অলিম্পিকৰ ইতিহাসত প্ৰথম, অলিম্পিকত সোণ জয় কৰিলে এইবাৰ হ’ব এনে কাম..

অলিম্পিকৰ ইতিহাসত প্ৰথম, অলিম্পিকত সোণ জয় কৰিলে এইবাৰ হ’ব এনে কাম..

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

অলিম্পিকৰ ইতিহাসত প্ৰথম, অলিম্পিকত সোণ জয় কৰিলে এইবাৰ হ’ব এনে কাম..

অলিম্পিকৰ ইতিহাসত এইবাৰ এক বিশেষ ঘটনা হ’বলৈ গৈ আছে। সোণ জয় কৰিলে খেলুৱৈয়ে লাভ কৰিব এক বিশেষ সুবিধা। এইবাৰৰ পেৰিছ অলিম্পিকত সোণ জয় কৰিলে খেলুৱৈয়ে কেৱল অলিম্পিক সন্থাৰ ফালৰ পৰাই নহয়, দেশৰ লগতে বিদেশৰ পৰাও লাভ কৰিব বহু ধন।

ট্ৰেক তথা ফিল্ডত এইবাৰ সোণ জয় কৰা সকললৈ বিশ্ব এথলেটিক সন্থাৰ ফালৰ পৰা দিয়া হব ৫০ হাজাৰ ডলাৰ। যি ভাৰতীয় হিচাপত ৪১.৬০ লাখ টকা। বুধবাৰ ১৭ এপ্ৰিল তাৰিখে এই কথা সদৰি কৰে বিশ্ব এথলেটিক সন্থাৰ ফালৰ পৰা।

অলিম্পিকৰ ট্ৰেক আৰু ফিল্ডত মুঠ ৪৮ টা ইভেণ্ট আছে। সেই ৪৮ টাতেই খেল অনুষ্ঠিত হয়। গতিকে সেই ৪৮ টা ইভেন্টৰে গোল্ড লাভ কৰা খেলুৱৈৱে প্ৰত্যকে লাভ কৰিব ৫০ হাজাৰকৈ ডলাৰ।

ভাৰতৰ হৈ নীৰজ চোপ্ৰাই জেভলীনত সোণ জয় কৰাৰ সম্ভাৱনা আছে। পূৰ্বৰ অলিম্পিকতো নীৰজে সোণ জয় কৰিছিল। তাৰ পূৰ্বে কেৱল অভিনৱ বিন্দ্ৰাইহে ভাৰতৰ হৈ সোণ জয় কৰিছিল। নীৰজৰ ওপৰত এইবাৰো সোণ আশা কৰিছে দেশবাসীয়ে।

সেয়ে নীৰজে যদি সোণ জয় কৰে তেন্তে অলিম্পিক সন্থাৰ ফালৰ পৰা লাভ কৰাৰ লগতে দেশৰ বিভিন্ন সন্থাৰ ফালৰ পৰাও লাভ কৰিব বহু ধনৰাশি। লগতে বিশ্ব এথলেটিত সন্থাৰ ফালৰ পৰাও লাভ কৰিব বহু ধন।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *