T20 ৱৰ্ল্ড কাপ- স্থান নিশ্চিত কাৰ কাৰ, কোন শংকটত

T20 ৱৰ্ল্ড কাপ- স্থান নিশ্চিত কাৰ কাৰ, কোন শংকটত

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

টি-২০ বিশ্বকাপ- স্থান নিশ্চিত কাৰ কাৰ, কোন শংকটত

মাজত আৰু মাথো কেইটামান দিন বাকি। ১ জুনৰ পৰা আৰম্ভ হ’বলৈ গৈ আছে টি-২০ বিশ্বকাপ। তাকে লৈ ইতিমধ্যে বিশ্বৰ ক্ৰিকেট দল সমূহৰ মাজত দল নিৰ্বাচনক লৈ চৰ্চাৰ বিষয় হৈ পৰিছে। ভাৰতীয় ক্ৰিকেট দলতো একেই চিন্তা। কাক দিব দলত স্থান, কোন পৰিব বাদ।

আই পি এলেই হ’ব যেন এইবাৰৰ বিশ্বকাপৰ দল নিৰ্বাচনৰ মুল চালিকা শক্তি। দুৰ্বল প্ৰদৰ্শনৰ বাবে অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াৰ মূৰৰ ওপৰত তৰোৱাল ওলমি আছে। তাৰ বিপৰীতে মৃত্যুৰ মুখৰ পৰা উভতি অহা ঋষভ পন্টৰ স্থান এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে।

আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে থকা হাৰ্ডিক পাণ্ডিয়াই এই ছিজনত এতিয়ালৈকে ভাল প্ৰদৰ্শন কৰিব পৰা নাই। আনহাতে উইকেটকীপাৰৰ বাবে সঞ্জু চেমছন আৰু কে এল ৰাহুলৰ মাজত কঠোৰ প্ৰতিযোগিতা চলি আছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অধিনায়ক ৰোহিত শৰ্মাই বাছনি সমিতিৰ মুৰব্বী অজিত আগৰকাৰক সাক্ষাৎ কৰিব পাৰে।

আইচিচিয়ে দলটো বাছনি কৰিবলৈ ১ মে’লৈ সময়সীমা ধৰি দিছে। বিচিচিআইয়ে এই সপ্তাহৰ শেষত বা অহা সপ্তাহৰ আৰম্ভণিতে দলটো ঘোষণা কৰিব পাৰে। মুম্বাই ইণ্ডিয়ানছৰ হৈ ৮খন মেচত ১৭ অভাৰত বলিং কৰিছে হাৰ্দিক পাণ্ডিয়াই। এই আই পি এলত এতিয়ালৈকে তেওঁ মাত্ৰ ৭টা ছয়হে কৰিব পাৰে।

আনহাতে আই পি এলত ১৬১ ষ্ট্ৰাইক ৰেটত ৩৪২ ৰান সংগ্ৰহ কৰা উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টে ইতিমধ্যে নিজৰ স্থান নিশ্চিত কৰিছে। মৃত্যু মুখৰ পৰা উভতি আহিয়ে আই পি এলৰ দিল্লী দলৰ অধিনায়ক হিচাপে ভাল খেল প্ৰদৰ্শন কৰিছে পন্টে।

পন্টৰ স্থান নিশ্চিত হোৱাৰ পাছতে এতিয়া দ্বিতীয় উইকেটকীপাৰৰ বাবে কে এল ৰাহুল (১৪১ ষ্ট্ৰাইক ৰেটত ৩০২ ৰান) আৰু সঞ্জু চেমছন (১৫২ ষ্ট্ৰাইক ৰেটত ৩১৪ ৰান)ৰ মাজত প্ৰতিযোগিতা চলিছে।

বলাৰসকলৰ ভিতৰত যশপ্ৰীত বুমৰাহ, আৰ্শদীপ সিং, মহম্মদ ছিৰাজ, ৰবীন্দ্ৰ জাদেজা আৰু কুলদীপ যাদৱৰ স্থান প্ৰায় নিশ্চিত। অৱশ্যে বুমৰাহ আৰু কুলদীপৰ বাহিৰে আন বলাৰ আই পি এলত ফৰ্মত নাই, সেয়েহে অতিৰিক্ত বলাৰৰ বিকল্প গুৰুত্বপূৰ্ণ হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *