কুকুৰাৰ মাংসতেই লুকাই আছে নেকি বিপদ? কভিডতকৈয়ো ১০০গুণ ভয়ানক মহামাৰীৰ আশংকা বিশেষজ্ঞৰ

কুকুৰাৰ মাংসতেই লুকাই আছে নেকি বিপদ? কভিডতকৈয়ো ১০০গুণ ভয়ানক মহামাৰীৰ আশংকা বিশেষজ্ঞৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কৰ’না ভাইৰাছৰ নাম শুনিলেই আজিও আতংকতাই বিৰাজ কৰে জনসমাজত। এই ৰোগৰ বিভীষিকাময় স্মৃতি এতিয়াও পাহৰিব পৰা নাই বিশ্ববাসীয়ে। অসংখ্য লোকে এই ভাইৰাছৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে। বিশ্বত ত্ৰাস সৃষ্টি কৰা এই ভাইৰাছে কাঢ়ি নিছে বহুতৰে আপোনজনক। এইবাৰ কভিডতকৈয়ো বেছি ভয়াৱহ মহামাৰীৰ আশংকা কৰিছে একাংশ বিশেষজ্ঞই।

বিশ্বজুৰি এইবাৰ বৃদ্ধি পাইছে বাৰ্ড ফ্লুত আক্ৰান্ত লোকৰ সংখ্য়া। বাঢ়ি অহা এই ভাইৰাছৰ আক্ৰমণক লৈ চিন্তিত এতিয়া বিশ্বৰ বিজ্ঞানী। বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে, কৰ’নাতকৈ ১০০ গুণ বেছি ভয়াৱহ হৈ উঠিব পাৰে এই বাৰ্ড ফ্লু মহামাৰী।

এক গৱেষণাৰ ৰিপৰ্টত বিজ্ঞানীৰ দাবী, H5N1 ভাইৰাছ ক্ৰমশ ভয়ংকৰ হৈ উঠিছে। আশংকা কৰা হৈছে, এই ভাইৰাছে ক্ৰমশ ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে। কভিডতকৈয়ো ১০০ গুণ বেছি ভয়াৱহতাৰ আশংকা আছে। মৃত্যুৰ পৰিসংখ্যাও কভিডতকৈ বেছি হোৱাৰ সম্ভৱনা আছে।

এই ভাইৰাছ এবাৰ পশুপক্ষীৰ পৰা মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে ই দ্ৰুতহাৰত শৰীৰত বিয়পি পৰে। যিহেতু এই বাৰ্ড ফ্লু কুকুৰাৰ শৰীৰৰ পৰা মানুহৰ শৰীৰলৈ অহাৰ আশংকা আছে। কুকুৰাৰ পৰা যদি এই ৰোগ বিয়পে তেন্তে বিশ্বত কুকুৰাৰ মাংস খোৱা বন্ধ হৈ পৰিব নেকি সেই লৈয়ো সৃষ্টি হৈছে বিভ্ৰান্তিৰ।

বিশেষজ্ঞৰ সতর্কবার্তা

পিটছবাৰ্গৰ এজন বাৰ্ড ফ্লু গৱেষক ডা সুৰেশ কুচিপুড়ি সতৰ্কবাণী,  H5N1 ভাইৰাছৰ মহামাৰী আকাৰ ধাৰণৰ ক্ষমতা আছে। এই ভাইৰাছে স্তন্য়পায়ী প্ৰাণীৰ শৰীৰতেই মূলত আক্ৰমণ কৰে। ফলত মানুহৰ মাজত এই ৰোগ বিয়পাৰ আশংকা আছে।’ কানাডাৰ ফাৰ্মাছিউটিকেল সংস্থা বায়োনিয়াগ্ৰাৰ প্ৰতিষ্ঠাতা জন ফ্লুটনেও এই ভাইৰাছক লৈ চৰম উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয়, ‘ H5N1 কভিডতকৈয়ো ১০০ গুণ বেছি ভয়ানক ভাইৰাছ। ই মানুহৰ মাজত সোমাই পৰিলে অসংখ্য লোকৰ প্ৰাণহানি হ’ব।

বৰ্তমান পৰ্যন্ত আক্রান্তৰ সংখ্যা কিমান?

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুযায়ী, ২০০৩ চনৰ পাছত H5N1 বাৰ্ড ফ্লুত আক্ৰান্ত প্ৰত্যেক ১০০ জনৰ মাজত ৫২ জনৰ মৃত্যু হৈছে। ৮৮৭ টা কেচৰ ৪৬২টা মৃত্যুৰ খবৰ পোৱা গৈছে। কৰ’না ভাইৰাছত মৃত্যুৰ হাৰ  ০.১ শতাংশ। এই ক্ষেত্ৰত মহামাৰীৰ আৰম্ভণিতেই ২০ শতাংশ মৃত্যুৰ হাৰ বাৰ্ড ফ্লু ভাইৰাছৰ। ২০২০ চন পৰ্যন্ত লাভ কৰা তথ্য অনুযায়ী H5N1ৰ সংক্ৰমণৰ ফলত ৩০শতাংশ ব্যক্তিৰ মৃত্যু হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *