জানেনে মিষ্টাৰ ইউনিভাৰ্চৰ খিতাপ দখলকাৰী বিশ্বৰ প্ৰথম আৰু দ্বিতীয় দুয়োগৰাকীয়ে ভাৰতৰ

জানেনে মিষ্টাৰ ইউনিভাৰ্চৰ খিতাপ দখলকাৰী বিশ্বৰ প্ৰথম আৰু দ্বিতীয় দুয়োগৰাকীয়ে ভাৰতৰ

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

 

জানেনে মিষ্টাৰ ইউনিভাৰ্চৰ খিতাপ দখলকাৰী বিশ্বৰ প্ৰথম আৰু দ্বিতীয় দুয়োগৰাকীয়ে ভাৰতৰ

সততে মিছ ইউনিভাৰ্চৰ কথা প্ৰসংগহে সঘনাই মানুহৰ মুখে মুখে শুনা যায়। মিছ ইউনিভাৰ্চ খিতাপ দখল কৰা ভাৰতীয় সুন্দৰী সকলকো হয়তো আপুনি ভলদৰেই চিনি পায়। এতিয়ালৈকে তিনিগৰাকী ভাৰতীয় সুন্দৰীয়ে লাভ কৰিছে মিছ ইউনিভাৰ্চ খিতাপ। প্ৰথমগৰাকী সুস্মিতা সেন, দ্বিতীয় লাৰা দত্ত, তৃতীয়তে হৰনাজ সান্ধু।

পাছে জানেনে কিমানগৰাকী পুৰুষে মিষ্টাৰ ইউনিভাৰ্চ খিতাপ দখল কৰিছে। মিষ্টাৰ ইউনিভাৰ্চ খিতাপ দখল কৰাটো মুখৰ কথা নহয়। বহু কষ্টৰ ফলতহে এই সফলতাই আহি আপোনাৰ ভৰিত চুমুক দিয়ে। মহিলাৰ সমানে তিনিগৰাকী পুৰুষে মিষ্টাৰ ইউনিভাৰ্চ খিতাপ দখল কৰিছে এতিয়ালৈকে।

পাছে তাতোকৈ ডাঙৰ কথাটো, মিষ্টাৰ ইউনিভাৰ্চ খিতাপ দখল কৰা প্ৰথম আৰু দ্বিতীয় দুয়োগৰাকীয়ে ভাৰতৰ। হয়তো বিশ্বাস কৰিবলৈ টান হলেও এয়া সম্পূৰ্ণ সত্য কথা। মোনোতোশ ৰয় আৰু মনোহৰ এইচ। মিষ্টাৰ ইউনিভাৰ্চৰ প্ৰফেছনেল বিভাগত জয় হোৱা প্ৰথমগৰাকীয়ে হৈছে ভাৰতৰ মোনোতোশ ৰয়।

১৯৪৮ চনত আৰম্ভ হৈছিল মিষ্টাৰ ইউনিভাৰ্চৰ এমেচাৰ বিভাগৰ প্ৰতিযোগিতা। তাৰ পাছতে ১৯৫০ চনত আৰম্ভ হয় মিষ্টাৰ ইউনিভাৰ্চৰ প্ৰফেচনেল বিভাগৰ প্ৰতিযোগিতা। সেই বাৰেই জয় হয় ভাৰতৰ মোনোতোশ ।

তাৰ পাছত ১৯৫১ চনত দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত হোৱা মিষ্টাৰ ইউনিভাৰ্চ খিতাপো দখল কৰোতা জনো ভাৰতৰে। তেঁওৰ নাম মনোহৰ এইচ। যি পকেট হাৰকিউলাচ নামে জনাজাত। কিয়নো এইগৰাকী বলীবিল্ডাৰৰ উচ্চতা মাত্ৰ ৪ ফুট ১১ ইঞ্চি।

তাৰ বহু বছৰ পাছত ২০১২ চনতে আন এগৰাকী ভাৰতীয় যুৱকে এই খিতাপ দখল কৰে। তেঁও হৈছে সংগ্ৰাম চৌগুলে। এই সংগ্ৰাম চৌগুলেই কেৱল মিষ্টাৰ ইউনিভাৰ্চেই নহয় , মিষ্টাৰ ৱৰ্ল্ডৰো খিতাপ দখল কৰিছে। যি ভাৰতৰ বাবে সঁচাকৈয়ে গৌৰৱৰ বিষয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *