এই ১০ ছবি ঘৰত ৰাখিলেই ভাগ্যলক্ষ্মীৰ কৃপাত সুখ সৌভাগ্য বাঢ়িব৷ কি কি ছবি ঘৰত লগাব, বাস্তুৱে কি কয়?

এই ১০ ছবি ঘৰত ৰাখিলেই ভাগ্যলক্ষ্মীৰ কৃপাত সুখ সৌভাগ্য বাঢ়িব৷ কি কি ছবি ঘৰত লগাব, বাস্তুৱে কি কয়?

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

NB NEWS- নতুন ঘৰ ক্ৰয় কৰাৰ পাছত সজ্জাত বিশেষ গুৰুত্ব প্ৰত্যেকেই দিয়ে৷ সৰু সৰু সামগ্ৰীৰো বিশেষ গুৰুত্ব থাকে৷ গৃহসজ্জাৰ বাবে সামগ্ৰী ক্ৰয় কৰোতে আমি প্ৰত্যেকেই সুন্দৰ ছবি ক্ৰয়তো গুৰুত্ব দিও৷ কোনো কোনোৱে নিজৰ পছন্দৰ কোনো প্ৰাণীৰ ছবি ঘৰত ৰাখে৷ বাস্তু শাস্ত্ৰতো ছবি লগোৱাৰ কথা উল্লেখ আছে৷ ঘৰত কেনেকুৱা ছবি লগালে সুখ, সমৃদ্ধি আৰু উন্নতি সম্ভৱ? সেই বিষয়েও বাস্তু শাস্ত্ৰত বিস্তাৰিতভাৱে জনোৱা হৈছে৷ কি ছবিয়ে আপোনাক সফলতাৰ দিশে আগুৱাই নিয়ে আৰু কোন ছবিয়ে ইতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি কৰিব পাৰে সেই বিষয়েও উল্লেখ আছে৷

সাতটা ঘোঁৰা

বাস্তু অনুসৰি ঘৰ বা কাৰ্যালয়ত দৌৰি থকা ঘোঁৰাৰ ছবি লগালে সাফল্য, সৌভাগ্য লাভ, উন্নতি, শক্তি বৃদ্ধি হ’ব৷ দক্ষিণ দিশত এই ছবি আঁৰিলে জনপ্ৰিয়তা আৰু সাফল্য লাভ কৰা সম্ভৱ৷ পাৰিবাৰিক সমৃদ্ধিৰ বাবে উত্তৰ দিশতহে এই ছবি লগাব৷ পূব দিশত এই ছবি লগালে কেৰিয়াৰত উন্নতি সম্ভৱ৷ বৈঠকখান, পঢ়া ৰুম  বা কাৰ্যালয়ৰ কেবিনত এই ছবি লগাব পাৰে৷

জুৰিৰ ছবি

বাস্তু শাস্ত্ৰ অনুসৰি জুৰিৰ ছবি লগালে সমৃদ্ধি, প্ৰাচুৰ্য, ইতিবাচক শক্তি বৃদ্ধি পায়৷ শক্তিৰ প্ৰবাহক এই ছবিয়ে প্ৰতিনিধিত্ব কৰে৷ বাস্তু অনুসৰি জুৰিৰ ছবিয়ে সুখ, আনন্দ আৰু শান্তিও বৃদ্ধি কৰে৷ ঘৰৰ উত্তৰ দিশৰ মধ্যভাগৰ পৰা আৰম্ভ কৰি পূবৰ মাজলৈকে এই ছবি লগালে ইতিবাচক শক্তিৰ প্ৰভাৱ বাঢ়ে৷ ভূলতো উত্তৰ-পশ্চিম বা দক্ষিণ-পশ্চিম দিশত এই ছবি নলগাব৷ ইয়াৰ ফলত পৰিয়ালত মহিলাসকলৰ সমস্যা বাঢ়িব পাৰে৷

বুদ্ধ

বাস্তু অনুসৰি ঘৰত বুদ্ধৰ ছবি বা মূৰ্তি ৰাখিলে মানসিক সুস্বাস্থ্য লাভ কৰা সম্ভৱ৷ ইয়াৰোপৰি পৰিয়ালত শান্তি আৰু ব্যক্তি নিৰ্ভিঘ্নে সাফল্যৰ পথত আগুৱাই যাব৷ নিৰাপত্তাৰ বাবে বাস্তু অনুসৰি ঘৰৰ প্ৰৱেশ দ্বাৰৰ ৰক্ষা মুদ্ৰাত বুদ্ধৰ মূৰ্তি বা ছবি ৰখা উচিত৷ মাজত বা ৱালত তিনিফুট ওপৰত এই ছবি লগাব৷ পশ্চিম দিশত মুখ কৰি এই ছবি লগাব৷ ইয়াৰ ফলত মানসিক অৱসাদ দূৰ হয়৷ ধ্যান মুদ্ৰাত থকা বুদ্ধৰ ছবি লগাব পাৰে৷ ইয়াৰ ফলত একাগ্ৰতা বৃদ্ধি পায়৷

ময়ূৰ

বাস্তু শাস্ত্রত ময়ূৰক সৌভাগ্য আৰু সৌন্দৰ্যৰ প্ৰতীক বুলি ধৰা হয়৷ ঘৰত ময়ূৰৰ ছবি লগাতে ইতিবাচক শক্তি আৰু সৌভাগ্য বৃদ্ধি পায়৷ বাস্তু অনুসৰি দক্ষিণ দিশত ময়ূৰৰ ছবি লগালে অৰ্থ আগমন হয়৷ দক্ষিণ পূৱ দিশত লগালে আত্মবিশ্বাস বাঢ়ে৷ অন্যহাতে দক্ষিণ পশ্চিমৰ দেৱালত দুটা ময়ূৰৰ ছবি লগালে দাম্পত্য জীৱনত মাধুৰ্য থাকে৷ পেছাগত জীৱনত সাফল্যৰ বাবে ঘৰ বা কাৰ্যালয়ত উত্তৰ-পশ্চিম দিশত ময়ূৰৰ ছবি লগাব৷ সোনালী ফ্ৰেমত ঘৰৰ পশ্চিম দেৱালত এই ছবি ৰাখিলে একাগ্ৰতা বৃদ্ধি পায়৷

পদুমফুল

বাস্তু শাস্ত্ৰত পদুমক নৈতিকতা আৰু ইতিবাচক শক্তিৰ প্ৰতিনিধি বুলি কোৱা হয়৷ ঘৰৰ ব্ৰহ্মস্থানত পদুম ফুলৰ ছবি ৰাখিলে ইতিবাচক শক্তিৰ সৃষ্টি হয়৷ ইয়াৰোপৰি উত্তৰ পূব দিশতো এই ছবি ৰাখিব পাৰে৷ এই স্থানত পদুম ৰাখিলে অৰ্থ আহে৷

পাহাৰ-পৰ্বত

পাহাৰৰ ছবিয়ে পৰিয়ালত ব্যপ্ত নেতিবাচক শক্তিক দূৰ কৰে৷ বাস্তু পৰামৰ্শ অনুসৰি সঠিত স্থানত পাহাৰৰ ছবি লগোৱাটো শুভ৷ বাস্তু অনুসৰি ঘৰ বা কাৰ্যালয়ৰ দক্ষিণ-পশ্চিম দিশত পাহাৰৰ ছবি লগালে পজিটিভ শক্তি উৎপন্ন হয়৷ উল্লেখ্য যে ঘৰৰ দক্ষিণ বা দক্ষিণ-পশ্চিম দিশত বাস্তু দোষ থাকে৷ বাস্তু দোষৰ নেতিবাচক প্ৰভাৱৰ পৰা মুক্তি পাবলৈ এই দিশত পাহাৰৰ পেণ্টিং লগোৱাটো শ্ৰেয়৷

উঁট

ব্যৱসায়ত উন্নতিৰ বাবে উঁটৰ ছবি লগোৱাটো শুভ৷ ঘৰ বা কাৰ্যালয়ৰ পশ্চিম দিশত উঁটৰ ছবি লগালে ব্যৱসায়িক ক্ষেত্ৰত উন্নতি হয়৷ সহদ আৰু সমস্যামুক্ত জীৱন কামনা কৰাসকলে ডাইনিং হলত উঁটৰ ছবি লগাব৷ ইয়াৰ ফলত পৰিয়ালত ইতিবাচক শক্তি সঞ্চাৰিত হয়৷

হাঁহ

বাস্তু শাস্ত্ৰক হাঁহক প্ৰেম, বাৎসল্য আৰু পবিত্ৰতাৰ প্ৰতীক বুলি কোৱা হয়৷ শয়নকক্ষৰ উত্তৰৰ দেৱালত হাঁহৰ ছবি লগালে স্বামী-স্ত্ৰীৰ মাজত প্ৰেম ভালপোৱা বৃদ্ধি পায়৷ ইয়াৰোপৰি সুখ-সমৃদ্ধি বাঢ়ে৷ ইয়াৰোপৰি ইতিবাচক শক্তি আৰু ধনলাভৰ বাবেওঁ হাঁহৰ ছবি লগাব পাৰে৷ হাঁহৰ ছবিয়ে নেতিবাচক শক্তি দূৰ কৰা, ব্যৱসায় আৰু চাকৰিতো উন্নতিৰ সপোন পূৰণ কৰে৷

মাছ

ঘৰত মাছৰ ছবি লগোৱাটো অত্যন্ত শুভ৷ মাছ জীৱন্ত শক্তিৰ প্ৰতীক৷ ঘৰত মাছৰ ছবি লগালে পৰিয়ালৰ সদস্যৰ আয়ুস বৃদ্ধি পায়৷ মাছৰ ছবি ৰাখিলে সুখ, সমৃদ্ধি আৰু ধন বৃদ্ধি পায়৷ সোনালী মাছৰ ছবিয়ে চাকৰি আৰু কেৰিয়াৰত সাফল্যৰ পথ প্ৰশস্ত কৰে৷ উত্তৰ-পূব বা পূব দিশত মাছৰ ছবি ৰাখিলে ইতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি পায়৷

কি ছবি নলগাব

বাস্তু অনুসৰি মহাভাৰতৰ যুদ্ধ বা কোনো যুদ্ধৰ ছবি ঘৰত ৰখা উচিত নহয়৷ ইয়াৰোপৰি কবৰ, সমাধিৰ ছবি লগালেও নেতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি পায়৷ তাজমহল দেখাত যিমানেই সুন্দৰ নহওক কিয় সেয়া এক কবৰহে সেয়ে ঘৰত তাজমহলৰ ফটো ৰখাটো বাস্তুমতে অনুচিত৷ ইয়াৰপৰি নটৰাজ, অস্তগামী সূৰ্য, হিংস্ৰ প্ৰাণীৰ ছবি ঘৰত নলগাব৷ অন্যথা পৰিয়ালত বিভেদ, তিক্ততা বৃদ্ধি পাব৷

 

 

 

Tags:

Tags:

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *