ব্যক্তিগত আক্ৰোশক নহয় জাতীয় স্বাৰ্থক গুৰুত্ব দিবলৈ শিকক, কেজৰীৰ পদত্যাগৰ বাবে দিয়া কেছ খাৰিজ দিল্লী হাইকৰ্টৰ

ব্যক্তিগত আক্ৰোশক নহয় জাতীয় স্বাৰ্থক গুৰুত্ব দিবলৈ শিকক, কেজৰীৰ পদত্যাগৰ বাবে দিয়া কেছ খাৰিজ দিল্লী হাইকৰ্টৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS-আৱকাৰী দুৰ্নীতিৰ গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অন্তবৰ্তী জামিনৰ আৱেদনক লৈ ৰায়দান স্থগিত ৰাখিছে দিল্লী হাইকোৰ্টে। দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰণৰ দাবীত দিল্লী হাইকৰ্টত গোচৰ তৰিছিল এটা সংস্থাই। সেই গোচৰো বৃহস্পতিবাৰে খাৰিজ কৰিলে দিল্লী হাইকৰ্টে। মুখ্য ন্যায়াধীশ মনমোহনৰ নেতৃত্বাধীন বেঞ্চৰ বক্তব্য, ‘গণতন্ত্ৰক নিজৰ পথত চলিবলৈ দিয়ক।’

দিল্লীৰ আৱকাৰী দুৰ্নীতিৰ গোচৰত অভিযুক্ত হিচাপে ২১ মাৰ্চত কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল এনফৰ্ছমেণ্ট ডাইৰেক্টৰ চমূকৈ ই ডিয়ে। আৱকাৰী দুৰ্নীতিৰ গোচৰত তেওঁক কিংপিন বুলিও উল্লেখ কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই। মুখ্যমন্ত্ৰী কেজৰীক গ্ৰেপ্তাৰ কৰাৰ পাছতেই দিল্লীত সাংবিধানিক সংকট তৈয়াৰ হৈছে। এই যুক্তিতেই কেজৰিৱালক অপসাৰণ কৰিব লাগে বুলি দিল্লী হাইকৰ্টত গোচৰ তৰিছিল হিন্দু সেনাই।

হিন্দু সেনাৰ আৱেদন আছিল, দিল্লীৰ উপৰাজ্যপালে যেতিয়া কেজৰিৱালক অবিলম্বে পদত্যাগৰ নিৰ্দেশ দিয়ে, সেই বিষয়টোক হাইকৰ্টে নিশ্চিত কৰক। কিন্তু আদালতৰ এই আৱেদনত স্পষ্ট উত্তৰ, ‘দিল্লীৰ উপৰাজ্যপাল ভি কে ছাক্সেনাক আমি গাইড কৰাৰ কোনো প্ৰয়োজন নাই। আমি তেওঁক পৰামৰ্শ দিবলৈ আমি কোনো নহয়। আইনৰ ভিতৰত যিসমূহ কাম থাকে সেইসমূহে আমি কৰো। গণতন্ত্ৰক নিজৰ পথত চলিবলৈ দিয়ক। ব্যক্তিগত আক্ৰোশক নহয় জাতীয় স্বাৰ্থক গুৰুত্ব দিবলৈ শিকক। তাৰপিছতো যদি আপোনালোকৰ কেজৰীৰ পদত্য়াগৰ বিষয়টো গুৰুত্বপূৰ্ণ বুলি ধাৰণা হয় তেন্তে অন্য ফৰামত বিষয়টো উত্থাপন কৰক।’

উল্লেখ্য যে বিগত সপ্তাহতো একেই গোচৰ তৰা হৈছিল দিল্লী হাইকৰ্টত। সেই আৱেদনো খাৰিজ কৰিছে আদালতে। কেজৰিৱাল গ্ৰেপ্তাৰ হোৱাৰ পাছতেই তেওঁৰ পদত্যাগৰ দাবীত সৰব হৈ উঠিছিল বিজেপি। দিল্লীৰ উপৰাজ্য়পাল ভি কে ছাক্সেনাইয়ো কেইদিনমান পূৰ্বে কৈছিল, ‘দিল্লী চৰকাৰ জে’লৰ পৰা নচলিব।’

ইফালে আম আদমী পাৰ্টীয়ে স্পষ্টৰূপত জনাই দিছে যে কেজৰিৱালৰ পদত্যাগৰ কোনো প্ৰশ্নই আহিব নোৱাৰে। একেই কথা সদ্য কাৰাগাৰ মুক্তিপ্ৰাপ্ত ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ মুখতো। আৱকাৰী দুৰ্নীতিৰ গোচৰত ছমাহ তিহাৰ জেলত থাকি জামিনত বুধবাৰে মুক্তি লাভ কৰিছে সঞ্জয় সিঙে।

তেওঁ তিহাৰৰ পৰা মুক্তি লাভ কৰিয়েই কয়, ‘দিল্লীৰ উপৰাজ্যপালে কেজৰিৱালক নিৰ্বাচিত কৰিছে নেকি? দিল্লীৰ ২ কোটি মানুহে কেজৰিৱালক বাছনি কৰি লৈছে। বিনামূলীয়া শিক্ষা, পানী, ঘৰ, যুৱকে চাকৰিৰ সুযোগ লাভ কৰিছে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মানুহৰ ভালৰ বাবেই আপ্ৰাণ চেষ্টা কৰিছে। কেৱল বিজেপিয়ে বিচাৰিলে তেওঁ পদত্য়াগ কৰিব নেকি? এই কাম কৰিলে বিজেপিয়ে এই বিষয়টোকেই ট্ৰেণ্ড হিচাপে ল’ব। তেওঁলোকে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী, পঞ্জাৱৰ ভগৱন্ত মানকো গ্ৰেপ্তাৰ কৰি পদত্যাগৰ দাবী তুলিছে। এই ধাৰা চলি থাকিলে বিজেপিৰ বাদে দেশত কোনো দল আৰু নাথাকিব। বিজেপিৰ দাবী মানি চলিলে দেশত গণতন্ত্ৰ বুলিও একো নাথাকিব।’

কেজৰীয়ে যে পদত্যাগ নকৰে সেই কথা বৃহস্পতিবাৰে ভিডিঅ’ বাৰ্তাযোগে স্পষ্ট কৰি দিছে কেজৰীয়ে। পূৰ্বেও কেইবাবাৰো তেওঁৰ পত্নী সুনীতাই মুখ্যমন্ত্ৰীয়ে কাৰাগাৰৰ পৰা পঠিওৱা বাৰ্তা পঢ়ি শুনোৱাইছে। কাৰাগাৰৰ পৰা পঠোৱা প্ৰতিখন চিঠিত কেজৰীয়ে লিখিছে, ‘মই কাৰাগাৰত আছো বুলিয়েই দিল্লীৰ মানুহৰ অসুবিধা হ’ব নালাগিব। প্ৰত্যেক বিধায়কলৈ মোৰ অনুৰোধ, তেওঁলোকে প্ৰতিদিনে সমষ্টিলৈ যাওক। মানুহৰ সমস্যাৰ সমাধান কৰক। দিল্লীৰ ২কোটি মানুহ মোৰ পৰিয়াল। মোৰ বাবে কোনোৱে অসুবিধা পাব নালাগে।’

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *