কভিছিল্ডৰ পাৰ্শ্বক্ৰিয়া কিমান গুৰুতৰ? সবিশেষ জনালে বিজ্ঞানীয়ে

কভিছিল্ডৰ পাৰ্শ্বক্ৰিয়া কিমান গুৰুতৰ? সবিশেষ জনালে বিজ্ঞানীয়ে

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- কভিছিল্ডক লৈ বিভিন্ন নেতিবাচক চৰ্চা অব্যাহত আছে৷ ইউৰোপিয়ান মেডিছিন এজেন্সিয়ে সমীক্ষাত লাভ কৰা তথ্য অনুসৰি ১লাখৰ মাজত এজনৰ শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ ইয়াৰোপৰি ব্ৰিটিছ হেলথ ৰেগুলেটৰ অনুসৰি আঢ়ৈ লাখৰ মাজত এজনৰহে এই সমস্যাই দেখা দিয়ে৷

কভিছিল্ডৰ পাৰ্শ্বক্ৰিয়া কি কি?

কভিছিল্ডৰ পাৰ্শ্বক্ৰিয়াত বিশেষকৈ প্লেটলেট স্বাভাৱিক যিমান পৰিমানে থাকিব লাগে তাতকৈ কমি গ’লেই মানৱদেহৰ ইমিউন ৰেছপন্স কমি যায় আৰু এণ্টিবডি তৈয়াৰ হয়৷ এই এণ্টিবডিসমূহে শৰীৰৰ প‌্ৰটিন তৈয়াৰ কৰা উপাদানসমূহক আক্ৰমণ কৰে আৰু তেজত প্লেটলেটৰ পৰিমান কমাই দিয়ে৷ এই ৰোগৰ উপসৰ্গ হিচাপে শৰীৰৰ নানান স্থানত তেজ জমা হ’ব পাৰে৷ ইয়াৰোপৰি মূৰৰ বিষ, পেট বিষ, শ্বাস-প্ৰশ্বাসত অসুবিধা, ভৰি ফোলা, চিন্তাভাৱনাৰ অসামঞ্জস্য আনকি হাৰ্ট এটেক বা চেৰিব্ৰেইল ষ্ট্ৰোক হ’ব পাৰে৷

কৰ’নাৰ ভয়াৱহতা দূৰ হ’লেও কভিশ্বিল্ড ভেকচিনক লৈ সংবাদ মাধ্যমত তথ্য প্ৰকাশ হোৱাৰ পাছতেই দেশৰ সাধাৰণ মানুহৰ মাজত আতংকই বিৰাজ কৰিছে৷ এষ্ট্ৰজেনেকাৰ যি সূত্ৰ সেই সূত্ৰই প্ৰকাশ কৰা তথ্যমতে  কভিশ্বিল্ডৰ নেতিবাচক প্ৰভাৱ সুদূৰপ্ৰসাৰী৷ এফালে যেনেকৈ এই ভেকছিনে শৰীৰত স্থায়ীভাৱে কভিডৰ এণ্টিবডি তৈয়াৰ কৰিছে তেনেকৈ থ্ৰম্বলাইটিছ, হাৰ্টবিট বাঢ়ি যোৱা, টোপনীৰ সময়ত নাক বজা, টোপনীৰ মাজতেই হঠাৎ মৃত্যু, শ্বাস-প্ৰশ্বাসত কষ্ট, চকুৰ সমস্যা আদি নানান উপসৰ্গই দেখা দিব পাৰে৷ কেৱল ভাৰততেই নহয় কভিছিল্ড সমগ্ৰ বিশ্বই স্বীকৃতি দিয়া ভেকছিন৷

সমগ্ৰ বিশ্বতেই এতিয়া কভিছিল্ডৰ পাৰ্শ্বক্ৰিয়াক লৈ চলিছে গৱেষণা৷ অৱশ্যে এই ভেকছিনৰ পাৰ্শ্বক্ৰিয়া থাকিলেও লাভো যথেষ্ট আছে৷ আপুনি যদি এবাৰ ভাৱি চায় তেন্তে দেখিব প্ৰতিদিনেই কিমান মানুহ ৰাস্তালৈ ওলাই আহিছে কিমানজনৰ দুৰ্ঘটনাত মৃত্যু হৈছে৷ অৰ্থাৎ ৰিস্ক ফেক্টৰ ক’ত নাই? ইউৰোপিয়ান মেডিছিন এজেন্সিৰ পৰিসংখ্যা অনুসৰি ১ লাখৰ এজনৰ শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ এই সংখ্যা তেনেই নগণ্য বুলিও জনাইছে বিশেষজ্ঞই৷

কেৱল কভিছিল্ডৰেই পাৰ্শ্বক্ৰিয়া আছে তেনে নহয়৷ প্ৰায় সকলো ভেকছিনৰেই কিবা নহয় কিবা পাৰ্শ্বক্ৰিয়া থাকেই৷ ইনফ্লুয়েঞ্জা বা এইছ১ এন১ ভেকছিন, এণ্টি ৰেবিছৰ দৰে ভেকছিনৰো পাৰ্শ্বক্ৰিয়া আছে৷ ইয়াৰোপৰি পেৰাছিটামলৰ দৰে সাধাৰণ টেবলেটেও শৰীৰত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷  গৱেষণাই জনোৱা অনুসৰি কোনো ভেকছিন বা ঔষধৰ পাৰ্শ্বক্ৰিয়া নাই বুলি ক’ব নোৱাৰি৷ কভিছিল্ডৰো তেনেকৈ নেতিবাচক প্ৰতিক্ৰিয়া আছে৷ এই বিষয়টোক লৈ গৱেষণা চলি আছে৷ কভিছিল্ড ভেকছিন লোৱা ১০লাখ মানুহৰ মাজত ৭ৰ পৰা ৮জন থ্ৰম্বোচিছ বা থ্ৰম্বোছাইটোপেনিয়ন নামৰ পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সন্মুখীন হ’ব পাৰে৷ বৈজ্ঞানিকভাৱে এই ধৰণৰ পাৰ্শ্বপ্ৰতিক্ৰিয়া টিকা গ্ৰহণৰ প্ৰথম দুই তিনি মাহৰ পৰাই স্পষ্ট হয়৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *