খালী পেটত নিতৌ দেশীয় ঘিউ খালে লাভ কৰিব বহু উপকাৰ, হ্ৰাস কৰক ওজনো

খালী পেটত নিতৌ দেশীয় ঘিউ খালে লাভ কৰিব বহু উপকাৰ, হ্ৰাস কৰক ওজনো

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

খালী পেটত নিতৌ দেশীয় ঘিউ খালে লাভ কৰিব বহু উপকাৰ, হ্ৰাস কৰক ওজনো

শৰীৰৰ বাবে বহু উপকাৰী ঘিউ, তাতে আৰু দেশীয় ঘিউ হলে সেয়া আৰু অধিক ভাল স্বাস্থ্যৰ বাবে। দেশীয় ঘিউত নিহিত হৈ থাকে বহু উপকাৰী গুণ।

দেশীয় ঘিউত কেলচিয়াম, হেল্ডী ফেট, অমেগা ৩ ফেটি এছিড, বিটামিন এ, ভিটামিন ডি, ভিটামিন ই, ভিটামিন কে নিহিত হৈ থাকে।

খালী পেটত দেশীয় ঘিউ খোৱৰ ফলত লাভ কৰা প্ৰথমটো গুণেই হৈছে- পাচন শক্তি শক্তিশালী হোৱা। ই আপোনাৰ মেটাবলিজিমক শক্তি দিয়ে।

তাৰোপৰি ই শৰীৰৰ অপশিষ্ট পদাৰ্থক বাহিৰ কৰি দিয়ে । ই ছাল -চুলিৰ বাবেও উপকাৰী। ছালৰ উজ্জলতা অনাৰ লগতে ছুলি শক্তিশালী কৰে, উফি নাইকিয়া কৰে, নতুন চুলি গজাটো সহায় কৰে।

নিতৌ পুৱা ঘিউ খালে পাছলৈ ভোক শান্ত কৰি ৰাখে। তেতিয়া ঘনাই খাই থকাৰ অভ্যাস কমি যায়। লগতে ওজনো নিয়ন্ত্ৰণত থাকে।

শৰীৰত শৰ্কৰাৰ পৰিমানো নিয়ন্ত্ৰণত ৰাখে ঘিউয়ে। যদিয়ে আপুনি প্ৰি ডাইবেটিক ৰোগি, অথবা ডাইবেটিছ হোৱাৰ সম্ভাৱনা আছে , তেন্তে আজিয়েই আৰম্ভ কৰক নিতৌ পুৱা দেশীয় ঘিউ খোৱা কাম। অৱশ্যে ইয়াৰ পূৰ্বে চিকিৎসকৰ পৰা পৰামৰ্শ গ্ৰহন কৰিব।

শৰীৰৰ হাড়ৰ গঠন তথা হাড় মজবুত কৰে নিতৌ পুৱা দেশী ঘি খালে। হাড়ৰ জোৰা লগা অংশত লুব্ৰিকেণ্টৰ দৰে কাম কৰে ঘিউ খালে। যাৰ ফলত হাড় শক্তিশালী হোৱাৰ লগতে ইয়াৰ গঠনো শক্তিশালী হয়।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায়ক ঘিউ। নিতৌ পুৱা দেশীয় ঘিউ খালে বহু ৰোগৰ পৰা আঁতৰত থাকিব পাৰি।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *