মহাদেৱৰ দুই অৱতাৰ এতিয়াও জীৱিত! এওঁলোক কোন কোন?

মহাদেৱৰ দুই অৱতাৰ এতিয়াও জীৱিত! এওঁলোক কোন কোন?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- শিৱ পুৰাণত মহাদেৱৰ একাধিক অৱতাৰৰ কথা বৰ্ণনা কৰা আছে৷ মহাদেৱে মুঠ ১৯টা অৱতাৰেৰে আবিৰ্ভূত হৈছিল৷ মহাদেৱৰ এই ১৯অৱতাৰৰ ভিতৰত দুটা অৱতাৰ আজিও জীৱিত আছে৷ অশুভ আৰু অত্যাচাৰী শক্তিৰ বিনাশ কৰাৰ বাবে বিভিন্ন সময়ত বিভিন্ন অৱতাৰ লৈছিল শিৱ আৰু বিষ্ণুৱে৷ শাস্ত্ৰত বিষ্ণুৰ কলিযুগত কল্কি অৱতাৰৰ উল্লেখ পোৱা যায়৷ শিৱও ঠিক তেনেকুৱাই৷ সময় অনুসৰি ভিন্ন ভিন্ন ৰূপ গ্ৰহণ কৰি আহিছে শিৱইয়ো৷ তেনে ২ ৰূপেই আজিও পৃথিৱীত বিৰাজমান৷

শিৱৰ একাদশতম ৰুদ্ৰ অৱতাৰ হৈছে বজৰংবলী৷ অঞ্জনীৰ পুত্ৰ বজৰংবলী৷ পৱন দেৱৰ কঠোৰ তপস্যাৰ ফল হিচাপে বজৰংবলীক পুত্ৰৰূপে লাভ কৰিছিল মাতা অঞ্জনীয়ে৷ এই কাৰণতেই বজৰংবলীৰ আন এক নাম পৱনপুত্ৰ৷ বজৰংবলীয়ে ৰামভক্ত হিচাপে প্ৰসিদ্ধি লাভ কৰিছিল৷ ৰামায়ণত পৱনপুত্ৰৰ ভক্তি সম্পৰ্কেও বাখ্যা কৰা আছে৷

ৰামায়ণত উল্লেখ থকা অনুসৰি বিভীষণে ভৰা সভাগৃহত হনুমানৰ ৰাম ভক্তিক পৰিহাস কৰিছিল৷ তেতিয়া বজৰংবলীয়ে নিজৰ বুকু ফালি ৰাম আৰু সীতাৰ ছবি সকলোকে দেখুৱাই৷ ৰামায়ণত সীতা অপহৰণৰ পাছত ৰাৱনে যেতিয়া সীতাক লংকালৈ লৈ যায় তেতিয়া সীতাক বিচাৰিবৰ বাবে পৱনপুত্ৰ সমুদ্ৰ পাৰ হৈ লংকা পাইছিলগৈ৷ বজৰংবলীৰ ৰাম ভক্তি সম্পৰ্কে বিভিন্ন কাহিনী প্ৰচলিত আছে৷
অদ্ভুত বুদ্ধি আৰু শক্তিৰে পৰিপূৰ্ণ আছিল শিৱৰ এই একাদশ ৰুদ্ৰ অৱতাৰ৷ বজৰংবলীৰ ভক্তিত প্ৰসন্ন হৈ সীতাই তেওঁক চিৰঞ্জীৱী হোৱাৰ আশীৰ্বাদ দিছিল৷ একাংশ ভক্তৰ ধাৰণা যে তেওঁ এতিয়াও ভক্তৰ সুৰক্ষাৰ বাবে জীয়াই আছে৷ বৰ্তমান পৰ্যন্ত জীৱীত থকা শিৱৰ দ্বিতীয় অৱতাৰৰ সৈতে সাক্ষাৎ ঘটিছিল মহাভাৰতৰ সময়ত৷ মহাভাৰতৰ যোদ্ধা অশ্বথামাই শিৱৰ সেই অৱতাৰ৷ তেওঁ এতিয়াও পৃথিৱীত জীৱিত অৱস্থাত আছে বুলি লোকবিশ্বাস চলি আহিছে৷
গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বথামাৰূপে জন্মগ্ৰহণ কৰিছিল মহাদেৱে৷ অশ্বথামা নিপুন যোদ্ধা আছিল৷ মহাভাৰতৰ যুদ্ধতেই ইয়াৰ প্ৰমাণ পোৱা যায়৷ অশ্বথামাক পৰাজিত কৰাটো কাৰোপক্ষে সম্ভৱ নাছিল৷ কিন্তু দ্ৰোণাচাৰ্যক পৰাজিত কৰাৰ বাবে অশ্বথামাৰ মিছা মৃত্যুৰ খবৰ প্ৰচাৰ কৰিছিল ধৰ্মৰাজ যুধিষ্ঠিৰে৷ যুধিষ্ঠিৰৰ মুখত অশ্বথামাৰ কথা শুনিয়েই অস্ত্ৰ ত্যাগ কৰিছিল দ্ৰোণাচাৰ্যই৷ তেতিয়াই পাণ্ডৱে দ্ৰোণাচাৰ্যক বধ কৰে৷  কথিত কাহিনী অনুসৰি মহাভাৰতৰ যুদ্ধত যেতিয়া কৌৰৱ পৰাজিত হয় তেতিয়াই নিশাৰ অন্ধকাৰত পাণ্ডৱৰ শিৱিৰত গৈ পাণ্ডৱৰ পাঁচ পুত্ৰ সন্তানক হত্যা কৰে অশ্বথামাই৷ কেৱল সেয়াই নহয় উত্তৰাৰ গৰ্ভত পালিত সন্তানক নষ্ট কৰাৰ বাবে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছিল তেওঁ৷ ইয়াতেই ক্ষুদ্ধ হৈ কৃষ্ণই অশ্বথামাক অভিশাপ দিয়ে যে তেওঁ চিৰকাল পৃথিৱীত জীৱিত থাকিব ৰোগ, কষ্ট ভোগ কৰিব৷

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *