তিনিদিনৰ ভিতৰত দুবাৰ গতি সলনি কৰিব বৃহস্পতিয়ে,৫ ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

তিনিদিনৰ ভিতৰত দুবাৰ গতি সলনি কৰিব বৃহস্পতিয়ে,৫ ৰাশিৰ উন্নতি কোনোৱে ৰখাব নোৱাৰে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- মে মাহৰ আৰম্ভণিতেই দুবাৰলৈ দশা সলনি কৰিব বৃহস্পতিয়ে৷ ১ মেত দেৱগুৰু বৃহস্পতিৰ ৰাশি পৰিবৰ্তন হ’ব৷ মেষ ৰাশিৰ পৰা বাহিৰলৈ ওলাই বৃষ ৰাশিত প্ৰৱেশ কৰিব এই গ্ৰহই৷ ইয়াৰ পাছতেই ৩মেত বৃষ ৰাশিত অস্ত যাব৷ অৰ্থাৎ বৃষ ৰাশিত গোচৰৰ পাছতেই বৃহস্পতি অস্ত যাব৷ দুদিনৰ ব্যৱধানত বৃহস্পতিৰ এই গতি পৰিবৰ্তনে কেইটামান ৰাশিৰ  জীৱনত যোগাত্মক প্ৰভাৱ পেলাব৷ ইয়াৰ ফলত ৪ৰাশিৰ ভাগ্যোদয় হ’ব৷ উল্লেখ্য যে বৃহস্পতি জ্ঞান, শিক্ষা, সন্তান, ধৰ্মীয় কাম, পবিত্ৰ স্থান, দান, পূণ্য আৰু বৃদ্ধিৰ কাৰক গ্ৰহ৷ ২৭ নক্ষত্ৰৰ মাজত পুনৰ্বসু, বিশাখা, আৰু পূৰ্বা ভাদ্ৰপদ নক্ষত্ৰৰ অধিপতি এই গ্ৰহ৷ বৃহস্পতিৰ ৰাশি পৰিবৰ্তন আৰু অস্ত যোৱাই ৫ৰাশিৰ জাতকৰ জীৱনত শুভ সময়ৰ সূচনা কৰিব৷কোন কোন ৰাশি তালিকাত আছে জানি থওক৷

মেষ ৰাশি

বৃহস্পতিৰ গোচৰ আৰু অস্ত দশাই প্ৰভাৱিত কৰিব মেষ ৰাশিৰ জাতকক৷ এই ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ লগ্নিৰ দ্বাৰা লাভ অৰ্জন কৰিবলৈ সক্ষম হ’ব এই ৰাশিৰ জাতক৷ পাৰিবাৰিক জীৱনত সুখ-স্বাচ্ছন্দ্য থাকিব৷ এই সময়ত লক্ষ্মীৰ আশীৰ্বাদত জীৱনলৈ আনন্দৰ আগমন হ’ব৷ ব্যয় কমিব৷ লেনদেনৰ বাবে এই সময় শুভ৷

মিথুন ৰাশি

এই সময়ত মিথুন ৰাশিৰ জাতকে নতুন ঘৰ ক্ৰয় কৰিব পাৰে৷ লক্ষ্মীৰ বিশেষ আশীৰ্বাদ থাকিব আপোনাৰ ওপৰত৷ দাম্পত্য জীৱনত সুখ থাকিব৷ ইয়াৰোপৰি আপুনি নতুন কোনো কাম আৰম্ভ কৰিবৰ বাবে এই সময় শুভ৷ লেনদেনৰ বাবেও এই সময় অনুকূল৷ আৰ্থিক লেনদেনৰ পূৰ্বে ভালধৰণে চিন্তা কৰিব৷ এই সময়ত আপোনাৰ আৰ্থিক পৰিস্থিতি ভাল হ’ব৷

সিংহ ৰাশি

লক্ষ্মীৰ আশীৰ্বাদ সিংহ ৰাশিৰ জাতকৰ কাম সহজে সমাধা হ’ব৷ নতুন ঘৰ ক্ৰয় কৰাৰ যোগ আছে এই ৰাশিৰ৷ ব্যৱসায়ৰ বাবে এই সময় অত্যন্ত শুভ৷ ইয়াৰোপৰি ধন লাভ হ’ব৷ ব্যয় নিয়ন্ত্ৰণত ৰাখিব নহ’লে অৰ্থাভাৱে দেখা দিব৷ লেনদেনৰ বাবে এই সময় শুভ৷ এই সময়ত ঋণ দিয়া ঋণ লোৱা আদি কাম এৰাই চলোৱাটোৱে শ্ৰেয়৷

কন্যা ৰাশি

বৃহস্পতিৰ ৰাশি পৰিবৰ্তন আৰু অস্ত যোৱাৰ ফলত কন্যা ৰাশিৰ জাতকৰ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ এই সময়ত কোনো বিনিয়োগ কৰিলে ভৱিষ্যতে ভাল মুনাফা অৰ্জন কৰিব পাৰে৷ নতুন বাহন ক্ৰয় কৰিব পাৰে৷ লেনদেনৰ বাবে এই সময় শুভ নহয়৷ লক্ষ্মীৰ আশীৰ্বাদ থাকিব৷ আয়ৰ নতুন উৎস তৈয়াৰ হ’ব৷ যাৰ ফলত আপোনাৰ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে এই সময় অত্যন্ত শুভ৷ এই সময়ত ধন লাভ হোৱাৰ সত্ত্বেও ব্যয়ো বাঢ়িব৷ ব্যয় নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰিব৷ জ্যোতিষ গণনা অনুসৰি এই সময় ব্যৱসায়ীসকলৰ বাবে কোনো আশীৰ্বাদতকৈ কম নহয়৷ লক্ষ্মীৰ বিশেষ আশীৰ্বাদ লাভ কৰিব এই ৰাশিৰ জাতকে৷ নতুন ঘৰ বা বাহন ক্ৰয়ৰ বাবে এই সময় শুভ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *