পতঞ্জলিৰ এইকেইবিধ সামগ্ৰী আপুনিও ব্যৱহাৰ কৰে নেকি, সাৱধান! ১৪ টা সামগ্ৰীত নিষেধাজ্ঞা

পতঞ্জলিৰ এইকেইবিধ সামগ্ৰী আপুনিও ব্যৱহাৰ কৰে নেকি, সাৱধান! ১৪ টা সামগ্ৰীত নিষেধাজ্ঞা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

পতঞ্জলিৰ এইকেইবিধ সামগ্ৰী আপুনিও ব্যৱহাৰ কৰে নেকি, সাৱধান! ১৪ টা সামগ্ৰীত নিষেধাজ্ঞা

বাবা ৰামদেৱৰ পতঞ্জলিৰ দিব্যা ফাৰ্মাচীৰ বিৰুদ্ধে উত্তৰাখণ্ড চৰকাৰে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰৰ ড্ৰাগছ নিয়ন্ত্ৰণ বিভাগৰ লাইচেন্সিং কৰ্তৃপক্ষই কোম্পানীটোৰ ১৪টা সামগ্ৰী নিষিদ্ধ কৰিছে।

বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ বাবে উত্তৰাখণ্ড চৰকাৰে এই সকলোবোৰ সামগ্ৰী নিষিদ্ধ কৰিছে। এই সামগ্ৰীসমূহৰ ভিতৰত আছে মুক্তা ভাটি এক্সট্ৰা পাৱাৰ, লিপিডম, বি পি গ্ৰীট, পজঞ্জলী দৃষ্টি আই আদি।

এই ১৪টা সামগ্ৰীৰ ওপৰত নিষেধাজ্ঞা আৰোপ-

শ্বাছাৰী গোল্ড – দিব্য ফাৰ্মাচী
শ্বাছাৰী ৱতী – দিব্য ফাৰ্মাচী
ব্ৰংকম-দিব্য ফাৰ্মাচী
শ্বাছাৰী প্ৰবাহী- দিব্য ফাৰ্মাচী
শ্বাছাৰী আৱলেহ- দিব্য ফাৰ্মাচী
মুক্ত ভাটি এক্সট্ৰা পাৱাৰ- দিব্য ফাৰ্মাচী
লিপিডোম- দিব্য ফাৰ্মাচী
বি পি গ্ৰীট- দিব্য ফাৰ্মাচী
মধুগ্ৰীত-দিব্য ফাৰ্মাচী
মধুনাশিনী ৱতী- দিব্য ফাৰ্মাচী
লিৱামৃত এডভান্স- দিব্য ফাৰ্মাচী
লিভোগ্ৰিট-দিব্য ফাৰ্মাচী
পতঞ্জলি দৃষ্টি আই ড্ৰপ- পতঞ্জলি আয়ুৰ্বেদ
আইগ্ৰিট গোল্ড- দিব্য ফাৰ্মাচী

উল্লেখ্য যে, যোৱা মাহতেই উচ্চতম ন্যায়ালয়ে বাবা ৰামদেৱ আৰু তেওঁৰ কোম্পানী পতঞ্জলি আয়ুৰ্বেদক বিভ্ৰান্তিকৰ বিজ্ঞাপন গোচৰত ধমক দিছিল। এতিয়া এই গোচৰৰ শুনানি ৩০ এপ্ৰিল আজি​হ’ব।

পতঞ্জলি আয়ুৰ্বেদেও এই বিভ্ৰান্তিকৰ বিজ্ঞাপন সন্দৰ্ভত এখন ৰাষ্ট্ৰীয় দৈনিক কাকতত ৰাজহুৱা ক্ষমাপ্ৰাৰ্থনা প্ৰকাশ কৰিছে। য’ত কোৱা হৈছিল যে তেওঁ উচ্চতম ন্যায়ালয়ক সন্মান কৰে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত পতঞ্জলিয়ে কয় যে এই ভুল পুনৰ পুনৰাবৃত্তি নকৰে। বাবা ৰামদেৱৰ কোম্পানীয়ে ২২ এপ্ৰিলত এই ক্ষমাপ্ৰাৰ্থনা পত্ৰ প্ৰকাশ কৰিছিল।

আই এম এয়ে বাবা ৰামদেৱক শুনালে কথা-
ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ সভাপতি ডাঃ আৰ ভি অশোকনে সোমবাৰে কয় যে বাবা ৰামদেৱে Covid-19ৰ নিৰাময় আছে বুলি দাবী কৰাৰ সময়ত সীমা অতিক্ৰম কৰি আধুনিক চিকিৎসা বিজ্ঞানক মূৰ্খ আৰু দেউলীয়া বিজ্ঞান বুলি অভিহিত কৰিছিল।

যোৱা মাহত ৰামদেৱ আৰু তেওঁৰ ঔষধ কোম্পানী পতঞ্জলি আয়ুৰ্বেদক বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে উচ্চতম ন্যায়ালয়ে ধমক দিয়াৰ পিছত এইটোৱেই হৈছে আই এম এৰ প্ৰথম মন্তব্য। ৩০ এপ্ৰিলত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰাৰ কথা।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *