অক্ষয় তৃতীয়াত ভুলতো নকৰিব এই ৫কাম, ৰুষ্ট হ’ব লক্ষ্মী, দূৰ হ’ব সুখ-সমৃদ্ধি

অক্ষয় তৃতীয়াত ভুলতো নকৰিব এই ৫কাম, ৰুষ্ট হ’ব লক্ষ্মী, দূৰ হ’ব সুখ-সমৃদ্ধি

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- ব’হাগ  মাহৰ শুক্লপক্ষৰ তৃতীয়া তিথিত অক্ষয় তৃতীয়া পালিত হয়৷ এই বছৰ ১০মে’ শুকুৰবাৰে অক্ষয় তৃতীয়া পালিত হ’ব৷ প্ৰচলিত বিশ্বাস অনুসৰি এই তিথিত সোণ-ৰূপৰ সামগ্ৰী ক্য় কৰিলে পৰিয়ালত আৰ্থিক সমৃদ্ধি বৃদ্ধি পায়৷ ইয়াৰোপৰি লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব পাৰে৷ এই তিথিত সোণ-ৰূপ ক্ৰয় কৰাটো শুভ৷ অক্ষয় তৃতীয়াত কিছু কাম কৰিলে অৱশ্যে অশান্তি বাঢ়ে৷ শাস্ত্ৰমতে অক্ষয় তৃতীয়াত এই কাম কৰিলে পৰিয়াললৈ দৰিদ্ৰতা আহে৷ অক্ষয় তৃতীয়াত কি কি কাম কৰাটো অশুভ৷ সবিশেষ জানি থওক৷

অক্ষয় তৃতীয়াত ভুলতো কোনো মগনীয়াক ঘৰৰ পৰা উভতাই নিদিব

অক্ষয় তৃতীয়াত সোন, ৰূপসহ নানান সামগ্ৰী ক্ৰয় কৰাৰ প্ৰথা আছে৷ অৱশ্যে এই দিনটোত আপুনি যিমানেই দামী সামগ্ৰী ক্ৰয় নকৰক কিয় ঘৰলৈ যদি কোনো মগনীয়া আহোতে দান নকৰে তেন্তে অমঙ্গল খাটাং৷ কোনো ভিক্ষাৰীয়ে ঘৰত ভৰি দিয়ে অন্ন-জল বা ধন দিবলৈ হেমাহী নকৰিব৷ এনে কৰিলে লক্ষ্মী ৰুষ্ট হয়৷

অক্ষয় তৃতীয়াৰ দিনা ঋণ নল’ব

শাস্ত্ৰমতে অক্ষয় তৃতীয়াত কাৰোপৰাই ধন ধাৰে নল’ব৷ নিজৰ সামৰ্থ অনুসৰি ধাৰ নোলোৱাকৈ চলক৷ এই দিনটোত ঋণ ল’লে আৰ্থিক সমৃদ্ধিৰ পৰিবৰ্তে ভাগ্যত দৰিদ্ৰতা আহে৷ এই তিথিত অসহায় সকলক সহায় কৰিলে লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ৷

অক্ষয় তৃতীয়াত ভোগ নিবেদন নকৰাকৈ অন্ন-জল গ্ৰহণ নকৰিব

এই তিথিত সোন-ৰূপ ক্ৰয়ৰ উপৰিও দান কৰাৰো প্ৰথা আছে৷ এই তিথিত পুৱা সোনকালে গা ধুই লক্ষ্মী-নাৰায়ণৰ পূজা কৰক৷ নৈবেদ্য নিবেদনৰ পাছতহে অন্ন-জল গ্ৰহণ কৰিব৷ পূজা আৰু ভোগ নিবেদনৰ পূৰ্বে অন্ন-জল গ্ৰহণ কৰাক শাস্ত্ৰ চুৰি বুলি কোৱা হৈছে৷

কাকো কটু কথা নক’ব

এই তিথিত কাকোৱেই কটু মন্তব্য নকৰিব৷ ইয়াৰোপৰি কাৰো মনত কষ্ট দিয়া মন্তব্য নকৰিব৷ অক্ষয় তৃতীয়াত দুৰ্ব্যৱহাৰ কৰাৰ প্ৰৱণতা এৰাই চলক৷ এই কাম কৰিলে অভাৱ অনাটন আহিব৷ অক্ষয় তৃতীয়াত কাকোৱেই অপমান নকৰিব৷

আমিষ নাখাব

এই তিথিত মাছ-মাংস খোৱা উচিত নহয়৷ ইয়াৰোপৰি মদ্যপান কৰাটো নিষেধ৷ শাস্ত্ৰমতে ইয়াৰ ফলত নৱগ্ৰহ দুৰ্বল হয় আৰু ব্যক্তিয়ে পৰিশ্ৰমৰ ফলাফল অৰ্জন নোৱাৰে৷ লক্ষ্মী ৰুষ্ট হৈ গৃহত্যাগ কৰে৷ এই তিথিত সাত্বিক ভোজন কৰাৰ ওপৰিও ব্ৰহ্মচৰ্য পালন কৰা উচিত৷

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *