মিঠাতেলত ব্যৱহাৰ কৰক কেৱল মাত্ৰ ১ বিধ সামগ্ৰী, পাহৰি যাব চুলিত ৰং কৰাৰ কথা

মিঠাতেলত ব্যৱহাৰ কৰক কেৱল মাত্ৰ ১ বিধ সামগ্ৰী, পাহৰি যাব চুলিত ৰং কৰাৰ কথা

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

মিঠাতেলত ব্যৱহাৰ কৰক কেৱল মাত্ৰ ১ বিধ সামগ্ৰী, পাহৰি যাব চুলিত ৰং কৰাৰ কথা

অকাল পক্কতা আজিৰ দিনত একেবাৰে সাধাৰণ কথা। প্ৰায় সকলোৰে আজিৰ দিনত চুলি পকা দেখা যায়। কেৱল বুঢ়া হলেই নহয় ডেকা বয়সতো চুলি পকা দেখা যায়। যাৰ বাবে বৰ্তমান সময়ত বহু লোকেই চুলিত বিভিন্ন ধৰণৰ কেমিকেল সামগ্ৰী ব্যৱহাৰ কৰা দেখা যায়।

কোনোৱে যদি চুলি কলা কৰি ৰাখিবৰ বাবে চুলিত ৰং সানে, কোনোৱে আকৌ চুলি দেখিবলৈ ধুনিয়া হবৰ বাবে চুলিত ৰং সানা দেখা যায়। পাছে এনেদৰে ৰং কৰাটো চুলিৰ বাবে কিমান উপযোগী।

সেয়ে ব্যৱহাৰ কৰিব পাৰে এবিধ বিশেষ সামগ্ৰী। যাৰ ব্যৱহাৰে আপোনাৰ চুলি সুস্থ সবল কৰি তুলিব। ইয়াৰ বাবে প্ৰয়োজন কেৱল আপোনাৰ পাকঘৰত থকা সৰিয়হ বা মিঠাতেল। যি মিঠাতেলেৰে খাদ্য প্ৰস্তুত কৰে সেই মিঠাতেলেই ব্যৱহাৰ কৰি লাভ কৰিব পাৰে ভাল চুলি।

মিঠাতেলত মাত্ৰ এবিধ সামগ্ৰী ব্যৱহাৰ কৰিলেই লাভ কৰিব ভাল চুলি। সেই সামগ্ৰীবিধো পাব আপোনাৰেই পাকঘৰত। সেয়া হৈছে হালধী। মিঠাতেল আৰু হালধীৰ ব্যৱহাৰেৰে লাভ কৰিব প্ৰাকৃতিক হেয়াৰ ডাই। যিয়ে আপোনাৰ চুলি কৰি তুলিব কলা।

কিদৰে ব্যৱহাৰ কৰিব-
১- এই মিশ্ৰণৰ বাবে লাগিব ৩ৰ পৰা ৪ চামুচ মিঠা তেল।
২- এটা লোহাৰ কেৰাহীত এই তেলখিনি গৰম কৰক
৩-এতিয়া তেলখিনিত ২ চামুচ হালধী দি দিয়ক
৪- জুই একেবাৰে কম কৰি দিয়ক, অন্যথা হালধী জ্বলি যাব। সামগ্ৰী খিনি জ্বলিবলৈ দিব নালাগে।
৫- তেলখিনি পাছত এটা পাত্ৰত উলিয়াও লওক।
৬- এতিয়া এই মিশ্ৰণটোত এটা ই ভিটামিনৰ কেপচুল মিহলাই দিব।
৭- সম্পূৰ্ণ ৰূপে ঠাণ্ডা হোৱাৰ পাছত এতিয়া আপোনাৰ চুলিত গুৰিৰ পৰা শেষলৈকে ভালদৰে লগওক।
৮- কমেও ২ ঘণ্টা মান থকাৰ পাছত পাতল ছেম্পুৰে ধুই দিয়ক।
৯- এনেদৰে মাহত কমেও ২ বাৰ লগাওক আৰু এমাহৰ ভিতৰতে আচৰিত পাৰ্থক্য লাভ কৰক।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *