সহজভাৱে নলৱ, ভিটামিন বি ১২ এই ৫ ব্যক্তিৰ বাবে বিশেষ প্ৰয়োজনীয়

সহজভাৱে নলৱ, ভিটামিন বি ১২ এই ৫ ব্যক্তিৰ বাবে বিশেষ প্ৰয়োজনীয়

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

সহজভাৱে নলৱ, ভিটামিন বি ১২ এই ৫ ব্যক্তিৰ বাবে বিশেষ প্ৰয়োজনীয়

এটা মানৱ শৰীৰত বহু ধৰণৰ প্ৰটিন-ভিটামিন আদিৰ প্ৰয়োজন । শৰীৰটো সুস্থ-সৱল ৰাখিবৰ বাবে মানৱ দেহত ভিটামিন, প্ৰটিন, মিনাৰেল আদিৰ প্ৰয়োজন, আৰু এই কোনো এবিধৰে হেৰফেৰ হ’লে শৰীৰত দেখা দিবলৈ ধৰে বহু ধৰণৰ বেমাৰ আদিয়ে।

যাৰ বাবেই এই বেমাৰবোৰৰ পৰা ৰক্ষা পাবৰ বাবে প্ৰত্যক মানুহেই নিজৰ শৰীৰৰ বাবে প্ৰয়োজনীয় খাদ্য দ্ৰব্য আদি গ্ৰহণ কৰিব লাগে। তাৰেই ভিতৰত এবিধ অন্যতম হৈছে ভিটামিন বি ১২.

ভিটামিন বি ১২ৰ অভাৱত মানৱ শৰীৰত তেজৰ উৎপাদন হ্ৰাস হোৱা, ডি এন এৰ প্ৰস্তুত হোৱাত বাধা, এনিমিয়া, মানসিক সমস্যা আদি দেখা দিয়ে।

কোন সকল ব্যক্তিৰ বাবে অধিক প্ৰয়োজন এই ভিটামিন বি ১২-

বৃদ্ধ লোক- বয়স বৃদ্ধিৰ লগে লগে শৰীৰত বিটামিন বি ১২ৰ অভাৱ হ’বলৈ ধৰে। যাৰ বাবে কিছু লোকৰ স্মৃতি শক্তি লোপ পোৱা দেখা যায়। সেয়ে বৃদ্ধ লোকৰ বাবে বি ১২ ভিটামিন বহুত প্ৰয়োজন।

গৰ্ভৱতী মহিলা- গৰ্ভাৱস্থাৰ সময়ত এগৰাকী মহিলাকো ভিটামিন বি ১২ বহু প্ৰয়োজন। মাতৃৰ সুস্বাস্থ্যৰ লগতে গৰ্ভত থকা সন্তানৰ বিকাশৰ বাবে অতিকে প্ৰয়োজন এই ভিটামিন।

শিশু আৰু কিশোৰ- শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে শিশু আৰু কিশোৰ সকলোকো এই ভিটামনিৰ অধিক প্ৰয়োজন।

ডায়েট কৰোতা সকল- যি সকল লোকে ডায়েট কৰি আছে, সেই সকল লোকে যিহেতু খাদ্য বস্তু কমকৈ গ্ৰহণ কৰে, সেয়ে শৰীৰৰ পুষ্টিৰ বাবে ভিটামিন বি ১২ বহু প্ৰয়োজন।

ডাইবেটিছ ৰোগী- ইলছুলিন লৈ থকাৰ ফলত শৰীৰত বহু ভিটামিন হ্ৰাস পাই এগৰাকী ডাইবেটিছ থকা ৰোগীৰ শৰীৰত। যাৰ বাবে বি বিটামিনৰ পৰীক্ষা কৰি ইয়াৰ প্ৰতিকাৰক হিচাপে প্ৰয়োজনীয় খাদ্য গ্ৰহণ কৰিব লাগে।

উল্লেখ্য যে, সকলোৰে বাবে প্ৰয়োজনীয় এই ভিটামিন বি ১২, যাৰ বাবে সকলোৱে সময়ে সময়ে এই ভিটামিন বি ১২ৰ পৰীক্ষা কৰি থাকিব লাগে আৰু ইয়াৰ প্ৰতিকাৰ হিচাপে খাদ্য গ্ৰহণ কৰিব লাগে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *