‘৩০০০অশ্লী*  ভিডিঅ’ থকা পেনড্ৰাইভ কেৱল বিজেপি নেতাক দিছিলো’, প্ৰজ্জ্বলৰ পেনড্ৰাইভ বাহিৰলৈ আনিছিল তেওঁৰ অতি ঘনিষ্ঠ এইজন ব্যক্তিয়েই

‘৩০০০অশ্লী*  ভিডিঅ’ থকা পেনড্ৰাইভ কেৱল বিজেপি নেতাক দিছিলো’, প্ৰজ্জ্বলৰ পেনড্ৰাইভ বাহিৰলৈ আনিছিল তেওঁৰ অতি ঘনিষ্ঠ এইজন ব্যক্তিয়েই

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জেডিএছ  প্ৰধান এইচ ডি দেৱগৌড়াৰ নাতি প্ৰজ্জ্বল ৰেভান্নাৰ যৌন কুকীৰ্তিৰ ভিডিঅ’ প্ৰজ্জলৰ ঘনিষ্ঠ ব্যক্তিয়েই শ্বেয়াৰ কৰিছিল৷ তেওঁ সেই ভিডিঅ’ কংগ্ৰেছ দলৰ কৰ্মীক দিয়া নাছিল৷ সেই ভিডিঅ’ শ্বেয়াৰ কৰিছিল বিজেপিৰ এজন নেতাৰ সৈতে৷ মঙলবাৰে এই কথা স্পষ্ট ৰূপত জনাইছে প্ৰজ্জ্বলৰ ঘনিষ্ঠ তথা তেওঁৰ প্ৰাক্তন গাড়ী চালক কাৰ্তিকে৷

কাক ভিডিঅ’কেইটা প্ৰেৰণ কৰিছিল সেই তথ্যও জনাইছে ড্ৰাইভাৰ কাৰ্তিকে৷ কাৰ্তিকে ভিডিঅ’ প্ৰদান কৰিছিল বিজেপি নেতা তথা প্ৰাক্তন বিজেপি বিধায়ক দেৱৰাজ গৌড়াক৷ প্ৰজ্জ্বল যি লোকসভা সমষ্টিৰ সাংসদ সেই সমষ্টিৰ অন্তৰ্গত এটা বিধানসভা সমষ্টিৰ বিধায়ক আছিল দেৱৰাজ গৌড়া৷

ঘটনাৰ আৰম্ভণি হৈছিল ২০২৩ চনতেই৷ এটা ভিডিঅ’ বাৰ্তাযোগে কাৰ্তিক নামৰ ড্ৰাইভাৰজনে দিছে কেইবাটাও বিস্ফোৰক তথ্য৷ তেওঁ ভিডিঅ’ত কৈছে, ‘যিসকল নাৰীক প্ৰজ্জ্বলে যৌন নিৰ্যাতন চলাইছে তেওঁলোকে যাতে সুবিচাৰ পায় সেই উদ্দেশ্যে এই ভিডিঅ’সমূহ মই দেৱৰাজক দিছিলো৷ দেৱৰাজ অবিহনে মই কাকোৱেই এই ভিডিঅ’ পেন ড্ৰাইভত দিছিলো৷ দেৱৰাজৰ বাদে মই কাকোৱেই এই ভিডিঅ’ দিয়া নাই৷’

কিন্তু কাৰ্তিকে কিয় বিশ্বাসঘাতকতা কৰিছিল প্ৰজ্জ্বলক৷ কাৰ্তিকে কয়, ‘মোৰ এটুকুৰা মাটি জোৰ কৰি নিজৰ নামত লিখাই লৈছিল ৰেভান্নাৰ পৰিয়ালে৷ মই এই কামৰ সুবিচাৰ বিচাৰি দেৱৰাজৰ কাষলৈ গৈছিলো৷ ঘটনাচক্ৰত কৰ্ণাটকত এতিয়া বিজেপিৰ সহযোগী দল হৈ পৰিল জেডিএছ৷ সেই ৰাজ্যৰ ২৮ লোকসভা আসনৰ মাজত ১৪টাত নিৰ্বাচন গৈছিল আৰু বাকী থকা আসনত আগন্তুক ৭মেত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ এই পৰিস্থিতিত ৰাজনৈতিকভাৱে বিজেপি অস্বস্তিত পৰা বুলিও বহুতে ধাৰণা কৰিছে৷

দেৱৰাজে বিজেপিৰ ৰাজ্যিক সভাপতিলৈ লিখা চিঠিত জনাইছে যে বিগত ডিচেম্বৰতেই প্ৰজ্জ্বলৰ যৌন কুকীৰ্তিৰ তিনি হাজাৰ ভিডিঅ’ ভৰ্তী পেনড্ৰাইভ তেওঁৰ হাতলৈ আহিছে৷ বিগত পাঁচ বছৰ ধৰি হাছনৰ সাংসদ হৈ থকাৰ সময়ত হাজাৰ হাজাৰ মহিলাক ধৰ্ষণ আৰু যৌন নিৰ্যাতন চলাই ভিডিঅ’ ৰেকৰ্ড কৰি ৰাখিছিল প্ৰজ্জ্বলে৷

এই সন্দৰ্ভত দেৱৰাজে কয়, ‘নিৰ্যাতিতাক ব্লেকমেইল কৰাই উদ্দেশ্য আছিল প্ৰজ্জ্বলৰ৷ ঘটনাৰ পাছতেই অৱশ্যে দেশ এৰিছে দেৱগৌড়াৰ নাতিয়ে৷ দেৱৰাজৰ অভিযোগ, প্ৰজ্জ্বলক সহায় কৰিছে তেওঁৰ পিতৃ ৰেভান্নাইয়ো৷ জেডিএছৰ ঘৰোৱা ৰাজনীতিত দেৱগৌড়াৰ দুই পুত্ৰ কুমাৰস্বামী আৰু ৰেভান্নাই এই বিষয়টোক এতিয়াও স্বীকাৰ কৰি লোৱা নাই৷ এই পৰিস্থিতিত মঙলবাৰে অনিচ্ছাস্বত্ত্বেও দলৰ পৰা বহিস্কাৰ কৰিছে প্ৰজ্জ্বল ৰেভান্নাক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *