এফালে গৰমে দহিছে – আনফালে ধুমুহা বৰষুণ, ভাৰতৰ বহু ৰাজ্যত এলাৰ্ট, অসমৰো প্ৰত্যোকখন জিলাতে ইয়েল্ল’ এলাৰ্ট

এফালে গৰমে দহিছে – আনফালে ধুমুহা বৰষুণ, ভাৰতৰ বহু ৰাজ্যত এলাৰ্ট, অসমৰো প্ৰত্যোকখন জিলাতে ইয়েল্ল’ এলাৰ্ট

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

এফালে গৰমে দহিছে – আনফালে ধুমুহা বৰষুণ, ভাৰতৰ বহু ৰাজ্যত এলাৰ্ট, অসমৰো প্ৰত্যোকখন জিলাতে ইয়েল্ল’ এলাৰ্ট

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দেশৰ লগতে উত্তৰ-পূবৰ ৰাজ্য আৰু অসমতো বহু গৰম পৰিছে। এফালে গৰমৰ প্ৰকোপ বৃদ্ধি পাই গৈ আছে। আনফালে ধুমুহা বৰষুণৰো মাত্ৰা বাঢ়ি গৈছে।

অসমৰ লগতে মেঘালয়, ত্ৰিপুৰা, কেৰালা  আৰু কৰ্ণাটকৰ উপকূলীয় অঞ্চলত আৰ্দ্ৰতা আৰু গৰমৰ বাবে জনসাধাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে । দেশৰ ১৩খনকৈ ৰাজ্যত আইএমডিয়ে জাৰি কৰিছে হিটৱেভ এলাৰ্ট।  পশ্চিমবংগ, বিহাৰ আৰু ঝাৰখণ্ড, ওড়িশাৰ কিছু অংশত দেখা যাব আটাইতকৈ ভয়াৱহ গৰম।

আইএমডিৰ তথ্য অনুসৰি হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু পঞ্জাৱত বজ্ৰপাতৰ সৈতে ধুমুহা, ঘণ্টাত ৪০-৫০ কিলোমিটাৰ বেগত বতাহ আৰু শিলাবৃষ্টিৰ সম্ভাৱনা আছে। জম্মু-কাশ্মীৰ, লাডাখ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাত প্ৰচণ্ড বতাহৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা।

দেশত এতিয়া এফালে যদি গৰম আনফালে আকৌ ধুমুহা বৰষুণ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু পঞ্জাৱত আগন্তুক দুদিনলৈ একাংশ স্থানত ধাৰাসাৰ বৰষুণ, বহু ঠাইত শিলাবৃষ্টি আৰু উচ্চ উচ্চতাৰ অঞ্চলত প্ৰবল তুষাৰপাত সন্দৰ্ভত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে।

অসমৰ লগতে উত্তৰ পূৱ্ৰ অন্য ৰাজ্য আৰু হাৰিয়ানা, ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী, উত্তৰ প্ৰদেশ, উত্তৰ ৰাজস্থান, উত্তৰ আৰু পশ্চিম মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰৰ বিদৰ্ভ, পশ্চিম বংগৰ হিমালয় অঞ্চল, ছিকিমকে ধৰি  উপকূলীয় অন্ধ্ৰপ্ৰদেশৰ কিছু স্থান, কেৰালা আৰু লক্ষদ্বীপৰ কিছু অঞ্চলত ইয়েল্ল’ এলাৰ্ট ৷

বৰ্তমানে অসমৰ প্ৰত্যোকখন জিলাতে ইয়েল্ল’ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা।  জিলা সমূহত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত কোনো জিলাত ৫০ কিলোমিটাৰ পৰ্যন্ত বেগত ধুমুহা-বৰষুণ অহাৰ সম্ভাৱনা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *