পাকঘৰত সহজতে পোৱা আলুৰ ব্যৱহাৰেৰে উজলাই তোলক আপোনাৰ ছাল

পাকঘৰত সহজতে পোৱা আলুৰ ব্যৱহাৰেৰে উজলাই তোলক আপোনাৰ ছাল

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

পাকঘৰত সহজতে পোৱা আলুৰ ব্যৱহাৰেৰে উজলাই তোলক আপোনাৰ ছাল

স্বাস্থ্যৰ যত্নৰ লগতে সৌন্দৰ্য চৰ্চা আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ। সুন্দৰ হৈ থাকিবলৈ সকলোৰে মন যায়। পাছে বহুতৰে বহুতো সমস্যা। কাৰোবাৰ অৰ্থৰ, কাৰোবাৰ সময়ৰ, আন কাৰোবাৰ আকৌ বিভিন্ন ছালৰ সমস্যা। যি কোনো সামগ্ৰী ব্যৱহাৰ কৰিব নোৱাৰে।

কিন্তু তাৰেই মাজতে সমস্যাবিহীন এক ছালৰ গৰাকী হোৱাৰ আশা সকলো পুৰুষ কিম্বা মহিলাৰে। কাৰোবাৰ হয়তো শালমন, ক’লা দাগৰ সমস্যা আৰু আন কাৰোবাৰ হয়তো বয়সৰ চাপ, হোৱাইট হেডছ, ব্লেকহেডছৰ সমস্যা।

সঠিক খাদ্যাভ্যাস, ভাল টোপনি, সুন্দৰ এটা মন আৰু ছালৰ সঠিক যত্নই হৈছে সুন্দৰ হোৱাৰ মূলমন্ত্র। পাছে বজাৰৰ সামগ্ৰীৰ সলনি ঘৰত অতি সহজতে পোৱা এবিধ সামগ্ৰীৰ সহায়ত লাভ কৰিব পাৰে দাগবিহীন সুন্দৰ ছাল।

সেই সামগ্ৰী বিধেই হৈছে আলু। আলুৱে ছালৰ বিভিন্ন সমস্যা দূৰ কৰি এখন সুন্দৰ ছালৰ গৰাকী হোৱাত সহায় কৰে। আলুত প্ৰচুৰ পৰিমাণে ভিটামিন B, ভিটামিন C, ভিটামিন K, কপাৰ, ছালফাৰ আছে যাৰ বাবে ই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।

কেৱল ছালৰ উজ্জলতাই নহয়, আলুৰ ব্যৱহাৰে বয়সৰ চাপ কমায়, ক’লা দাগ দূৰ কৰে আৰু ছালৰ মৃত কোষ আঁতৰোৱাত সহায় কৰে।

কিদৰে ব্যৱহাৰ কৰিব-
১- মুখৰ ক’লা দাগ-
এটা আলুৰ ৰস, এচামুছ নেমুৰ ৰস আৰু মূলতানি মাটিৰ ফেচপেক লগাই ১৫ মিনিটৰ পিছত ধুই পেলাওক। এই পেক তৈলাক্ত ছালৰ বাবে উপকাৰী।

শুকান ছালৰ গৰাকী সকলে আলুৰ ৰস, গোলাপ জল আৰু মৌৰ মাস্ক ব্যৱহাৰ কৰিলে সুফল পাব।

কেৱল কেঁচা আলুৰ ৰস লগালেও সুফল পাব।

২- চকুৰ তলৰ ক’লা দাগ-
আলু পাতল পাতল কৈ চকলিয়াই লৈ চকুৰ পতাত লগাওঁক ১০-১৫ মিনিট মান ৰাখি পিছত ধুই পেলাওক। সপ্তাহত দুই তিনিদিন এনেদৰে কৰিলে সুফল পাব।

শুকান ছালৰ গৰাকীসকলে এটা আলুৰ পেষ্ট বনাই তাৰ লগত মৌ মিহলাই কপাহেৰে চকুৰ তলৰ ক’লা পৰা অংশত লগাওক।

আলুৰ ৰসৰ লগত সম পৰিমানে নেমুৰ ৰস লগালেও চকুৰ তলৰ কলা দাগ কমি যায়।

৩-বয়সৰ চাপ –
আলুৰ পেষ্ট আৰু দৈ সম পৰিমাণে লৈ মাস্ক হিচাপে ১০ৰ পৰা ১৫ মিনিটৰ বাবে লগাওঁক। শুকান ছালৰ বাবে ইয়াৰ লগত সম পৰিমানে অলিভ অইল মিহলাই মাস্ক হিচাপে ব্যৱহাৰ কৰিব পাৰে।

৪- ৰ’দে পোৰা ছাল
এই সমস্যাত আলুৰ ৰস, তিয়ঁহৰ ৰস, বিলাহীৰ ৰস সম পৰিমাণে মিহলাই ১০-১৫ মিনিট মান লগাই পিছত শীতল পানীৰে ধুই দিয়ক। সপ্তাহত ৩ দিন তেনে কৰিলে সুফল লাভ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *