ভাগ্য সুপ্ৰসন্ন, ভোট দিলে আৰু পাই গ’ল হীৰাৰ আঙুঠি

ভাগ্য সুপ্ৰসন্ন, ভোট দিলে আৰু পাই গ’ল হীৰাৰ আঙুঠি

Facebook
Twitter
LinkedIn
Facebook
Twitter
LinkedIn

ভাগ্য সুপ্ৰসন্ন, ভোট দিলে আৰু পাই গ’ল হীৰাৰ আঙুঠি

লোকসভা নিৰ্বাচনৰ মাজতে আহিছে ভাগ্য সুপ্ৰসন্ন হোৱা এক খবৰ। ভোট দিয়ে লাভ কৰিলে হীৰাৰ আঙুঠি। তিনিগৰাকী লোকে লাভ কৰিলে হীৰাৰ আঙুঠি।

এই খবৰ মধ্যপ্ৰদেশৰ ভোপাল চহৰৰ। এই ৰাজ্যখনত জনতাক আকৰ্ষণ কৰাৰ বাবেই এই হীৰাৰ আঙুঠি দিয়া গৈছিল লাকী ড্ৰ’ৰ জৰিয়তে।

জানিব পৰা অনুসৰি, ৰাজ্যখনত প্ৰত্যকবাৰেই নিৰ্বাচনত জনসংখ্যা হিচাপে বহুত কম ভোটদান সম্পন্ন হয়। যাৰ বাবেই এইবাৰৰ লোকসভা নিৰ্বাচনত জনতাক আকৰ্ষণ বাবেই চৰকাৰে এইদৰে লোকসভা নিৰ্বাচনত এই উপহাৰ কুপনৰ আয়োজন কৰিছিল।

ৰাজ্যখনৰ কেইবাঠাইতো কৰা এই উপহাৰ কুপনৰ খেলত ৩ গৰাকী লোকে লাভ কৰে হীৰাৰ আঙুঠি। লগতে অন্য কেইবাগৰাকী লোক লাভ কৰে অন্য সমাগ্ৰী। কোনোৱে যদি লাভ কৰে হীৰাৰ আঙুঠি কোনোৱে লাভ কৰে, মিক্সী, ৱাটাৰ কুলাৰ, টিভি, ফ্ৰিজ টি চাৰ্ট, আদি।

কিন্তু ইমানৰ পাছতো ৰাজ্যখনত কালিৰ দিনটোত কেৱল ৬৬ শতাংশহে ভোটদান সম্পন্ন হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

Leave a Reply

Your email address will not be published. Required fields are marked *