ৰমজানত উপবাসে থাকিলে শৰীৰত কি কি উপকাৰ হয়? জানি থওক সবিশেষ

ৰমজানত উপবাসে থাকিলে শৰীৰত কি কি উপকাৰ হয়? জানি থওক সবিশেষ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- চলিত বছৰত ১২ মাৰ্চৰ পৰা আৰম্ভ হৈছে মুছলমানসকলৰ পবিত্ৰ ৰোজামাহ ৰমজান।এই সময়ছোৱাত সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে এটুপি পানী পৰ্যন্ত সেৱন নকৰে মুছলমান ধৰ্মাৱলম্বী লোকে। সন্ধিয়াৰ ভাগত লঘু খাদ্যগ্ৰহণেৰে উপবাস ভঙাটোৱেই ৰোজা মাহৰ পৰম্পৰা।

ৰমজানৰ এমাহ সময় উপবাস কৰাটো সাধাৰণ কথানে? ধৰ্মীয় ৰীতি অনুসাৰে এই মাহটো মুছলমানসকলৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। অৱশ্যে এমাহ ধৰি উপবাসে থকাটো স্বাস্থ্যসন্মতনে? চিকিৎসকে ৰোজা ৰখা সন্দৰ্ভত কি কয়? চিকিৎসকৰ মতে ৰোজা ৰখাৰ আছে বহুকেইটা যোগাত্মক দিশ। শৰীৰ মন সুস্থ ৰাখিবৰ বাবে উপবাস জৰুৰীও। ৰমজানত উপবাসে থাকিলে শৰীৰৰ কি কি উপকাৰ হয়?

ডায়াবেটিছ নিয়ন্ত্ৰণ হয়
ডায়াবেটিছ আক্ৰান্ত ৰোগীৰ সংখ্যা দৈনিক বৃদ্ধি পাইছে। ভাৰতক এই অসুখৰ ৰাজধানীয়েই বুলিব পাৰি। চিকিৎসকে জনোৱা অনুসৰি ৰোজা ৰাখিলে বা উপবাসে থাকিলে ব্লাড প্ৰেছাৰ আৰু চুগাৰ নিয়ন্ত্ৰণত থাকে। উপবাসে থাকিলে ইনছুলিনৰ কাৰ্যকাৰিতা শৰীৰত বৃদ্ধি পায়। যাৰফলত এজন লোকৰ ডায়াবেটিছত আক্ৰান্ত হোৱাৰ আশংকা কমি যায়। যিসকলৰ ইতিমধ্যে ডায়াবেটিছ আছে, তেঁওলোকে চুগাৰৰ ঔষধ খোৱাটোত হেমাহি কৰিব নালাগে। চিকিৎসকৰ পৰামৰ্শ মানিহে ৰমজান পালন কৰিব লাগে।

প্ৰেছাৰ আৰু কলেষ্টোৰেল নিয়ন্ত্ৰণত থাকে
সমগ্ৰ পৃথিৱীতেই হাৰ্টৰ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰোপৰি হাই ব্লাড প্ৰেছাৰ, কলেষ্টেৰল, ট্ৰাইগ্লিছাৰাইডছ আদি সমস্যাও বৃদ্ধি পাইছে। দেখা গৈছে যে নিয়মিতভাৱে উপবাস ৰাখিলে কলাষ্টেৰল, ট্ৰাইগ্লিছাৰাইডছ, হাই ব্লাড প্ৰেছাৰ কমে।

মস্তিষ্কৰ ক্ষমতা বৃদ্ধি কৰে
মস্তিষ্কৰ ক্ষমতা বৃদ্ধি কৰিব পাৰিলেই পৃথিৱী আপোনাৰ হাতত মুঠিত। সকলো স্থানতেই জ্ঞানী মানুহে সমাদৰ পায়। পবিত্ৰ ৰমজান মাহত ৰোজা ৰাখিলে ব্ৰেইনৰো যথেষ্ট উন্নতি হয়। ফাষ্টিঙৰ জৰিয়তে ব্ৰেইনৰ গঠনগত পৰিবৰ্তন হয়।

ওজন নিয়ন্ত্ৰণত থাকে
ওজন বেছি হোৱাটো প্ৰায়সংখ্যক লোকৰেই এক প্ৰধান সমস্যা হৈ ধৰা দিছে। ৰমজান মাহত ফাষ্টিং কৰিলে ওজন নিয়ন্ত্ৰণত অনাটো সহজ হৈ পৰে। ওজন কমাবৰ বাবে এনেধৰণে উপবাস কৰিব পাৰে আপুনিও।

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *