কোভিডশীল্ড ভেকচিন লৈছিল নে! নতুনকৈ পোহৰলৈ আহিছে তথ্য, পাৰ্শ্বক্ৰিয়া হোৱাটো নিশ্চিত

কোভিডশীল্ড ভেকচিন লৈছিল নে! নতুনকৈ পোহৰলৈ আহিছে তথ্য, পাৰ্শ্বক্ৰিয়া হোৱাটো নিশ্চিত

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

কোভিডশীল্ড ভেকচিন লৈছিল নে! নতুনকৈ পোহৰলৈ আহিছে তথ্য, পাৰ্শ্বক্ৰিয়া হোৱাটো নিশ্চিত

ৰঙা চীনে সমগ্ৰ বিশ্বক উপহাৰ দিয়া কৰ’ণা ভাইৰাছৰ বাবে দুটাকৈ বৰ্ষ অথলে গ’ল বিশ্ববাসীৰ। সেই ভাইৰাছৰ প্ৰতিশেধক হিচাপে বজাৰলৈ আহিল বহু ঔষধো। পাছে কোনবিধ ঔষধ কিমান ফলপ্ৰসু। সেই বিষয়ে ভালদৰে পৰীক্ষা কৰাৰ পূৰ্বেই অগনন জনসাধাৰণে ল’লে প্ৰতিষেধক তথা ভেকচিন হিচাপে।

পাছে সেই ভেকচিনৰ নামত প্ৰতাৰণা কৰা হ’ল নেকি জনসাধাৰণৰ সৈতে। বিশ্বাসঘাট কৰিলে নেকি ঔষধ কোম্পানীবোৰে। এতিয়া নতুনকৈ পোহৰলৈ আহিছে তথ্য। কোভিডশীল্ড নামৰ ভেকচিন বিধৰ আছে পাৰ্শ্বক্ৰিয়া।

সেই ভেকচিন লোৱা লোকৰ শৰীৰত ধৰা পৰিছে পাৰ্শ্বক্ৰিয়া। প্ৰকাশ পোৱা তথ্য অনুসৰি – এইবিধ ভেকচিন লোৱাৰ ফলত মানৱ শৰীৰত তেজ গোট মৰাৰ সমস্যা ধৰা পৰিছে। অৱশ্যে ইয়াকো ঔষধ কোম্পানী এস্ট্ৰাজেনেকাই দাবী কৰিছে যে, এই পাৰ্শ্বক্ৰিয়া সকলো লোকৰ শৰীৰতে দেখা দিয়া নাই। কিছু সংখ্যকৰ ক্ষেত্ৰতহে দেখা দিছে।

ব্ৰিটেইনৰ এক ন্যায়ালয়ত এই বিষয় সন্দৰ্ভত অভিযোগ উত্থাপন হোৱাৰ পাছতে এস্ট্ৰাজেনেকা কোম্পানীৰ ফালৰ পৰা দাখিল কৰা দস্তাবেজত নিজেই স্বীকাৰ কৰিছে এই কথা। এই ঔষধৰ ফলত পাৰ্শ্বক্ৰিয়া হোৱা বুলি স্বীকাৰ কোম্পানীৰ। যাৰ পাছতে এতিয়া চিন্তাত পৰিছে সমগ্ৰ বিশ্বৰ অগনন লোক, যিয়ে কোভিডশীল্ড ভেকচিন গ্ৰহণ কৰিছিল।

তেজ গোট মৰাৰ ফলত এতিয়া অন্য বহু ৰোগে দেখা দিছে মানৱ শৰীৰত। তেজ গোট মৰাৰ বাবে ষ্ট্ৰোক হোৱা, হৃদক্ৰিয়া বন্ধ হোৱা আদি সমস্যাই গা কৰি উঠিছে। কেৱল সেয়ে নহয়, যি গৰাকী লোকে ইয়াৰ ওপৰত অভিযোগ উত্থাপন কৰিছে , জেমি ষ্টক নামৰ সেই গৰাকী লোকে ব্ৰেইন ডেমেজ হোৱাৰ সমস্যাত ভুগিছে।

কেৱল জেমি ষ্টকেই নহয় ব্ৰিটেইনৰ অন্য কেইবাটাও পৰিয়ালে ন্যায়ালয়ৰ কাষ চাপিছিল ভেকচিনবিধৰ বিৰুদ্ধে অভিযোগ তুলি। যি অভিযোগ এতিয়া কোম্পানীয়ে নিজেই স্বীকাৰ কৰিছে।

ভাৰততো গোচৰ তৰিব পাৰে বহু লোকে-
কোভিডৰ পিছত ভাৰততো এনে মৃত্যুৰ সংখ্যা ভয়ংকৰভাৱে বৃদ্ধি পাইছিল। য’ত মৃত্যুৰ কাৰণ স্পষ্টকৈ জানিব পৰা হোৱা নাছিল। ইয়াৰে অধিকাংশই কোনোবা নহয় কোনোবা শাৰীৰিক সমস্যাৰ সৈতে জড়িত আছিল।

ভাৰতৰ চৰকাৰ আৰু স্বাস্থ্য বিভাগে কোনোদিনে বিশ্বাস কৰা নাছিল যে Covid ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বাবে এনেকুৱা হ’ব পাৰে। এতিয়া কোম্পানীটোৱে নিজেই এই পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰাৰ পাছত ভাৰততো এতিয়া গোচৰ আৰম্ভ হোৱাৰ সম্ভাৱনাই গা কৰি উঠিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *