পুৱাই শোকাৱহ দুৰ্ঘটনা, বিয়া খাই উভতি অহাৰ পথতে দুৰ্ঘটনাত পৰি ১০ গৰাকী নিহত, ২০ৰো অধিত আহত

পুৱাই শোকাৱহ দুৰ্ঘটনা, বিয়া খাই উভতি অহাৰ পথতে দুৰ্ঘটনাত পৰি ১০ গৰাকী নিহত, ২০ৰো অধিত আহত

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

পুৱাই শোকাৱহ দুৰ্ঘটনা, বিয়া খাই উভতি অহাৰ পথতে দুৰ্ঘটনাত পৰি ১০ গৰাকী নিহত, ২০ৰো অধিত আহত

পুৱাই এক অতিকে শোকাৱহ দুৰ্ঘটনাৰ খবৰ আহিছে। বিয়া খাই উভতি অহাৰ পথতে দুৰ্ঘটনাত পৰি প্ৰাণ হেৰুৱালে ১০ গৰাকী লোকে। ইয়াৰ বাহিৰেও আন ২৩ গৰাকী মান লোক আহত। ইয়াৰে ৪ গৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

এই অতিকে শোকাৱহ ঘটনা সংঘটিত হৈছে চত্তীশগড়ৰ বেমেতৰাত। নিশা বিয়া খাই পুৱতি নিশা ঘৰলৈ বুলি উভতি আহি থকাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনাটো।

https://x.com/ANI/status/1784766986183950523

দুৰ্ঘটনাটোত মৃত্যুক সাৱতি লোৱা ১০ গৰাকী লোকৰ ভিতৰত ৫ গৰাকী মহিলা আৰু ৩ টি শিশু বুলি জানিব পৰা গৈছে। আহত সকলক লগে লগেই স্থানীয় লোকে উদ্ধাৰ কৰি নিকট হাস্পতাললৈ প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি বিয়া খাই উভতি অহা যাত্ৰী ভৰ্তি বাহন খনে ৰখাই থোৱা এখন পিকআপ বাহনত প্ৰচণ্ড জোৰে খুন্দা মাৰে। যাৰ ফলতে এই ঘটনাটো ঘটে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *