চ’ত অমাবস্যাতেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, বেয়া সময়তো সৌভাগ্যৰ পোহৰত চমকি উঠিব ৫ৰাশিৰ জাতক

চ’ত অমাবস্যাতেই বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ, বেয়া সময়তো সৌভাগ্যৰ পোহৰত চমকি উঠিব ৫ৰাশিৰ জাতক

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- আগন্তুক ৮ এপ্ৰিল ২০২৪ চৈত্ৰ অমাবস্যা তিথি৷ এই অমাবস্যাতেই এইবাৰ বছৰৰ প্ৰথম সূৰ্য গ্ৰহণ৷ ফাকুৱাৰ বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ হোৱাৰ ঠিক ১৫ দিন পাছতেই বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ৷ বিগত ৫০ বছৰৰ অন্তত এইবাৰৰ সূৰ্যগ্ৰহণ বিশেষ হ’ব বুলি জনাইছে জ্যোতিষবিদেও৷ কাৰণ ৫০ বছৰৰ অন্ততঃ এই সূৰ্যগ্ৰহণেই হ’ব দীৰ্ঘতম সূৰ্যগ্ৰহণ৷ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ বাবে সেই দিনটোত গ্ৰহণৰ সময়ত চন্দ্ৰৰ ছায়াত সম্পূৰ্ণৰূপে ঢাক খাই পৰিব সূৰ্য৷ ইয়াৰ ফলত দিনতেই ঘোৰ অন্ধকাৰ নামিব৷ চন্দ্ৰৰ ছায়াৰ বাবেই এই দিনটোত সূৰ্য ৭ মিনিট ৩০ ছেকেণ্ডৰ বাবে আকাশৰ পৰা হেৰাই যাব৷ অৱশ্যে ভাৰতৰ পৰা এই গ্ৰহণ দেখা নাযাব৷ দেখা নগলেও কেইটামান ৰাশিৰ জাতকৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব বুলি জনাইছে জ্যোতিষবিদে৷ বছৰৰ প্ৰথম সূৰ্যগ্ৰহণৰ প্ৰভাৱত সৌভাগ্য লাভ কৰিব কেইটামান ৰাশিৰ জাতকে৷

মেষ ৰাশি
আগন্তুক ৮ এপ্ৰিলত সূৰ্যগ্ৰহণৰ শুভ প্রভাৱ পৰিব মেষ ৰাশিৰ জাতকৰ ওপৰত৷ এই সময় ব্যৱসায়ৰ বাবেও খুবেই ভাল৷ যিকোনো ব্যৱসায়ত হাত দিলেই উন্নতি খাটাং৷ এই সময়ত নিজৰ আৰ্থিক লাভৰ পৰিমান বহুপৰিমানে বৃদ্ধি পাব৷ মেষ ৰাশিৰ জাতকৰ দাম্পত্য জীৱনো এই সময়ত উন্নত হ’ব৷ পৰিয়ালৰ সৈতে আনন্দৰ সময় কটাব৷ বেংক বেলেন্সো এই সময়ত বাঢ়িব মেষ ৰাশিৰ জাতকৰ৷

মিথুন ৰাশি
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণৰ শুভ প্ৰভাৱত জীৱন সলনি হৈ পৰিব মিথুন ৰাশিৰ জাতকৰ৷ এই সময়ত এটাৰ পাছত আনটো ভাল খবৰ আহিব মিথুন ৰাশিৰ জাতকলৈ৷ পাবলগীয়া ধন লাভ কৰিব পাৰে৷ কেৰিয়াৰত উন্নতিৰ গ্ৰাফ এই সময়ত ঊৰ্ধগামী হ’ব মিথুন ৰাশিৰ জাতকৰ৷ আৰ্থিক পৰিস্থিতিও উন্নত হ’ব মিথুন ৰাশিৰ জাতক৷ হঠাৎ ধনৰ আগমন ঘটিব৷

সিংহ ৰাশি
চ’ত অমাবস্যাত হ’বলগীয়া সূৰ্যগ্ৰহণৰ প্ৰভাৱত জীৱনত উন্নতিৰ গ্ৰাফ ঊৰ্ধগামী হ’ব সিংহ ৰাশিৰ জাতকৰ৷ দীৰ্ঘদিনীয়া কোনো সমস্যা এইবাৰ দূৰ হ’ব৷ নিজৰ বুদ্ধি আৰু সাহস কামত লগাই সকলো সমস্যাৰ সমাধান ওলিয়াব পাৰিব সিংহ ৰাশিৰ জাতকে৷ হঠাৎ হাতলৈ ধন আহিব৷ এই সময়ত বিদেশ ভ্ৰমণলৈকো যাব পাৰে৷

কন্যা ৰাশি
সূৰ্যগ্ৰহণৰ শুভ প্ৰভাৱত কেৰিয়াৰ উন্নত হ’ব কন্যা ৰাশিৰ জাতকৰ৷ নিজৰ সকলো কামতেই পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ জোৰত আপুনি সফলতা অৰ্জন কৰিব পাৰিব৷ চৰকাৰী কোনো প্ৰকল্পৰ কাম হাতত ল’লে লাভৱান হ’ব৷ চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হ’ব পাৰে আপুনি৷ গ্ৰহণৰ প্ৰভাৱত সকলো কামতেই সৌভাগ্যক নিজৰ কাষত পাব কন্যা ৰাশিৰ জাতকে৷

ধনু ৰাশি
২০২৪ৰ প্রথম সূৰ্যগ্ৰহণত সৌভাগ্যৰ গ্ৰাফ ওপৰলৈ যাব ধনু ৰাশিৰ জাতকৰ৷ এই সময়ত আপোনাৰ জীৱনলৈ সফলতা আহিব৷ কোনো গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম হাতত ল’লে সফলতা অহাটো খাটাং৷ নতুন কোনো কাম আৰম্ভ কৰাৰ বাবে এই সময় অনুকূল৷ পৰিয়ালৰ সৈতে সুখৰ সময় কটাব৷ নিজৰ লক্ষ্যৰ একেবাৰেই কাষলৈ যাব ধনু ৰাশিৰ জাতক৷

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *