ছলমানৰ পৰা অক্ষয়, ৰবীনাৰ পৰা কৰিশ্মা, বাগদান পৰ্ব সম্পন্ন কৰিও বিয়া ভাঙিছে এইসকল বলীউড তাৰকাই, কাৰণ জানিলে আপোনাৰো চকু কঁপালত উঠিব

ছলমানৰ পৰা অক্ষয়, ৰবীনাৰ পৰা কৰিশ্মা, বাগদান পৰ্ব সম্পন্ন কৰিও বিয়া ভাঙিছে এইসকল বলীউড তাৰকাই, কাৰণ জানিলে আপোনাৰো চকু কঁপালত উঠিব

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ৰণবীৰ সিং-দীপিকা পাডুকন, ৰণবীৰ কাপূৰ-আলিয়া ভাট্ট, সিদ্ধাৰ্থ মলহোত্ৰা-কিয়াৰা আদৱানী, বিকি কৌশল-কেটৰীণা কাঈফ বলীউডৰ অন্যতম যুঁটি। অভিনয় জগতৰ ওপৰিও বিবাহিত জীৱনক লৈয়ো এওঁলোক চৰ্চিত হৈয়েই থাকে। কিন্তু বলীউডৰ এনে বহু তাৰকা আছে যিসকলে অন্য তাৰকাৰ সৈতে বাগদান পৰ্ব সম্পন্ন কৰিও বিবাহৰ সম্পৰ্কৰ পৰা পিছুৱাই আহিছে। ছলমান খানৰ পৰা আৰম্ভ কৰি এই তালিকাত আছে অক্ষয় কুমাৰৰ দলে বলীউড তাৰকাৰো নাম। নব্বৈৰ দশকৰ পৰা বলীউডত নিজৰ পৰিচয় গঢ়ি তুলিছে ৰণধীৰ কাপূৰৰ কন্যা কৰিশ্মা কাপূৰে। অমিতাভ বচ্চনৰ পূত্ৰ অভিষেক বচ্চনৰ সৈতে বেছ কিছু বছৰ ধৰি সম্পৰ্কত আছিল কৰিশ্মা। ২০০০ চনত ৰিফিউজি ছবিৰ মাধ্যমেৰে বলীউডত আত্মপ্ৰকাশ কৰিছিল অভিষেকে। বলীউডত ভৰি ৰখাৰ দুবছৰৰ ভিতৰত কৰিশ্মাৰ সৈতে বাগদানো সম্পন্ন হৈছিল অভিনেতা অভিষেকৰ।

বলীউডৰ সূত্ৰৰ খবৰ অনুসৰি ২০০২ চনত অমিতাভৰ জন্মদিনত বাগদানৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল অভিষেক আৰু কৰিশ্মাই। কিন্তু তেওঁলোকৰ সম্পৰ্ক বেছিদিন নিটিকিল। ২০০৩ চনৰ ফেব্ৰুৱাৰী মাহত অভিষেক আৰু কৰিশ্মাই তেওঁলোকৰ সম্পৰ্কত যতি পৰে। একে বছৰতেই উদ্যোগী সঞ্জয় কাপূৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয় কৰিশ্মা। কিন্তু এই সম্পৰ্ও বেছিদিন টিকি নাথাকিল। ইফালে ঐশ্বৰ্য ৰায়ৰ সৈতে ২০০৭ চনত বিবাহপাশত আৱদ্ধ হয় অভিষেক বচ্চন।

অভিষেক আৰু কৰিশ্মাৰ সম্পৰ্ক ভঙাৰ পাছত এই সম্পৰ্কত কেনেকৈ দূৰত্ব আহিল সেই সন্দৰ্ভত বচ্চন আৰু কাপূৰ পৰিয়ালে মুকলিকৈ কোনো কথা প্ৰকাশ নকৰিলে। বলীউডৰ সূত্ৰৰ খবৰ অনুসৰি কৰিশ্মাৰ মাতৃয়ে এই বিবাহত আপত্তি দৰ্শাইছিল। সেয়ে অভিষেকৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰে কৰিশ্মাই।

আশী, নব্বৈৰ দশকৰ আন এগৰাকী পৰিচিত অভিনেত্ৰী হৈছে সংগীতা বিজলানী। ছলমান খানৰ সৈতে বিবাহৰ কথা আছিল সংগীতা বিজলানীৰ। দুই তাৰকাৰ বাগদান পৰ্ব সম্পন্ন হোৱাৰ পাছতেই দুয়োৰে বিচ্ছেদ হয়। বলীউডৰ সূত্ৰৰ খবৰ মতে ছবিত অভিনয়ৰ কেৰিয়াৰ আৰম্ভ হোৱাৰ পূৰ্বেই সংগীতাৰ সৈতে পৰিচিত আছিল ছলমান খান। ১৯৮৬ চনৰ পৰা ৮ বছৰীয়া সম্পৰ্কৰ অন্তত দুয়ো বিবাহৰ বাবেও আগবাঢ়িছিল। ১৯৯৪চনৰ ২৭ মে’ত বিবাহৰ দিনো ধাৰ্য্য হৈছিল ছলমান আৰু সংগীতাৰ। বিবাহৰ কাৰ্ড ছপা হোৱাৰ পাছতো এই বিবাহ শেষ পৰ্যন্ত ভাঙি যায়।

সংগীতাৰ সৈতে সম্পৰ্কৰ বিচ্ছেদ অহাৰ পিছত অভিনেত্ৰী ছোমী আলিৰ সৈতে পৰকীয়া সম্পৰ্কত বান্ধ খাই ছলমান। বিবাহৰ কথা পাক্কা গোৱাৰ পাছত এইদৰে পৰকীয়া সম্পৰ্ক ৰখাক লৈ আপত্তি দৰ্শাই সংগীতাই। যাৰবাবে দুয়োৰে বিচ্ছেদ হয়। ছলমানেই প্ৰেমৰ বাবে চৰ্চাত আছিল তেনে নহয়। ঐশ্বৰ্য ৰায় বচ্চনৰ সৈতে বিবেক অৱৰয়ৰ সম্পৰ্কক লৈয়ো বলীউডত এসময়ত খুবেই চৰ্চা হৈছিল। বলীউডৰ সূত্ৰৰ খবৰ অনুসৰি ছলমানৰ সৈতে সম্পৰ্কত যতি পৰাৰ পাছত বিবেকৰ সৈতে সম্পৰ্ক গঢ় লৈ উঠে ঐশ্বৰ্যৰ। কিন্তু সেই সম্পৰ্কও বেছিদিন নিটিকিল। ঐশ্বৰ্যৰ সৈতে সম্পৰ্ক গঢ়াৰ পূৰ্বে গুৰপ্ৰীতৰ সৈতে বাগদান সম্পূৰ্ণ কৰিছিল অভিনেতা বিবেকেও।

বলীউডৰ আন এগৰাকী অভিনেত্ৰী ৰবীনা টেণ্ডন আৰু অভিনেতা অক্ষয় কুমাৰৰো বাগদান সম্পূৰ্ণ হৈছিল। কিন্তু ১৯৯৮ চনত দুই তাৰকাৰ সম্পৰ্কত যতি পৰে। সেই সময়ৰ ভাইৰেল খবৰমতে অক্ষয়ে ৰবীনাক কৈছিল যে বিয়াৰ পাছত তেওঁ বলীউড ত্যাগ কৰিব লাগিব। সেই বিষয়টোক লৈয়েই দুয়োৰে মতবিৰোধ হয়। ৰবীনাই স্পষ্টকৈ জনাই দিয়ে যে তেওঁ নিজৰ কেৰিয়াৰৰ সৈতে কোনোধৰণৰ বুজাবুজি কৰিব নোৱাৰে। এই বিষয়টোক লৈ ৰবীনা আৰু অক্ষয়ৰ সম্পৰ্কত যতি পৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *