‘ভোক লাগিছে মা’, পাছে খাদ্য ৰান্ধি থাকোতেই চিলিণ্ডাৰ ব্লাষ্ট হৈ মাতৃসহ ৩ শিশু নিহত

‘ভোক লাগিছে মা’, পাছে খাদ্য ৰান্ধি থাকোতেই চিলিণ্ডাৰ ব্লাষ্ট হৈ মাতৃসহ ৩ শিশু নিহত

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

‘ভোক লাগিছে মা’, পাছে খাদ্য ৰান্ধি থাকোতেই চিলিণ্ডাৰ ব্লাষ্ট হৈ মাতৃসহ ৩ শিশু নিহত

ভোকত আছিল তিনি শিশু। মাকক কৈছিল হে, ‘ভোক লাগিছে মা’। শিশু তিনিটিৰ ভোকৰ কথা শুনিয়েই খাদ্য প্ৰস্তুত কৰাত লাগি গৈছিল মাতৃ। কিন্তু কঁপালত নাছিল সেই ভোকৰ ভাতসাজ।

খাদ্য প্ৰস্তুত কৰি থকাৰ সময়তে চিলিণ্ডাৰ ব্লাষ্ট হৈ মাতৃৰ লগতে তিনি শিশুৱে হেৰুৱালে প্ৰাণ। লগতে আন দুগৰাকী সেই জুইত অগ্নিদ্বগ্ধ হৈ সংকটজনক অৱস্থাত।

বিহাৰৰ কিশনগঞ্জত সংঘটিত হৈছে এই ঘটনা। পাকঘৰত ৰান্ধি থকাৰ সময়তে চিলিণ্ডাৰ ব্লাষ্ট হৈ এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি ৰান্ধি থকাৰ সময়তে গেছৰ পৰা জুই চিলিণ্ডাৰলৈ বিয়পি পৰে। পাকঘৰৰ অন্য সামগ্ৰীটো জুইয়ে আগুৰি ধৰে। পৰিয়ালৰ লোকে কিবা এটা ব্যৱস্থা কৰাৰ পূৰ্বেই চিলিণ্ডাৰটোও ব্লাষ্ট হৈ যায়।

লগে লগে হুৱা দুৱা লাগি যায় চাৰিওফালে। জুইত জীৱন্তে জ্বলি মৃত্যু হয় ভাত ৰান্ধি থকা মাতৃ আৰু কাষতে থকা তিনি শিশু। আন দুগৰাকী লোক শিশু কেইটিৰ মোমায়েক আৰু মাহীয়েকৰ প্ৰাণ ৰক্ষা পালেও অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে ।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপত বাহিনীৰ লোক উপস্থিত হৈ মৃতদেহ চাৰিটা উদ্ধাৰ কৰাৰ লগতে মোমায়েক আৰু মাহীয়েকক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

মৃত্যুমুখত পৰা মহিলাগৰাকীৰ বয়স ৩০, আনহাতে শিশু তিনিটিৰ বয়স ক্ৰমে ৮, ৫ আৰু ৪ বছৰ । ঘটনাৰ সময়ত মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে বহিঃৰাজ্যত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *