰিব কেৱল এবিধ ব্যঞ্জন। বিয়াৰ ক্ষেত্ৰত ওৱান ডিছ ৰুল (One Dish Rule), কেৱল এবিধ খাদ্য পৰিৱেশন কৰিব পাৰিব অতিথিক।

এই নিয়ম প্ৰৱৰ্তন কৰা হৈছে পাকিস্তানত। দেশখনৰ পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী মৰিয়াম নৱাজে বিবাহ অনুষ্ঠানত ‘ৱান ডিচ’ নিয়ম কঠোৰভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়ে। কম আয়ৰ পৰিয়ালৰ ওপৰত আৰ্থিক বোজা কমাবলৈ ইয়াক কাৰ্যকৰী কৰা হৈছে। মৰিয়মৰ অধ্যক্ষতাত অনুষ্ঠিত প্ৰাদেশিক কেবিনেট অধিৱেশনত আন বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

দ্য নিউজ ইণ্টাৰনেশ্যনেলৰ প্ৰতিবেদন অনুসৰি পঞ্জাৱ প্ৰদেশত বহু বছৰ ধৰি এই নিয়ম প্ৰযোজ্য হৈ আহিছে। নাগৰিকৰ মাজত ধন-সম্পত্তিৰ প্ৰদৰ্শন হ্ৰাস কৰাৰ বাবে আৰু আৰ্থিক প্ৰত্যাহ্বানৰ মাজতো ব্যয়বহুল বিয়াৰ ভোজ আয়োজন কৰাৰ বাধ্যবাধকতা দূৰ কৰিবলৈ এই আইনখন অনা হৈছিল।

উল্লেখ্য যে, পাকিস্তানত এতিয়াও হ্ৰাস হোৱা নাই খাদ্য সাম্গ্ৰীৰ মূল্য । বৰ্তমানেও আকাশলংঘী খাদ্যৰ দাম। একোখন ৰুটিতে ১০০ টকা ভৰিব লাগে। কণী একোটাৰ দাম ৬০ টকা, গাখীৰ ১ লিটাৰ ২০০ টকা ইত্যাদি।

কেৱল সিমানেই নহয়, প্ৰতিবেদন অনুসৰি, বিদ্যুৎ সংকটৰো ভয়াৱহতাৰ মাজত পাকিস্তান। যাৰ বাবে দেশখনত শক্তি ৰাহি কৰিবলৈ নিশা ১০ বজাৰ পিছত বিবাহ অনুষ্ঠান নিষিদ্ধ কৰাৰো সিদ্ধান্ত।

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *