চয়াবিন খাই ভাল পাই নেকি, সাৱধান হওঁক পুৰুষ সকল …

চয়াবিন খাই ভাল পাই নেকি, সাৱধান হওঁক পুৰুষ সকল …

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

চয়াবিন খাই ভাল পাই নেকি, সাৱধান হওঁক পুৰুষ সকল …

চয়াবিনত বহু প্ৰকাৰৰ শৰীৰৰ বাবে উপকাৰী গুণ পোৱা যায়। ভাল সুগঢ়ি স্বাস্থ্যৰ বাবেও পুৰুষক সাধাৰণতে চয়াববিন খাবলৈ কোৱা হয় প্ৰটিনৰ বাবে। কিয়নো চয়াবিনত প্ৰচুৰ পৰিমানে প্ৰটিন পোৱা যায়। তাৰোপৰি চয়াবিনৰ গুণৰ বিষয়ে কবলৈ গলে এক দীঘলিয়া তালিকা হৈ পৰিব।

পাছে পুৰুষ সকল সাৱধান হওক চয়াবিন খোৱাৰ ক্ষেত্ৰত। স্বাস্থ্যৰ ওপৰত যিদৰে চয়বিনে ভাল কৰে, তেনেদৰে বেয়াও কৰে। নিতৌ চয়াবিন খালে বা জোখতকৈ অধিক চয়াবিন খালে পুৰুষৰ বন্ধ্যাত্ব পৰ্যন্ত হব পাৰে।

কেৱল সেয়াই নহয়, চয়াবিন অধিক পৰিমানে খালে পুৰুষৰ ক্ষেত্ৰত কৰ্কট ৰোগৰো সম্ভৱনা বৃদ্ধি পায়।

চয়াবিনত যিহেতু এষ্ট্ৰোজেন-নকল কৰা যৌগ আছে, পুৰুষে কেতিয়াবা উচ্চ পৰিমাণৰ চয়াবিন বা চয়া গাখীৰ সেৱন কৰিলে হৰমনৰ ভাৰসাম্যহীনতা বিকশিত হ’ব পাৰে। পুৰুষৰ ক্ষেত্ৰত বন্ধ্যাত্ব, যৌন বিকাৰ, শুক্ৰাণুৰ সংখ্যা হ্ৰাস হ’ব পাৰে।

তাৰোপৰি পুৰুষ মহিলা উভয়ৰে থাইৰইড সমস্যা থকা লোকে পৰিহাৰ কৰি চলিব চয়াবিন. কেৱল চয়াবিনেই নহয়, চয়া গাখীৰ, চয়াবিন ৰিফাইণ্ড অইল আদিৰ পৰাও দূৰত থাকিব থাইৰইড থকা লোকে।

চয়াবিনৰ ফলত কিছুলোকৰ মৃদু পেট চলা আৰু অন্ত্ৰৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে যেনে কোষ্ঠকাঠিন্য, পেট ফুলা, আৰু ওকালি অহা আদি। ইয়াৰ ফলত কিছুমান লোকৰ চোকোৰা, খজুৱতি, আৰু উশাহ-নিশাহৰ সমস্যা অন্তৰ্ভুক্ত থকা এলাৰ্জিক প্ৰতিক্ৰিয়াও হ’ব পাৰে।

সেয়ে কোনো ধৰণৰ ৰোগ হলে চিকিৎসকৰ পৰামৰ্শ লৈহে চয়াবিন খাব। অন্যথা বহু পুষ্টিকৰ চয়াবিনে হিতে বিপৰীত কৰিব আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *